DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰসিদ্ধ গজল শিল্পী ভূপিন্দৰ সিং প্ৰয়াত; ভাৰতীয় সংগীত জগতত শোকৰ ছাঁ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 19, 2022 7:55 am
প্রয়াত গজল শিল্পী ভূপিন্দৰ সিং। ফাইল ফটো।

প্রয়াত গজল শিল্পী ভূপিন্দৰ সিং। ফাইল ফটো।

102
VIEWS
Share on FacebookShare on Twitter

Renowned Ghazal singer Bhupinder Singh passes away প্ৰসিদ্ধ গজল শিল্পী ভূপিন্দৰ সিঙৰ পৰলোকপ্ৰাপ্তি ঘটিছে। তেওঁক ১০ দিন পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। মঙলবাৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮২বছৰ। তেওঁৰ মৃত্যুত ভাৰতীয় সংগীত জগতত শোকৰ ছাঁ পৰিছে।

গজল শিল্পী হিচাপে দেশজুৰি খ্যাতি আছিল তেওঁৰ। ভূপিন্দৰ সিঙৰ কণ্ঠ শ্ৰোতাসকলৰ মনত চিৰকাল সজীৱ হৈ থাকিব। সোমবাৰে সন্ধিয়া ৭:৪৫ বজাত মুম্বাইৰ জুহুৰ এখন চিকিৎসালয়ত শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

পত্নী মিতালী সিঙৰ সৈতে ভূপিন্দৰ সিং। ফাইল ফটো।

বিখ্যাত গজল শিল্পীজন বিভিন্ন শাৰীৰিক সমস্যাত ভুগি আছিল। তেওঁৰ অসুস্থতা গুৰুতৰ হৈ পৰাত তেওঁক দহদিন পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। চিকিৎসকৰ মতে ভূপিন্দৰ সিঙৰ ক’লন কেন্সাৰত আক্ৰান্ত হৈছিল। কৰোনা পৰীক্ষাৰ প্ৰতিবেদনো তেওঁৰ পজিটিভ আহিছিল।

ভূপিন্দৰ সিঙৰ ১৯৪০ চনত পঞ্জাৱৰ অমৃতসৰত জন্ম হৈছিল। পাঁচ দশকজোৰা  কেৰিয়াৰত তেওঁ সংগীত উদ্যোগৰ অসংখ্য প্ৰতিষ্ঠানৰ সৈতে কাম কৰিছিল। মহম্মদ ৰফি, আৰ ডি বৰ্মন, লতা মংগেশকাৰ, আশা ভোচলে আৰু বাপ্পী লাহিড়ীৰ দৰে প্ৰসিদ্ধ শিল্পীসকলৰ সৈতে তেওঁৰ বহুতো স্মৰণীয় সংগীত উপহাৰ দিছে।

ভূপিন্দৰ সিঙে তেওঁৰ দেউতাকৰ পৰা গান শিকিবলৈ আৰম্ভ কৰিছিল। ভূপিন্দৰ সিঙে এগৰাকী পেছাদাৰী সংগীতজ্ঞ হিচাপে অল ইণ্ডিয়া ৰেডিঅ’ত যোগদান কৰিছিল। পিছত তেওঁ দূৰদৰ্শনতো যোগদান কৰে। তেওঁৰ পত্নী মিতালী সিং এগৰাকী জনপ্ৰিয় গায়িকা।

বলাউদৰ কেইগৰাকীমান জনপ্ৰিয় কণ্ঠশিল্পীৰ সৈতে ভূপিন্দৰ সিং। ফাইল ফটো।

নিজৰ দীঘলীয়া কেৰিয়াৰত ভূপিন্দৰ সিঙে ‘থোডি চি জমিন থোডা আছমান’ (চিতাৰা, লতা মংগেশকাৰৰ সৈতে গান গাইছিল), ‘দিল দুন্দা হে’ (মৌসম), ‘নাম গুম জায়েগা’ (কিনাৰা)ৰ দৰে জনপ্ৰিয় গান গাইছিল। ভূপিন্দৰ সিঙৰ গায়িকা পত্নীৰ সৈতেও কেইবাটাও বিখ্যাত গান আছে। ‘দো দিৱানে চহৰ মে’, ‘নাম গুম জায়েগা’, ‘এক আকেলা ইছ চহৰ মে’, ‘কভি কিচি কো মুকাম্মলা’ৰ দৰে চুপাৰহিট গানো গাইছে যুটীটোৱে। 

Recent News

Rape Guwahati

গুৱাহাটীত ছয় বছৰীয়া শিশুক ধৰ্ষণ ষাঠীৰ ঊৰ্ধ্বৰ ব্যক্তিৰ: অভিযুক্তক গ্ৰেপ্তাৰ

Guwahati Murder

ছয়গাঁৱত চাঞ্চল্যকৰ কাণ্ড: চোকা অস্ত্ৰৰে আক্ৰমণ কৰি শাহু সহ দুগৰাকীক হত্যা মহিলাৰ

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd