• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২০ বৰ্ষত গঁড় হত্যা নিয়ন্ত্ৰনত পূৰ্বতকৈ সফল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ

উত্তম শইকীয়া by উত্তম শইকীয়া
January 1, 2021 10:11 am
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২০ বৰ্ষই সমগ্ৰ বিশ্ববাসীৰ বাবে বিপৰ্যই কঢ়িয়াই আনিলেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে কঢ়িয়াই আনিছিল কিছু ইতিবাচক চিন্তা। কিছু সম্ভাৱনা।

কেতবোৰ ইতিবাচক কাৰ্যকলাপে ২০২০ চনটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে এক উল্লেখনীয় বছৰ হিচাপে পৰিগণিত হ’ল।

Apply Now

মনকৰিবলগীয়া যে ২০২০ চনেই নহয় ২০১৯ চনৰে পৰা কাজিৰঙাত গঁড় হত্যা নিয়ন্ত্ৰিত হোৱাতো মন কৰিব লগীয়া।

বিশ্বজুৰি চলা ক’ভিড-১৯ ৰ সংক্ৰমণৰ বাবে হোৱা লকডাউন আৰু ভালেমান ক’ভিড প্ৰতিৰোধৰ কেতবোৰ বাধ্য বাধকতাৰ মাজত কাজিৰঙাত চোৰাং চিকাৰীয়ে গঁড় হত্যাৰ প্ৰচেষ্টা চলাই আছিল যদিও আশাপ্ৰদভাৱে সফল হোৱা নাছিল।

২০২০ চনৰ অন্তিম দিনলৈকে ৰাষ্ট্ৰীয় উদ্যানখনত চোৰাংচিকাৰীয়ে দুটা গঁড় আৰু ২০১৯ চনত তিনিটা গঁড় হত্যা কৰিছিল।

যোৱাটো বৰ্ষত কাজিৰঙাৰ অগৰাতলি বনাঞ্চল আৰু কহঁৰা বনাঞ্চলত এটাকৈ গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰিছিল।

২০২০ চনৰ ৯ মে’ ৰ দিনা অগৰাতলিৰ ডোৰামাৰি বিলৰ পাৰত আৰু ৭ আগষ্টত কহঁৰাৰ কাঠনিবাৰীৰ সমীপত গঁড় হত্যা কৰিছিল চোৰাংচিকাৰীয়ে।

ইয়াৰ মাজতে ৰাষ্ট্ৰীয় উদ্যানত চলা গঁড় হত্যাৰ অবিৰত প্ৰচেষ্টা প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মী সকলে।

২০২০ চনৰ বিয়লি এই প্ৰসংগত মন্তব্য প্ৰকাশ কৰি কাজিৰঙাৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে জনাই যে বিগত সময়চোৱাত বনকৰ্মীয়েই নহয় আৰক্ষী বা বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰত জড়িত বিভিন্ন বিভাগৰ উমৈহতীয়া প্ৰচেষ্টাত কাজিৰঙাত গঁড় হত্যা প্ৰতিৰোধ কৰাত কিছু পৰিমানে সফলতা পোৱা গৈছিল।

বনবিভাগ আৰু আৰক্ষীৰ যুটীয়া প্ৰচেষ্টাত কাজিৰঙাত গঁড় হত্যাৰ বাবে গঢ়ি উঠা চোৰাংচিকাৰীৰ শক্তিশালী নেটৱৰ্ক ভাঙি দিবলৈ সক্ষম হোৱাৰ বাবেই গঁড় হত্যাৰ বাবে চোৰাংচিকাৰীয়ে চলোৱা প্ৰচেষ্টা ব্যৰ্থ কৰিবলৈ আমি সক্ষম হৈছিলো বুলি বিষয়া গৰাকীয়ে জনায়।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সঘনাই কৰা পৰ্যবেক্ষনেও এই সক্ৰিয়তা সফল হোৱাত সহায়ক হৈছিল বুলি তেওঁ মন্তব্য কৰে।

