NORTHEAST NOW (Assamese)

বৰাক উপত্যকাৰ ৫১, নলবাৰীৰ ১টা কেন্দ্ৰত আৰম্ভ পুনৰ ভোটগ্ৰহণ

December 11, 2018 8:08 am · এন ই নাও নিউজ
Updated: December 11, 2018 8:53 am
প্ৰতিনিধিত্বমূলক চিত্ৰ

বৰাক উপত্যকাৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ ৫১টা ভোটকেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। কাছাৰৰ ১৩টা কেন্দ্ৰ, কৰিমগঞ্জৰ ৩৭টা কেন্দ্ৰ আৰু হাইলাকান্দি জিলাৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত ৰাতিপুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰে।

উল্লেখ্য যে যোৱা ৯ ডিচেম্বৰত ৰাজ্যৰ ১০খন জিলা আৰু তিনিটা মহকুমাত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সমাপ্ত হয় যদিও বৰাক উপত্যকাৰ উক্ত কেন্দ্ৰ কেইটাত বিভিন্ন খেলিমেলি তথা বিসংগতিয়ে দেখা দিছিল। যাৰ ফলত সেই দিনটোত ভোটদান প্ৰক্ৰিয়া বন্ধ কৰিবলৈ বাধ্য হৈছিল প্ৰশাসন।

ইফালে নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত চামতা উত্তম সুন্দৰী মজলীয়া বিদ্যালয়ৰ ২৫ (১০) নং ভোটকেন্দ্ৰতো আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।

জানিব পৰা মতে চামতাৰ উক্ত ভোটকেন্দ্ৰটোত ভোটগ্ৰহণৰ সময়ত নিযুক্ত বিষয়াই জিলা পৰিষদৰ প্ৰাৰ্থীৰ নাম থকা দুখন বেলট যোগান ধৰাৰ বিপৰীতে সদস্যৰ বেলট যোগান ধৰা নাছিল। এই কাৰ্যত ক্ষুন্ন হৈয়ে স্থানীয় লোকসকলে কেন্দ্ৰটোত এক অচলাৱস্থাৰ সৃষ্টি কৰাত কেন্দ্ৰটোত ভোটগ্ৰহণ বন্ধ কৰি দিয়ে জিলা উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসে।

Related News