• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এছিয়াডৰ শ্বুটিঙত পুনৰ সোণ ভাৰতৰ; ১০ মিটাৰ এয়াৰ পিষ্টলত সৰবজোৎ-শিৱা-অৰ্জুনৰ লক্ষ্যভেদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 28, 2023 10:33 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্বুটিঙত আকৌ সোণৰ পদক লাভ ভাৰতৰ। এছিয়ান গেমছৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ টিম ইভেণ্টত ভাৰতৰ তিনিজন যুৱ খেলুৱৈয়ে সোণৰ পদক লাভ কৰে। সৰবজোৎ সিং, অৰ্জুন সিং চিমা আৰু শিৱ নৰৱালে পিছুৱাই গৈও শক্তিশালীভাৱে প্ৰত্যাৱৰ্তন কৰে। এছিয়ান গেমছত ভাৰতৰ এয়া ষষ্ঠ স্বৰ্ণ পদক। শ্বুটিঙৰ পৰা আহিল ১৩ সংখ্যক পদক। ভাৰতৰ তালিকাত মুঠ ২৪টা পদক।

সৰবজ্যোৎ, অৰ্জুন, শিৱাই লাভ কৰে ১৭৩৪ পইণ্ট। চীনৰ খেলুৱৈসকলে এক পইণ্ট পিছ পৰি খেল শেষ কৰে। ব্ৰঞ্জৰ পদক পাইছে ভিয়েটনামে। সাৰবজোৎ আৰু অৰ্জুন দুয়োজনেই ব্যক্তিগত শাখাতো ফাইনেলত প্ৰৱেশ কৰিছিল। তাৰ পৰাও পদক আহিব লাগিছিল যদিও নাহিল। ব্যক্তিগত ইভেণ্টত চতুৰ্থ স্থান দখল কৰে সৰৱজোতে। অৰ্জুনে পালে অষ্টম স্থান।

লগতে পঢ়ক: এছিয়াডত দেশৰ হৈ উশ্বুত ৰূপৰ পদক জয় মণিপুৰী কন্যাৰ; কান্দোনত ভাগি পৰিল ৰোছিবিনা

Apply Now

এছিয়ান গেমছৰ পঞ্চম দিনাই পদকৰ দুৱাৰ মুকলি কৰে ভাৰতে। ৰোছিবিনা দেৱীয়ে ৰাতিপুৱা আৰম্ভণি কৰে ৰূপৰ পদকেৰে। মণিপুৰৰ উশ্বু এথলীটগৰাকীয়ে সোণৰ পদক লাভ কৰিব বুলি আশা কৰা হৈছিল যদিও  সেইটো নহ’ল। সেই আক্ষেপ শেষ দূৰ কৰি বৃহস্পতিবাৰে প্ৰথমটো সোণৰ পদক আহিল ১০ মিটাৰ এয়াৰ পিষ্টলত।

অৱশ্যে ভাৰতৰ তিনি যোদ্ধাক দেখি প্ৰথমে সোণ আহিব পাৰে বুলি ধাৰণা হোৱা নাছিল। আৰম্ভণিটো সৰবজ্যোৎ, অৰ্জুনহঁতৰ বাবে একেবাৰেই ভাল নাছিল। কিন্তু দ্বিতীয় ভাগত তেওঁলোকে লাহে লাহে নিজকে উজাৰি দিয়ে। বিশেষকৈ সৰবজ্যোৎ আৰু শিৱাই অধিক পাৰফেক্ট টেন স্ক’ৰ কৰে। এনে খেলত, য’ত চাপ ইমান বেছি, তাত বেয়া আৰম্ভণিৰ পৰা উভতি অহাটো অতি কঠিন। ভাৰতৰ তিনি যোদ্ধাই নিজৰ খোপনি হেৰুওৱা নাছিল। বৰঞ্চ ক্ৰমান্বয়ে নিজকে অব্যৰ্থ কৰি তুলিবলৈ চেষ্টা কৰিছিল।

লগতে পঢ়ক: ভাৰতৰ পৰা অস্কাৰৰ বাবে যুঁজ দিব মালয়ালম চলচ্চিত্ৰ ‘২০১৮’

এছিয়ান গেমছৰ দলীয় ইভেণ্টত বিশেষকৈ শ্বুটিঙত বহু দলীয় সফলতা ব্যক্তিগত প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰে। কাৰণ শ্বুটিঙত যিকোনো ইভেণ্টৰ কোৱালিফাইং ৰাউণ্ডক দলীয় ইভেণ্ট বুলি গণ্য কৰা হয়। শ্বুটাৰে যিমানেই ভাল স্ক’ৰ কৰিব সিমানেই দলীয় ইভেণ্টত পদক লাভৰ সম্ভাৱনা বেছি। ইয়াৰ পূৰ্বেও শ্বুটিঙৰ দলীয় বিভাগৰ পৰা তিনিটা সোণৰ পদক দেখা গৈছে।

কিন্তু সৰবজ্যোৎ, অৰ্জুন, শিৱা আছিল ব্যতিক্ৰম। তেওঁলোকে অধিক দলীয় চিন্তাৰে নামিছিল। দলৰ গভীৰতা আৰু ধাৰাবাহিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। নহ’লে পিছ পৰি থকাৰ পিছতো তেনেকুৱা প্ৰত্যাৱৰ্তন সম্ভৱ নহ’লহেঁতেন৷

লগতে পঢ়ক: কন্যাৰ বিয়াৰ বাবে বেংকৰ লকাৰত ৰাখিছিল মাতৃয়ে; উঁই পোকে খাই পেলালে গোটেই ১৮ লাখ টকা

তেওঁলোকৰ প্ৰদৰ্শনে শ্বুটিং জগতক মুগ্ধ কৰিছে। মধ্যম পৰ্যায়ত তেওঁলোকে দ্ৰুতগতিত সাত নম্বৰৰ পৰা দুই নম্বৰলৈ উন্নীত হয়। অন্তিম ৰাউণ্ডত তিনি ভাৰতীয় শ্বুটাৰে সোণৰ পদক আজুৰি আনে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am
চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

August 14, 2026 10:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd