• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনলাইন প্ৰতাৰণাত টকা হেৰুৱালে ২৫ হাজাৰ টকা পৰ্যন্ত ধন ঘূৰাই দিব আৰ বি আইয়ে, জানি লওক নতুন নিয়ম

ডিজিটেল পেমেণ্ট জালিয়াতিৰ বলি হোৱা সাধাৰণ গ্ৰাহকক সকাহ দিয়াৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 25, 2026 4:40 pm
ফটোঃ এআই।

ফটোঃ এআই।

51
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়ালৈকে চাইবাৰ জালিয়াতিৰ বলি হোৱা লোকসকলৰ এটা ডাঙৰ চিন্তা আছিল যে একাউণ্টৰ পৰা টকা নোহোৱা হৈ গ’লেই সেই ধন ঘূৰাই পোৱাটো প্ৰায় অসম্ভৱ। ভুৱা KYC আপডেট, ফিছিং লিংক বা মোবাইলত কোনো ক্ষতিকাৰক এপ ডাউনলোড কৰা – অজানিতে ভুল ক্লিকৰ বাবে বেংক একাউণ্ট নিমিষতে খালী হৈ যায়। তাৰ পিছত বেংকত দৌৰাদৌৰি কৰি দিনৰ পিছত দিন তদন্তৰ অন্তত হতাশ হৈ পৰাটো এখন স্বাভাৱিক ছবি। কিন্তু এতিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকে এই চিনাকি ছবিখন সম্পূৰ্ণৰূপে সলনি কৰিবলৈ ওলাইছে।

ডিজিটেল পেমেণ্ট জালিয়াতিৰ বলি হোৱা সাধাৰণ গ্ৰাহকক সকাহ দিয়াৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। আৰ বি আইৰ নতুন কাঠামো অনুসৰি অনলাইন জালিয়াতিৰ বলি হোৱা গ্ৰাহকে এতিয়া ২৫ হাজাৰ টকা পৰ্যন্ত ক্ষতিপূৰণ বা ৰিফাণ্ড লাভ কৰিব পাৰিব।

Apply Now

একে সময়তে বাণিজ্যিক বেংকসমূহক জালিয়াতি ৰোধ কৰিবলৈ আভ্যন্তৰীণ সুৰক্ষা আৰু বিপদ ব্যৱস্থাপনা কটকটীয়া কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই নতুন নিয়ম ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হ’ব।

এই টকা কেনেকৈ পাব? চৰ্তবোৰ জানি লওক

অকৰ্তৃত্বশীল ডিজিটেল লেনদেন বা জালিয়াতিৰ ক্ষেত্ৰত গ্ৰাহকে তেওঁলোকৰ ধন ঘূৰাই পোৱাৰ বাবে ৰিজাৰ্ভ বেংকে এক স্পষ্ট আৰু নিৰ্দিষ্ট পথ সৃষ্টি কৰিছে। নতুন নিয়ম অনুসৰিঃ

  • যদি কোনো গ্ৰাহক অনলাইন জালিয়াতিৰ বলি হয় তেন্তে তেওঁৰ দৃষ্টিগোচৰ হোৱাৰ ৫ দিনৰ ভিতৰত সংশ্লিষ্ট বেংকক অৱগত কৰিব লাগিব।
  • যদি এই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত জালিয়াতিৰ প্ৰতিবেদন দাখিল কৰা হয়, তেন্তে তদন্তৰ প্ৰতিবেদন আৰু চৰ্ত সাপেক্ষে গ্ৰাহকে ২৫ হাজাৰ টকা পৰ্যন্ত ক্ষতিপূৰণৰ অধিকাৰী হ’ব।

সহজ ভাষাত ক’বলৈ গ’লে ইউপিআই, ইণ্টাৰনেট বেংকিং আৰু মোবাইল লেনদেনৰ ব্যাপক বৃদ্ধিৰ লগে লগে দেশৰ নিয়ন্ত্ৰক কৰ্তৃপক্ষই প্ৰতাৰিত গ্ৰাহকক অকলে এৰি দিব বিচৰা নাই।

