নগাঁও-কাৰ্বিআংলং জিলাৰ সীমান্তৱৰ্তী অঞ্চলত দীৰ্ঘদিন ধৰি মানুহ আৰু বনৰীয়া হাতীৰ মাজত চলি থকা সংঘাত দূৰ কৰাৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লৈ অহা প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ উদ্যোগত আৰু ‘হাতীবন্ধু’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সহযোগত আয়োজন কৰা এটা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে চাপানালাৰ ৰংহাং কাৰ্বিং গাঁৱত উপস্থিত হয় প্ৰসিদ্ধ তথ্যচিত্ৰ নিৰ্মাতা মাইক পাণ্ডেকে ধৰি ৩০০ ৰো অধিক আন্তঃৰাষ্ট্ৰীয় ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ।
উল্লেখযোগ্য যে, ৰংহাং গাঁও আৰু ইয়াৰ নিকতৱৰ্তী অঞ্চলৰ ৰাইজে বনৰীয়া হাতীৰ আগ্ৰাসন ৰোধ কৰিবলৈ দুলু বৰা আৰু হাতীবন্ধু নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ তৎপৰতাত দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে বনৰীয়া হাতীক আহাৰ যোগান ধৰিবৰ বাবে কৃষি কৰ্ম আৰম্ভ কৰিছে।
অঞ্চলটোৰ ২০০ ৰো অধিক বিঘা মাটিত বিনোদ বৰাৰ নেতৃত্বত স্থানীয় ৰাইজে বনৰীয়া হাতীৰ বাবে ধান খেতি কৰিছে যাতে ভৈয়ামৰ গাঁৱৰ খেতিয়কসকলৰ ধাননি পথাৰৰ পৰিৱৰ্তে বনৰীয়া হাতীয়ে ধান কটা দিনত এই ধাননি পথাৰখনকে আহাৰ হিচাপে গ্ৰহণ কৰিব পাৰে।
ধান পকা দিনত পাহাৰৰ পৰা হাতী নামি আহি পাহাৰৰ নামনিতে প্ৰয়োজনীয় আহাৰ পালে হাতীৰ জাক গাঁৱৰ ফালে আগনাবাঢ়ে বুলি আশাবাদী দুলু বৰা।
আনহাতে, কাৰ্বি পাহাৰ দাঁতিৰ বিভিন্ন ঠাইত প্ৰায় ৪০/৫০ বিঘা মাটিত বনৰীয়া হাতীৰ বাবে নেফিয়াৰ ঘাঁহ, বাঁহ গছ আদি ৰোপন কৰি হাতীক প্ৰাকৃতিকভাৱে আহাৰ যোগান ধৰাৰ ক্ষেত্ৰত জাগৰণ সৃষ্টি কৰিবলৈ কৰা প্ৰচেষ্টা দেখি আপ্লুট হৈ পৰে প্ৰকৃতিপ্ৰেমী মাইক পাণ্ডে।
শুকুৰবাৰৰ অনুষ্ঠানতে প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা মাইক পাণ্ডেক ২০১৯ বৰ্ষৰ ‘হাতীবন্ধু বঁটা’ প্ৰদান কৰাৰ লগতে হাতীৰ আহাৰৰ বাবে কৃষি কৰ্ম কৰিবলৈ ভূমিদান কৰা লোকসকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।
বঁটা গ্ৰহণ কৰি পাণ্ডে স্থানীয় ৰাইজৰ মহান প্ৰচেষ্টাৰ সলাগ লয় আৰু এই ব্যতিক্ৰমী প্ৰয়াসৰ ওপৰত কেইবাখনো তথ্যচিত্ৰ নিৰ্মাণৰ বাবে তেওঁ পুনৰ অসমলৈ আহিব বুলি প্ৰতিশ্ৰুতি দিয়ে।
বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত স্থানীয় ৰাইজৰ লগতে বিভিন্ন স্থানৰ পৰা অহা দুই হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰে।





