কাজিৰঙাৰ পৰা মানাহলৈ গঁড় সংস্থাপনৰ বাবে কাজিৰঙাত গঁড় বিচাৰি ৰাতিপুৱাৰে পৰা অভিযান

Rhino

কাজিৰঙাত গঁড়ৰ বিচৰণ

আজি ৰাতিপুৱাৰে পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰাৰ বাবে কাজিৰঙাৰ বাগৰি বনাঞ্চলত গঁড় ধৰা অভিযান আৰম্ভ কৰিছে বন বিভাগে৷

ইয়াৰ বাবে ৰাতিপুৱাৰ পৰা বাগৰি বনাঞ্চলত পৰ্যটকৰ প্ৰৱেশ বন্ধ ৰখা হৈছে৷

কাজিৰঙাত পশু চিকিৎসকৰ সৈতে এটা বিশেষজ্ঞৰ দলে ৰাতিপুৱা ৬ বজাৰ পৰা গঁড় কৰায়ত্ব কৰাৰ বাবে এই অভিযান আৰম্ভ কৰিছে৷

অসম চৰকাৰৰ বনবিভাগে ২০২০ চনৰ ভিতৰত ব্ৰহ্মপুত্ৰ উপত্যকাত গঁড়ৰ জনসংখ্যা ৩০০০ কৰাৰ লক্ষ্যৰে ২০০৫ চনত ‘ইণ্ডিয়ান ৰাইনো ভিচন ২০২০’ নামৰ এক অভিলাষী আঁচনি আৰম্ভ কৰিছিল ৷

গঁড়ৰ আৱাসস্থলীৰ পৰা গঁড় নোহোৱা হৈ যোৱা বনাঞ্চল সমূহত পুনৰ গঁড় সংস্থাপিত কৰাৰ বাবে আচঁনিখনৰ অধীনত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷ যাৰ বাবে ২০০৮ চনৰ পৰা ২০১২ চনলৈ পবিতৰা অভয়াৰণ্যৰ পৰা ১০ টা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৮ টা গঁড় মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়া হৈছিল৷

মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান এই ১৮ টা গঁড়ৰ পৰা গঁড়ৰ সংখ্যা বৃদ্ধি হৈ ৪০ চা হৈছে বুলি বন বিভাগে জনিবলৈ দিছে৷

আজি কাজিৰঙাৰ পৰা পুনৰ দুটা গঁড় মানাহ ৰাষ্ট্ৰীয়  উদ্যানলৈ নিয়াৰ বাবে পুৱাৰে পৰা প্ৰচেষ্টা আৰম্ভ কৰা হৈছে৷ বিশেষজ্ঞ দলৰ পৰামৰ্শ মতে আজি ৰাতিপুৱা কাজিৰঙাৰ বাগৰি বনাঞ্চলৰ পৰা দুজনী পোৱালী নিদিয়া মাইকী গঁড়ক চেতনা নাশক প্ৰক্ৰিয়াৰে কৰায়ত্ব কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে৷ নিৰ্বাচিত দুইজনী গঁড়ক কৰায়ত্ব কৰিব পাৰিলে ১ মাৰ্চৰ পুৱা গঁড় দুজনীক কাজিৰঙাৰ বাগৰিৰ বনাঞ্চলৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰা হ’ব৷

ইফালে, মানাহৰ পাচত গঁড় আৱাস লাওঁখোৱা বুঢ়াচাপৰিলৈও গঁড় নিয়াৰ বাবে বন বিভাগে প্ৰচেষ্টা চলাব বুলি জনাইছে মুখ্য বন সংৰক্ষক তথা গঁড় স্থানান্তৰিতকৰণ অভিযানৰ মুৰব্বী উৎপল বৰাই৷

আজি পুৱাৰে পৰা আৰম্ভ হোৱা অভিযানত বিশ্ব প্ৰকৃতি নিধি, ইন্টাৰনেচনেল ৰাইনো ফাউণ্ডেচন, অসম চৰকাৰৰ বন বিভাগ আৰু বড়ো স্বায়ত্ব শাসিত পৰিষদে বিশেষ নেতৃত্ব লৈছে৷

দিনটোৰ ভিতৰত বাগৰিত গঁড় কৰায়ত্ব কৰিব পাৰিলে চিনাক্তকৰণৰ সুবিধাৰ্থে গঁড়ৰ কানত টেগ লগোৱা হ’ব বুলিও জনাইছে বিষয়া গৰাকীয়ে৷