এতিয়ালৈকে চাইবাৰ জালিয়াতিৰ বলি হোৱা লোকসকলৰ এটা ডাঙৰ চিন্তা আছিল যে একাউণ্টৰ পৰা টকা নোহোৱা হৈ গ’লেই সেই ধন ঘূৰাই পোৱাটো প্ৰায় অসম্ভৱ। ভুৱা KYC আপডেট, ফিছিং লিংক বা মোবাইলত কোনো ক্ষতিকাৰক এপ ডাউনলোড কৰা – অজানিতে ভুল ক্লিকৰ বাবে বেংক একাউণ্ট নিমিষতে খালী হৈ যায়। তাৰ পিছত বেংকত দৌৰাদৌৰি কৰি দিনৰ পিছত দিন তদন্তৰ অন্তত হতাশ হৈ পৰাটো এখন স্বাভাৱিক ছবি। কিন্তু এতিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকে এই চিনাকি ছবিখন সম্পূৰ্ণৰূপে সলনি কৰিবলৈ ওলাইছে।
ডিজিটেল পেমেণ্ট জালিয়াতিৰ বলি হোৱা সাধাৰণ গ্ৰাহকক সকাহ দিয়াৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। আৰ বি আইৰ নতুন কাঠামো অনুসৰি অনলাইন জালিয়াতিৰ বলি হোৱা গ্ৰাহকে এতিয়া ২৫ হাজাৰ টকা পৰ্যন্ত ক্ষতিপূৰণ বা ৰিফাণ্ড লাভ কৰিব পাৰিব।
একে সময়তে বাণিজ্যিক বেংকসমূহক জালিয়াতি ৰোধ কৰিবলৈ আভ্যন্তৰীণ সুৰক্ষা আৰু বিপদ ব্যৱস্থাপনা কটকটীয়া কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই নতুন নিয়ম ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হ’ব।
এই টকা কেনেকৈ পাব? চৰ্তবোৰ জানি লওক
অকৰ্তৃত্বশীল ডিজিটেল লেনদেন বা জালিয়াতিৰ ক্ষেত্ৰত গ্ৰাহকে তেওঁলোকৰ ধন ঘূৰাই পোৱাৰ বাবে ৰিজাৰ্ভ বেংকে এক স্পষ্ট আৰু নিৰ্দিষ্ট পথ সৃষ্টি কৰিছে। নতুন নিয়ম অনুসৰিঃ
- যদি কোনো গ্ৰাহক অনলাইন জালিয়াতিৰ বলি হয় তেন্তে তেওঁৰ দৃষ্টিগোচৰ হোৱাৰ ৫ দিনৰ ভিতৰত সংশ্লিষ্ট বেংকক অৱগত কৰিব লাগিব।
- যদি এই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত জালিয়াতিৰ প্ৰতিবেদন দাখিল কৰা হয়, তেন্তে তদন্তৰ প্ৰতিবেদন আৰু চৰ্ত সাপেক্ষে গ্ৰাহকে ২৫ হাজাৰ টকা পৰ্যন্ত ক্ষতিপূৰণৰ অধিকাৰী হ’ব।
সহজ ভাষাত ক’বলৈ গ’লে ইউপিআই, ইণ্টাৰনেট বেংকিং আৰু মোবাইল লেনদেনৰ ব্যাপক বৃদ্ধিৰ লগে লগে দেশৰ নিয়ন্ত্ৰক কৰ্তৃপক্ষই প্ৰতাৰিত গ্ৰাহকক অকলে এৰি দিব বিচৰা নাই।
বেংকৰ ভিতৰত স্থাপন কৰা হৈছে কঠোৰ এআই নিৰীক্ষণ