বেংকৰ ভিতৰত স্থাপন কৰা হৈছে কঠোৰ এআই নিৰীক্ষণ

কেৱল গ্ৰাহকক ক্ষতিপূৰণ দিয়াই নহয়, উৎসৰ পৰা জালিয়াতি বন্ধ কৰাৰ ক্ষেত্ৰতো বেংকসমূহক আগবাঢ়ি থকাটো বিচাৰে আৰ বি আইয়ে। শেহতীয়াকৈ কেন্দ্ৰীয় বেংকে ‘মডেল ৰিস্ক মেনেজমেণ্ট’ৰ ওপৰত এক খচৰা নিৰ্দেশিকা প্ৰকাশ কৰিছে। য’ত বিত্তীয় প্ৰতিষ্ঠানসমূহত কৃত্ৰিম বুদ্ধিমত্তা (AI), মেচিন লাৰ্নিং আৰু স্বয়ংক্ৰিয় সিদ্ধান্ত গ্ৰহণ ব্যৱস্থাৰ ব্যৱহাৰ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

বৰ্তমান সময়ত বেংকসমূহে সন্দেহজনক লেনদেন বা জালিয়াতিৰ প্ৰকাৰৰ ৰিয়েল টাইমত ধৰা পেলাবলৈ এআইৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। যদি এই প্ৰযুক্তি আৰু অধিক বিকশিত কৰা হয় তেন্তে গ্ৰাহকৰ একাউণ্টৰ পৰা ধন উলিওৱাৰ পূৰ্বে সন্দেহজনক লেনদেন বন্ধ কৰা সম্ভৱ হ’ব।

আমেৰিকা আৰু ব্ৰিটেইনতকৈ এখোজ আগবাঢ়ি আছে ভাৰত

প্ৰসিদ্ধ বিত্তীয় উপদেষ্টা সংস্থা ই ৱাই ইণ্ডিয়াৰ অংশীদাৰ আৰু বিত্তীয় সেৱা ৰিস্ক মেনেজমেণ্টৰ লীডাৰ অজয় ​​ছিৰিকোণ্ডাই কয় যে আৰ বি আইৰ এই গাইডলাইন ভাৰতীয় বেংকিং খণ্ডৰ বাবে এক যুগান্তকাৰী গাইডবুক হ’বলৈ গৈ আছে। তেওঁৰ ভাষাত, “আৰ বি আইৰ খচৰা নিৰ্দেশনা মডেল আৰু এ আই ৰিস্ক মেনেজমেণ্টৰ ক্ষেত্ৰত এক অতি আদৰণীয় পদক্ষেপ। কিছুমান দিশত ই আমেৰিকাৰ নিয়ন্ত্ৰক বা ব্ৰিটেইনৰ ‘পি আৰ এ’তকৈ এখোজ আগুৱাই আছে। কাৰণ ই এ আই প্ৰযুক্তি, থাৰ্ড পাৰ্টি মডেল আৰু গ্ৰাহক সুৰক্ষা -তিনিওটাকে একেটা ফ্ৰেমত বান্ধি ৰাখিছে।”

তেওঁ আৰু কয় যে ইয়াৰ পূৰ্বে বহু বেংকে এআই প্ৰযুক্তিৰ ওপৰত খৰচ কৰিবলৈ বা ব্যৱহাৰ কৰিবলৈ ভয় কৰিছিল কাৰণ কি অনুমতি দিয়া হৈছে আৰু কি দিয়া নাই সেই সম্পৰ্কে অনিশ্চয়তা আছিল। আৰ বি আইয়ে এতিয়া সেই অনিশ্চয়তা আঁতৰাই পেলাইছে। ফলত এতিয়া বেংকসমূহে এই প্ৰযুক্তি বহু বেছি আত্মবিশ্বাসেৰে ব্যৱহাৰ কৰি জালিয়াতি ৰোধ কৰিব পাৰিব।

এই নতুন নিয়মৰ চাবিকাঠি নিহিত হৈ আছে গ্ৰাহকৰ সজাগতাৰ ওপৰতে। টকা হেৰুৱালে সময় নষ্ট নকৰাকৈ যিমান সোনকালে পাৰে বেংক আৰু চাইবাৰ চেলত খবৰ দিব লাগে। যিমানেই সোনকালে ৰিপৰ্ট কৰিব সিমানেই আপোনাৰ ধন ঘূৰাই পোৱাৰ সম্ভাৱনা উজ্জ্বল হ’ব। কোৱা বাহুল্য যে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা এই নিয়ম কাৰ্যকৰী হ’লে সাধাৰণ মানুহৰ ডিজিটেল লেনদেন বহুত বেছি সুৰক্ষিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd