ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃস্বৰূপ, প্ৰখ্যাত কৃষি বিজ্ঞানী এম এছ স্বামীনাথনৰ দেহাৱসান

ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃস্বৰূপ হিচাপে প্ৰশংসিত এম এছ স্বামীনাথনৰ বৃহস্পতিবাৰে দেহাৱসান ঘটে। তেওঁৰ বয়স আছিল ৯৮ বছৰ।

স্বামীনাথনে উচ্চ উৎপাদনক্ষম জাতৰ ধান বিকশিত কৰাত সহায় কৰিছিল যিয়ে ভাৰতৰ কম আয়ৰ কৃষকসকলৰ অধিক উৎপাদন নিশ্চিত কৰিছিল।

স্বামীনাথনে পত্নী মিনা স্বামীনাথন আৰু তিনিগৰাকী কন্যা সৌম্য স্বামীনাথন, মাধুৰা স্বামীনাথন আৰু নিত্য স্বামীনাথনক এৰি থৈ যায়।

লগতে পঢ়কঃ এছিয়াডৰ শ্বুটিঙত পুনৰ সোণ ভাৰতৰ; ১০ মিটাৰ এয়াৰ পিষ্টলত সৰবজোৎ-শিৱা-অৰ্জুনৰ লক্ষ্যভেদ

১৯২৫ চনৰ ৭ আগষ্টত তামিলনাডুৰ কুম্বাকোনামত তেওঁ জন্মগ্ৰহণ কৰে। তেওঁৰ পূৰ্বপুৰুষৰ ঘৰ আছিল আলাপ্পুঝা জিলাৰ কুট্টানাদ তালুকৰ পুলিংগুন মানকম্পত।

অধ্যাপক এম.এছ. স্বামীনাথনে তিৰুৱনন্তপুৰম বিশ্ববিদ্যালয়ৰ অনুষদৰ পৰা প্ৰাণীবিজ্ঞানত স্নাতক। কইম্বাটুৰ কৃষি অনুষদ আৰু ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ পৰা অতিৰিক্ত গৱেষণা সম্পন্ন কৰিছিল।

১৯৫২ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা জেনেটিক্সত পি এইচ ডি লাভ কৰি ভাৰতলৈ আহি কৃষি ক্ষেত্ৰত অগ্ৰণী ব্যক্তিলৈ পৰিণত হয়। ভাৰতীয় পৰিৱেশ অনুকূল আৰু উচ্চ উৎপাদনক্ষম বীজ খেতি কৰি কৃষকৰ মাজত জনপ্ৰিয় কৰাৰ বাবে স্বামীনাথনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰে।

লগতে পঢ়কঃ এছিয়াডত দেশৰ হৈ উশ্বুত ৰূপৰ পদক জয় মণিপুৰী কন্যাৰ; কান্দোনত ভাগি পৰিল ৰোছিবিনা

১৯৬৬ চনত তেওঁ মেক্সিকান ঘেঁহুৰ জাত ভাৰতীয় পৰিৱেশত ৰোপণ কৰি পঞ্জাৱৰ শস্য় ভিতৰত ১০০ টা খেতি চপাই ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ হিচাপে পৰিগণিত হয়।

১৯৮৭ চনত স্বামীনাথনে প্ৰথম বিশ্ব খাদ্য বঁটা লাভ কৰে আৰু তাৰ পিছত তেওঁ চেন্নাইত এম এছ স্বামীনাথন ৰিচাৰ্চ ফাউণ্ডেশ্যন গঠন কৰে।

লগতে পঢ়কঃকন্যাৰ বিয়াৰ বাবে বেংকৰ লকাৰত ৰাখিছিল মাতৃয়ে; উঁই পোকে খাই পেলালে গোটেই ১৮ লাখ টকা

কেইবাটাও বঁটাৰ উপৰিও স্বামীনাথনে ৰেমন মেগছেছে বঁটা (১৯৭১) আৰু এলবাৰ্ট আইনষ্টাইন বিশ্ব বিজ্ঞান বঁটাও (১৯৮৬) লাভ কৰিছে।