ইয়াৰ পিছতো কিন্তু ৰাষ্ট্ৰীয় উদ্যানখনত চোৰাংচিকাৰী হেঁচা অব্যাহত আছিল।

যোৱা দুটা বছৰত গঁড় হত্যা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰনত জড়িত বিভিন্ন সন্থা আৰু বিভাগবোৰৰ কথাও তেওঁ উল্লেখ কৰে।

মন কৰিব লগীয়াযে কাজিৰঙাত গঁড় হত্যাৰ কৌশল চোৰাংচিকাৰীয় নিতৌ সলনি কৰাৰ লগে লগে বনকৰ্মীয়েও গঁড় হত্যা প্ৰতিৰোধৰ বাবে নতুন নতুন কৌশল ব্যৱহাৰ কৰিব লগা হৈছে। শক্তিশালী কৰিব লগা হৈছে উদ্যান পৰিচালনা।

ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয় প্ৰতিখন জিলাৰ আৰক্ষী আৰু প্ৰশাসনৰ সৈতে এক সমন্বয়ো গঢ়ি তোলা হৈছে। যাৰ বাবে বিগত দুটা বছৰত গঁড় হত্যা নিয়ন্ত্ৰনত কিছু পৰিমানে সফল হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ।

উল্লেখ্য যে ইয়াৰ পুৰ্বে ২০১৬ চনত ১৮ টা, ২০১৭ চনত ৬ টা আৰু ২০১৮ চনত ৭ টা গঁড় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাংচিকাৰীয়ে হত্যা কৰিছিল।

বছৰটোত গঁড় হত্যা সংক্ৰান্তত মুঠ ১৭ টা গোচৰ পঞ্জীয়ন কৰি উদ্যান কৰ্তৃপক্ষই ৩৮ জন ব্যক্তিক গঁড় হত্যাৰ গোচৰত আটক কৰিবলৈ সক্ষম হয় বুলি বিভাগীয় সূত্ৰত প্ৰকাশ ৷

ইফালে ২০২০ চনতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সপ্তম, অষ্টম আৰু নৱম সংযোজন ঘোষণা কৰা হয়।

লগতে পূৰ্বে ঘোষিত ৰাষ্ট্ৰীয় উদ্যানখনৰ তৃতীয় আৰু পঞ্চম সংযোজনৰ উপৰি দ্বিতীয় আৰু ষষ্ঠ সংযোজন এলেকাৰ একাংশ ভুমিও আনুষ্ঠানিকভাৱে কাজিৰঙাৰ কৰ্তৃপক্ষৰ হাতত হস্তান্তৰিত কৰা হয়।

একেদৰে ২০২০ চনতেই ৰাষ্ট্ৰীয় উদ্যানখনৰ পশ্চিম দিশৰ কলিয়া ভোমোৰা দলঙৰ কাষত পৰ্যটকৰ বাবে নৌকা বিহাৰৰ সুবিধা, নৱ সংযোজিত বান্দৰডুবি অঞ্চলৰ উপৰি চিৰাং পাহাৰৰ ট্ৰেকিং আৰু পানপুৰত পৰ্যটকৰ বাবে ইক’ টুৰিজিম আৰম্ভ কৰা হয়।

যোৱা বছৰটোতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢাপাহাৰৰ বনাঞ্চলৰ পতাহি বিল আৰু দেওচূড়, বাগৰি বনাঞ্চলৰ বান্দৰডুবি আৰু কহঁৰা বনাঞ্চলৰ হালধিবাৰীত জল সংৰক্ষনৰ বাবে বিশেষ প্ৰকল্প শুভাৰম্ভ কৰা হয়।

২০২০ চনতেই গঁড়ৰ ওপৰত তথ্যচিত্ৰ নিৰ্মানৰ বাবেই কাজিৰঙালৈ আহিছিল বিশ্বৰ আগশাৰীৰৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছেন।

তদুপৰি দেশৰ উচ্চতম ন্যায়লয়ৰ ন্যায়ধীশ শৰদ অৰবিন্দ ব‘বডেকে ধৰি ভালেমান বিশিষ্ট ব্যক্তিও কাজিৰঙালৈ আহিছিল।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd