গোলাঘাটৰ ধলাগাওঁৰ পথাৰত বিদ্যুত পৃষ্ঠ হৈ মৃত্যুক আকোৱালী লোৱা হাতীজনীৰ মাউৰা পোৱালীটোৱে বিচাৰি পাইছে তাৰ সংগী শদিয়াক।
মাকক হেৰুৱালেও ঘাত মাউৰা কনমানি পোৱালীটোয়ে যেন বিচাৰি পালে কৰুণাময় এক আশ্ৰয়৷ বিচাৰি পালে শদিয়া নামৰ আন এক সংগীক৷ গোলাঘাটৰ ধলাগাওঁত বিদ্যুতপৃষ্ঠ হৈ মাকৰ মৃত্যু হোৱাৰ পিচত এই কনমানি হাতী পোৱালীটোক উদ্ধাৰ কৰি অনা হৈছিল কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ৷
যোৱা ২৪ অক্টোবৰত গোলাঘাট জিলাৰ ধলা গাওঁত বিদ্যুতপৃষ্ঠ হৈ এজনী পোৱালী থকা হাতীৰ মৃত্যু হৈছিল৷ মাকৰ মৃত্যুৰ পিচত হাতীৰ পোৱালীটোক ঘটনাস্থলীৰ আশে পাশে বিচাৰি পোৱা নাছিল বনকৰ্মীৰ দলে৷ স্থানীয় লোকৰ মতে মাকৰ মৃত্যুৰ পিচতেই হাতীৰ জাকৰ সৈতে আঁতৰি গৈছিল হাতীৰ পোৱালীটো৷
অৱশ্যে ঘটনাৰ চাৰিদিনৰ পিচত ধলা গাওঁৰ সমীপৰ মিৰিগাওঁ এলেকাত মাতৃহাৰা তিনিমহীয়া হাতীপোৱালীটোক প্ৰত্যক্ষ কৰে স্থানীয় লোকে৷মাতৃ দুগ্ধৰ পৰা বঞ্চিত হৈ মুৰ্মুষ অৱস্থাত থকা পোৱালীটোক অৱশেষত গোলাঘাটৰ বন বিভাগে উদ্ধাৰ কৰি বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ কৰে৷
কেন্দ্ৰটোৰ জেষ্ঠ পশু চিকিৎসক ডা৹ চামচুল আলীৰ মতে মাকৰ মৃত্যুৰ পিচত তিনি মহীয়া পোৱালীটোয়ে জাকৰ সৈতে যাব পৰা নাছিল আৰু মিৰি গাওঁ এলেকাতে জাকৰ পৰা বিচিন্ন হৈ পৰিছিল৷
উদ্ধাৰ কৰি অনাৰ পিচত সম্প্ৰতি চিকিৎসা আৰু প্ৰতিপালনেৰে মাতৃহাৰা এই হাতী পোৱালীটোয়ে ১০০ ঘন্টা অতিক্ৰম কৰি সম্পুৰ্ণ স্বাভাৱিক হৈ পৰিছে৷ কেন্দ্ৰটোত থকা আন ৬ টা হাতী পোৱালী লগতে একে বয়সৰ শদিয়া নামৰ আন এটা হাতী পোৱালীৰ সৈতেও গঢ়ি উঠিছে তাৰ বন্ধুত্ব৷ পাহৰি পেলাইছে মাকক হেৰুৱাৰ বেদনা৷ পশু চিকিৎসকৰ মতে এতিয়া সম্পুৰ্ণ সুস্থ মাতৃহাৰা হাতী পোৱালীটো৷