এদিনীয়া ভ্ৰমণসূচীলৈ বৃহস্পতিবাৰে অসমত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিফুত এখন বিশাল জনসভা সম্বোধন কৰে।
মোদীয়ে তেওঁৰ ভাষণত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে বিজেপি চৰকাৰে লাভ কৰা ‘সফলতা’ৰ কথা উল্লেখ কৰে। মোদীয়ে কেইবা দশক ধৰি উত্তৰ-পূবৰ ৰাজ্যসমূহক অস্থিৰ কৰি ৰখা কেইবাটাও বিষয়ত আলোকপাত কৰে ।
মোদীয়ে কয় “২০১৪ চনৰ পিছতহে উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃত উন্নয়ন আৰম্ভ হৈছে”। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ভাষণত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মাজত সীমান্ত বিবাদ সমাধানৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰা, সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (এএফএছপিএ) সীমিতভাৱে প্ৰত্যাহাৰ কৰা আৰু উগ্ৰপন্থী গোটসমূহক মূলসুঁতিলৈ অনাৰ প্ৰসংগ বিশেষভাবে উল্লেখ কৰে। মোদীয়ে অসম আৰু মেঘালয় মাজত সীমান্ত চুক্তি স্বাক্ষৰ কৰাৰ বাবে দুয়ো খন ৰাজ্যকে প্ৰশংসা কৰে। এই প্ৰসংগত মোদীয়ে কয়—” উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মাজত সীমা বিবাদ সমাধানৰ কাম চলি আছে। ‘সবকা সাথ, সবকা বিকাশ’ৰ মনোভাৱেৰে সীমান্ত সম্পৰ্কীয় সমস্যাবোৰৰ সমাধান কৰাৰ প্ৰচেষ্টা অব্যাহত আছে “।
মোদীয়ে উত্তৰ-পূবৰ বহু ঠাইৰ পৰা এএফএছপিএ সীমিতভাৱে প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰত “বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰৰ সফলতা”ৰ বিষয়তো আলোকপাত কৰে। শেহতীয়াকৈ অসমৰ ২৩ খন জিলাৰ পৰা সামৰিক বাহিনী (বিশেষ ক্ষমতা) আইন আংশিকভাবে প্ৰত্যাহাৰ কৰাৰ কথাও তেওঁ উল্লেখ কৰে।
উত্তৰ-পূবত হিংসা ৭৫ শতাংশ হ্ৰাস পাইছে বুলি মন্তব্য কৰি মোদীয়ে কয় যে এটা সময়ত কাৰ্বিআংলঙতে বন্দুকৰ শব্দত ৰাতিপুৱাইছিল, এতিয়া হাত চাপৰিৰে ৰাতি পুৱায়।
প্ৰধানমন্ত্ৰী মোদীয়ে উগ্ৰপন্থী গোটসমূহক আলোচনাৰ মেজলৈ অনাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ চৰকাৰৰ ‘সফলতা’ৰ কথাও উল্লেখ কৰে।
” যোৱা বছৰৰ ছেপ্তেম্বৰ মাহত কাৰ্বি আংলঙৰ কেইবাটাও সংগঠনে শান্তি আৰু উন্নয়নৰ প্ৰক্ৰিয়াত যোগদান কৰা কাৰ্যকো মোদীয়ে প্ৰশংসা কৰে।
বড়ো চুক্তিয়ে স্থায়ী শান্তি স্থাপনৰ বাট মুকলি কৰা বুলিও মোদীয়ে কয়।