Diesel shortage across the US deepens ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজত আমেৰিকা যুক্তৰাষ্ট্ৰত এক অভূতপূৰ্ব ডিজেল সংকট দেখা দিছে। ইতিমধ্যে পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিবলৈ এটা কোম্পানীয়ে জৰুৰীকালীন যোগান প্ৰটোকল প্ৰৱৰ্তন কৰিছে। কোম্পানীটোৱে গ্ৰাহকসকলক ৭২ ঘণ্টা আগতে অৰ্ডাৰ দিবলৈ অনুৰোধ জনাইছে যাতে যোগান সঠিকভাৱে সম্পূৰ্ণ কৰিব পৰা যায়।
প্ৰতিবেদনত দাবী কৰা হৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডিজেলৰ মজুত কেইবা মাহ ধৰি হ্ৰাস হৈ আহিছে। এই মাহত মজুত ১৪ বছৰৰ নিম্নতম স্তৰলৈ হ্ৰাস পাইছে। বৰ্তমান দেশৰ সঞ্চয়ত মাত্ৰ ২৫ দিনৰ ডিজেল ষ্টকহে বাকী আছে।
লগতে পঢ়ক: টাটা ষ্টীলৰ প্ৰাক্তন পৰিচালন সঞ্চালক ‘ষ্টীল মেন অৱ ইণ্ডিয়া’ খ্যাত জামছেদ ইৰাণীৰ দেহাৱসান
ডিজেল আৰু অন্যান্য ডিষ্টিলড ইন্ধন পৰিবহনৰ বাবে দেশৰ সৰ্ববৃহৎ পাইপলাইন কল’নিয়েল ইতিমধ্যে সম্পূৰ্ণৰূপে বুক কৰা হৈছে। যদি এই ইন্ধনবোৰ সোনকালে যোগান ধৰা সম্ভৱ হয় তেনেহ’লে যোগানৰ চাপ হ্ৰাস হ’ব পাৰে। কিন্তু ইয়াত দীঘলীয়া সময় লাগিব। প্ৰথম ডেলিভাৰীটো নৱেম্বৰৰ আৰম্ভণিতে হ’ব।
এই সপ্তাহৰ আৰম্ভণিতে বিনিয়োগ বেংক গোল্ডমেন চাক্সে ডিজেল সংকটৰ বিষয়ে সতৰ্ক কৰি দিছিল। এই সংকট কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰতে নহয়, সমগ্ৰ ইউৰোপতে বিয়পি পৰিছে। ফলস্বৰূপে আগন্তুক শীতকালত ইন্ধনৰ মূল্য নিয়ন্ত্ৰণৰ বাহিৰত থাকিব।
লগতে পঢ়ক: সামৰিক কুচকাৱাজ! আমেৰিকা-দক্ষিণ কোৰিয়াই চলাইছে বৃহৎ যৌথ যুদ্ধবিমান অনুশীলন
বেঙ্কটোৰ মতে, শোধনাগাৰ সক্ষমতাত বিনিয়োগৰ অভাৱ, শোধনাগাৰ বন্ধ হোৱা আৰু শোধনৰ ক্ষেত্ৰত বিভিন্ন বাধাৰ বাবে পৰিশোধিত ইন্ধন তেলৰ অভাৱ হৈছে। আৰু ইয়াৰ ভিতৰত আটাইতকৈ গুৰুতৰ ৰূপ ধাৰণ কৰিছে ডিজেল সংকটে।