NORTHEAST NOW (Assamese)

কিমান বয়সত বিয়া পাতিলে বৃদ্ধি পায় পুৰুষৰ আয়ুস? গৱেষণাত আশ্চৰ্যজনক তথ্য!

August 27, 2024 9:26 am · এন ই নাও নিউজ, গুৱাহাটী

আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত বিয়া পতাৰ উপযুক্ত বয়সৰ বিষয়ে এক অধ্যয়ন কৰা হৈছিল। এই গৱেষণা মূলতঃ পুৰুষৰ ওপৰত কৰা হৈছিল। এতিয়া চাওঁ আহক গৱেষণাটো সঠিকভাৱে কেনেকুৱা আছিল আৰু ইয়াৰ পৰা কি তথ্য আহৰণ কৰা হৈছে।

এই অধ্যয়ন প্ৰায় দুহাজাৰ পুৰুষৰ ওপৰত কৰা হৈছিল। য’ত মূলতঃ বিবাহিত আৰু অবিবাহিত পুৰুষে অংশগ্ৰহণ কৰিছিল। বয়সৰ পৰিসৰ আছিল ২৫ৰ পৰা ৩৫ বছৰ। এই অধ্যয়নৰ মূল উদ্দেশ্য আছিল বিয়াৰ পিছত পুৰুষসকল কিমান সুখী হৈছে আৰু কিমান বয়সত বিয়া পাতি তেওঁলোকে আটাইতকৈ বেছি সুখী হৈছে। সুখ বুলি কওতে সঠিক জীৱনযাপনৰ কথাই কোৱা হৈছে।

বহুতে ভাবে যে যদি ল’ৰাৰ বিয়া অলপ দেৰি হয়, তেতিয়াহ’লে তেওঁলোকে সংসাৰখন সুন্দৰকৈ গঢ়ি তুলিব পাৰে। আৰু এই ক্ষেত্ৰত পত্নী যদি স্বামীতকৈ সৰু হয় তেন্তে বৈবাহিক জীৱন সুখী হয়।

অৱশ্যে গৱেষণাত কিন্তু বেলেগ কথাহে পোহৰলৈ আহিছে। ছোৱালীৰ দৰে ল’ৰাবোৰেও কম বয়সত বিয়া পাতিলে সুখী হোৱাৰ সম্ভাৱনা বেছি। গৱেষকসকলে ইয়াৰ আঁৰৰ কাৰণ দাঙি ধৰিছে। তেওঁলোকৰ মতে বয়স যিমান কম হ’ব সিমানেই উপযুক্ত সংগী বিচাৰি পোৱাৰ সম্ভাৱনা বেছি।

এই ক্ষেত্ৰত গৱেষকসকলে কয় যে যদি ২৫ বছৰৰ আগতে বিবাহপাশত আবদ্ধ হয় তেন্তে উপযুক্ত সংগী পোৱাৰ সম্ভাৱনা বেছি। আৰু উপযুক্ত সংগীৰ সৈতে বিয়া পাতিলে এনেয়েও সংসাৰখন সুখী হ’বই।

বিশেষজ্ঞসকলে কয় যে কম বয়সতে বিয়া হ’লে যৌন জীৱনো ভাল হয়। আৰু যদি এটা সুস্থ যৌন জীৱন অনুসৰণ কৰিলে শৰীৰ আৰু মনো ভালে থাকে।

কম বয়সত বিয়া পাতিলে সোনকালে সন্তান জন্ম দিয়াৰ কোনো হেঁচা নাথাকে। ফলত অলপ বেছি দিন ধৰি পত্নীৰ লগত স্বাধীনভাৱে সহবাস কৰিব পাৰে।

মূলতঃ এই সকলোবোৰ এই অধ্যয়নত ওলাই আহিছে। কিন্তু গৱেষকসকলে কয় যে এই গৱেষণা কৰি থাকোঁতে বহু পুৰুষে বিবাহৰ বিৰুদ্ধে কথা কৈছিল। বহুতৰ মতে বিবাহ মানে মানসিক চাপ। আৰু এই চাপৰ ফলস্বৰূপে ইতিমধ্যে জীৱনটো অস্থিৰ হৈ গৈছে। বিশেষকৈ এফালে কৰ্মস্থলীৰ চাপ আৰু আনফালে সংসাৰৰ চাপে মানসিক চাপ বৃদ্ধি কৰে। যিটো শৰীৰৰ বাবে একেবাৰেই ভাল নহয়।

Related News