NORTHEAST NOW (Assamese)

নীতা আম্বানীৰ সংস্থাই দেশৰ প্ৰতিটো প্ৰান্তলৈ প্ৰেৰণ কৰিব ক’ৰ’নাৰ প্ৰতিষেধক!

July 16, 2020 11:42 am · এন ই নাও নিউজ
Updated: July 16, 2020 11:46 am

এতিয়াও আৱিস্কাৰ হোৱাই নাই ক’ৰ’না প্ৰতিষেধক।

অথচ ৰিলায়েন্সে দেশৰ প্ৰতিটো প্ৰান্তলৈ প্ৰেৰণ কৰিব ক’ৰ’নাৰ প্ৰতিষেধক!

বুধবাৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ সাধাৰণ বৈঠকত এই ঘোষণা কৰে ৰিলায়েন্সৰ কৰ্ণধাৰ মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীয়ে।

নীতা আম্বানীয়ে ৰগতে জনাইছে শীঘ্ৰেই কেন্দ্ৰৰ সৈতে লগ লাগি দেশৰ প্ৰতিটো প্ৰান্ততে এই মাৰাত্মক কোভিড ভাইৰাছৰ পৰীক্ষাৰ ব্যৱস্থাও কৰিব তেওঁৰ সংস্থাই।

দেশত ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশৰ উদ্যোগপতিসকলে অগ্ৰণী ভূমিকা লোৱা দেখা গৈছে।

বহু উদ্যোগপতিয়ে প্ৰধানমন্ত্ৰীৰ PM CARE Fund লৈ সাহায্য আগবঢ়াইছে।

নীতা আম্বানীৰ সংস্থায়ো PM CARE Fund লৈ ৫০০ কোটি টকা আগবঢ়োৱাৰ লগতে একাধিক হাস্পতালৰ কোভিড চিকিৎসাৰ ব্যয় বহন কৰিছে।

দেশৰ চিকিৎসক আৰু স্বাস্থ্যকৰ্মী কৰ্মীৰ বাবে লক্ষাধিক পিপিই কিট আৰু মাস্কৰো যোগান ধৰিছে নীতা আম্বানীৰ সংস্থাই।

মিছন ‘অন্নৰ সেৱা’ৰ মাধ্যমেৰে লকডাউনৰ সময়ত ৩ কোটি মানুহক সাহায্য প্ৰদান কৰিছে বুলি জনাইছে তেওঁৰ সংস্থাই।

“আমি কথা দিছো। যিদিনাই ক’ৰ’নাৰ প্ৰতিষেধক আৱিস্কাৰ হ’ব আমাৰ জিঅ’ ডিজিটেল ডিষ্ট্ৰিবিউশ্যন এণ্ড চাপ্লাইৰ চেন ব্যৱহাৰ কৰি দেশৰ প্ৰতিটো প্ৰান্ততে প্ৰতিষেধক বিতৰণ কৰা হ’ব। দেশৰ কোনো মানুহেই এই প্ৰতিষেধকৰ পৰা বঞ্চিত হ’ব নালাগিব।” বাৰ্ষিক সাধাৰণ সভাত এইদৰে কয় নীতা আম্বানীয়ে।

দেশৰ প্ৰতিটো প্ৰান্ততে ক’ৰ’না পৰীক্ষা নিশ্চিত কৰাৰ বাবে তেওঁৰ সংস্থাই চৰকাৰক সহযোগ কৰিব বুলিও ঘোষণা কৰে উক্ত বৈঠকত নীতা আম্বানীয়ে।

Related News