বুধবাৰে উচ্চতম ন্যায়ালয়ে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে।
আত্মহ্যতাৰ প্ৰৰোচনাৰ অভিযোগত ২০১৮ চনৰ এটা গোৰচত যোৱা ৪ নৱেম্বৰত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বিতৰ্কিত সাংবাদিক গৰাকীক।
বুধবাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় আৰু ইন্দিৰা বেনাৰ্জীৰ খণ্ড বিচাৰপীঠে অৰ্ণৱ গোস্বামীৰ আবেদনৰ শুনানি গ্ৰহণ কৰি ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক গৰাকীৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে।
আজি শুনানিত অৰ্ণৱ গোস্বামীৰ হৈ যুক্তি প্ৰদৰ্শন কৰা দেশৰ জ্যেষ্ঠ আইনজীৱী হৰিশ চাল্ভেই কয় যে ২০১৮ চনৰ ৫ মে’ত দাখিল কৰা এই গোচৰটো তেতিয়াই তদন্ত সম্পূৰ্ণ কৰি বন্ধ কৰা হৈছিল। গোৰটো পুনৰ তদন্ত আৰম্ভ কৰি ক্ষমতাৰ অপব্যৱহাৰ কৰা হৈছে।
উল্লেখ্য যে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অণিল দেশমুখে ২০১৮ চনতে আদালতত বন্ধ কৰি দিয়া গোচৰটো পুনৰ তদন্ত কৰিবলৈ মুম্বাই আৰক্ষীক নিৰ্দেশ দিছিল।
ইয়াৰ পিছতে যোৱা ৪ নৱেম্বৰত সাংবাদিক গৰাকীক আত্মহত্যা কৰিবলৈ প্ৰৰোচনা কৰাৰ অভিযোগত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
উল্লেখ্য যে ইয়াৰ পূৰ্বে আলিবাগ সত্ৰ আদালত আৰু বোম্বে ন্যায়ালয়ে সাংবাদিক অৰ্ণৱ গোস্বামীৰ অন্তৱৰ্তীকালীন জামিন নামঞ্জুৰ কৰিছিল।
বুম্বে উচ্চ ন্যায়ালয়ে জামিন নামঞ্জুৰ কৰাৰ পিছতে বোম্বে উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনায় সাংবাদিক গৰাকীয়ে সৰ্বোচ্চ ন্যায়ালয়ত অন্তৱৰ্তীকালীন জামিন আবেদন কৰে।
আজি অন্তৰ্কাৱ্তীকালীন জামিন লাভ কৰাৰ পিছতে সাংবাদিক গৰাকীক মুকলি আকাশলৈ অহাৰ পথ প্ৰশস্থ হৈ পৰিল।