NORTHEAST NOW (Assamese)

ইউক্ৰেইনৰ সৈতে আলোচনাৰ বাবে বিশেষ চৰ্ত বান্ধি দিলে ৰাছিয়াই, কি সেই চৰ্ত?

February 25, 2022 7:31 pm · এন ই নাও নিউজ,গুৱাহাটী

বোমা-গুলীৰ শব্দই এতিয়া চানি ধৰিছে বিশ্বৰ তেনেই সৰু দেশ ইউক্ৰেইনক।

বিপদৰ সময়ত দেশখনক সহায় কৰিবলৈও কোনো দেশে কাষত থিয় হোৱা নাই। ইমানৰ পিছতো ইউক্ৰেইনৰ সেনাই আগ্ৰাসী ৰাছিয়াৰ সেনাৰ বিৰুদ্ধে মৰণপণ যুঁজ অব্যাহত ৰাখিছে।

স্বদেশক শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ গৈ শ শ ইউক্ৰেইনৰ সেনাই মৃত্যুক সাৱটি লৈছে।

বিশ্বৰ বহু দেশে ৰাছিয়াক ইউক্ৰেইনৰ সৈতে শান্তি আলোচনাৰ বাবে আহ্বান জনাইছে। এনে সময়তে আলোচনাৰ বাবে ৰাছিয়াই এক বিশেষ চৰ্ত বান্ধি দিছে।ৰাছিয়াই আজি কৈছে যে ইউক্ৰেইনৰ সৈতে তেতিয়াহে আলোচনাৰ কৰা হ’ব যেতিয়া ইউক্ৰেইনৰ সেনাই  অস্ত্ৰ সম্বৰণ কৰি আত্মসমৰ্পন কৰে।

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভে আজি সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে।

তেওঁ কয় যে ইউক্ৰেইন দখল কৰি দেশ খন শাসন কৰাটো ৰাছিয়াৰ উদ্দেশ্য নহয়, ৰাছিয়াই কেৱল ইউক্ৰেইনৰ লোকসকলক স্বাধীন হোৱাটোহে বিচাৰে।

ৰাছিয়াৰ লোকসকলক তেওঁলোকৰ ভাগ্য নিজৰ মতে  নিৰ্ধাৰণ কৰাৰ সুবিধা দিব লাগে বুলিও ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

লাভৰভে লগতে কয় যে ৰাছিয়াই বৰ্তমানৰ ইউক্ৰেইনৰ চৰকাৰখনক গণতান্ত্ৰিক চৰকাৰ হিচাবে স্বীকৃতি দিব নোৱাৰে। চৰকাৰ খন উৎখাত কৰাই ৰাছিয়াৰ লক্ষ্য বুলিও তেওঁ কয়।

ইপিনে ৰাছিয়াৰ সেনাক প্ৰতিহত কৰিবলৈ এতিয়া ইউক্ৰেইনৰ যুৱশক্তিৰ লগতে মহিলা তথা বৃদ্ধ সকলেও যুদ্ধক্ষেত্ৰত নামি পৰা পৰিলক্ষিত হৈছে।

Related News