দ্বিতীয় শ্ৰেণীৰ ভাৰতীয় দলৰ হাতত বিধ্বস্ত কেংগেৰু বাহিনী! কিয় হজম হোৱা নাই ৰিকি পন্টিঙৰ?

ponting on Indian victory

আপাতত: এটা দ্বিতীয় শ্ৰেণীৰ ভাৰতীয় দলৰ হাতত কেনেকৈ পৰাজিত হ’ল অষ্ট্ৰেলিয়া? এই অংকৰ উত্তৰ বিচাৰি পোৱা নাই অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পন্টিঙে।

পন্টিঙে জানিবলৈ দিয়ে যে ২০১৮-১৯ত ভাৰতৰ জয়ৰ পাছত ষ্টিভ স্মিথ আৰু ডেভিড ৱাৰ্ণাৰ নথকাৰ বাবে পেইনৰ দলে কিছু ৰেহাই পাইছিল। কিন্তু এইবাৰ ঘৰৰ মাটিতে বিধ্বস্ত পূৰ্ণশক্তিৰে অৱতীৰ্ণ হোৱা অষ্ট্ৰেলিয়াই কোনো সহানুভুতি পোৱাৰ আশা নাই।

পন্টিঙৰ মতে ব্ৰীছবেনত প্ৰকৃততেই ভাৰতৰ ‘এ’ দলে খেলিছিল। তথাপিও জয়ী হ’ব নোৱাৰিলে অষ্ট্ৰেলিয়া।

উল্লেখ্য যে টেষ্ট ছিৰিজ আৰম্ভ হোৱাৰ পাছত আঘাতৰ বাবে মহম্মদ ছামী, উমেশ যাদব, ৰবীন্দ্ৰ জাডেজা, হনুমা বিহাৰী, যশপ্ৰীত বুমৰাহ দলৰ বাহিৰ হৈছিল। ব্ৰীছবেনত আঘাতৰ বাবে অশ্বিনে খেলিব পৰা নাছিল।

সেইদৰে, পিতৃত্বকালীন ছুটী লৈ ঘৰলৈ উভতিছিল বিৰাট কোহলি। শেষৰখন টেষ্টত সেয়েহে মূল একাদশ গঠনত সমস্যাৰ সন্মুখীন হৈছিল ৰাহানেৰ দলটো।

পন্টিঙে কয়,’’অধিনায়ক উভতি যোৱা, আঘাতৰ বাবে যি পৰিস্থিতিৰ সৃষ্টি হৈছিল তাত ভাৰতীয় দলে অৱশিষ্ট খেলুৱৈকেইগৰাকীকে ঘুৰাই-ফিৰাই খেলাবলগীয়া হৈছে। আনহাতে, ৱাৰ্ণাৰৰ অনুপস্থিতিত অষ্ট্ৰেলিয়াই পূৰ্ণ শক্তিৰে খেলপথাৰত নামিছিল। সেয়ে, এই পৰাজয় হজম কৰা টান।‘’

তেওঁ লগতে কয়,’’এইটো সম্ভৱত: দ্বিতীয় শ্ৰেণীৰ ভাৰতীয় দলো নহয়। ভুৱনেশ্বৰ কুমাৰ, ইশান্ত শৰ্মাৰ দৰে খেলুৱৈ তাত নাছিল। শেষৰ দুখন মেচত মাত্ৰ আছিল ৰোহিত শৰ্মা।‘’

অৱশ্যে, ভাৰতৰ বিজয়ত আশ্চৰ্য প্ৰকাশ কৰিলে পন্টিঙে কয় যে ৰাহানেৰ দলটোৱে যোগ্যভাৱেই ছিৰিজ জয় কৰিছে।