কেৱল গ্ৰাহকক ক্ষতিপূৰণ দিয়াই নহয়, উৎসৰ পৰা জালিয়াতি বন্ধ কৰাৰ ক্ষেত্ৰতো বেংকসমূহক আগবাঢ়ি থকাটো বিচাৰে আৰ বি আইয়ে। শেহতীয়াকৈ কেন্দ্ৰীয় বেংকে ‘মডেল ৰিস্ক মেনেজমেণ্ট’ৰ ওপৰত এক খচৰা নিৰ্দেশিকা প্ৰকাশ কৰিছে। য’ত বিত্তীয় প্ৰতিষ্ঠানসমূহত কৃত্ৰিম বুদ্ধিমত্তা (AI), মেচিন লাৰ্নিং আৰু স্বয়ংক্ৰিয় সিদ্ধান্ত গ্ৰহণ ব্যৱস্থাৰ ব্যৱহাৰ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
বৰ্তমান সময়ত বেংকসমূহে সন্দেহজনক লেনদেন বা জালিয়াতিৰ প্ৰকাৰৰ ৰিয়েল টাইমত ধৰা পেলাবলৈ এআইৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। যদি এই প্ৰযুক্তি আৰু অধিক বিকশিত কৰা হয় তেন্তে গ্ৰাহকৰ একাউণ্টৰ পৰা ধন উলিওৱাৰ পূৰ্বে সন্দেহজনক লেনদেন বন্ধ কৰা সম্ভৱ হ’ব।
আমেৰিকা আৰু ব্ৰিটেইনতকৈ এখোজ আগবাঢ়ি আছে ভাৰত
প্ৰসিদ্ধ বিত্তীয় উপদেষ্টা সংস্থা ই ৱাই ইণ্ডিয়াৰ অংশীদাৰ আৰু বিত্তীয় সেৱা ৰিস্ক মেনেজমেণ্টৰ লীডাৰ অজয় ছিৰিকোণ্ডাই কয় যে আৰ বি আইৰ এই গাইডলাইন ভাৰতীয় বেংকিং খণ্ডৰ বাবে এক যুগান্তকাৰী গাইডবুক হ’বলৈ গৈ আছে। তেওঁৰ ভাষাত, “আৰ বি আইৰ খচৰা নিৰ্দেশনা মডেল আৰু এ আই ৰিস্ক মেনেজমেণ্টৰ ক্ষেত্ৰত এক অতি আদৰণীয় পদক্ষেপ। কিছুমান দিশত ই আমেৰিকাৰ নিয়ন্ত্ৰক বা ব্ৰিটেইনৰ ‘পি আৰ এ’তকৈ এখোজ আগুৱাই আছে। কাৰণ ই এ আই প্ৰযুক্তি, থাৰ্ড পাৰ্টি মডেল আৰু গ্ৰাহক সুৰক্ষা -তিনিওটাকে একেটা ফ্ৰেমত বান্ধি ৰাখিছে।”
তেওঁ আৰু কয় যে ইয়াৰ পূৰ্বে বহু বেংকে এআই প্ৰযুক্তিৰ ওপৰত খৰচ কৰিবলৈ বা ব্যৱহাৰ কৰিবলৈ ভয় কৰিছিল কাৰণ কি অনুমতি দিয়া হৈছে আৰু কি দিয়া নাই সেই সম্পৰ্কে অনিশ্চয়তা আছিল। আৰ বি আইয়ে এতিয়া সেই অনিশ্চয়তা আঁতৰাই পেলাইছে। ফলত এতিয়া বেংকসমূহে এই প্ৰযুক্তি বহু বেছি আত্মবিশ্বাসেৰে ব্যৱহাৰ কৰি জালিয়াতি ৰোধ কৰিব পাৰিব।
এই নতুন নিয়মৰ চাবিকাঠি নিহিত হৈ আছে গ্ৰাহকৰ সজাগতাৰ ওপৰতে। টকা হেৰুৱালে সময় নষ্ট নকৰাকৈ যিমান সোনকালে পাৰে বেংক আৰু চাইবাৰ চেলত খবৰ দিব লাগে। যিমানেই সোনকালে ৰিপৰ্ট কৰিব সিমানেই আপোনাৰ ধন ঘূৰাই পোৱাৰ সম্ভাৱনা উজ্জ্বল হ’ব। কোৱা বাহুল্য যে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা এই নিয়ম কাৰ্যকৰী হ’লে সাধাৰণ মানুহৰ ডিজিটেল লেনদেন বহুত বেছি সুৰক্ষিত হ’ব।





