সঁচাই নিজতকৈ ৯ বছৰে ডাঙৰ অভিনেত্ৰীৰ সৈতে প্ৰেম শুভমনৰ! ওলাইছে বিবাহৰ গুঞ্জনো

ফটোঃ সংগ্ৰহীত।

হঠাৎ ভাৰতৰ জনপ্ৰিয় ক্ৰিকেটাৰ শুভমন গীলৰ বিয়া বুলি গুঞ্জন উঠিছে। সেয়া  ছাৰা আলী খান বা ছাৰা তেণ্ডুলকাৰ নহয়, শুভমনৰ বিবাহৰ পাত্ৰী আন এগৰাকী বলীউডৰ অভিনেত্ৰী ৰিধিমা পণ্ডিত।

আনকি, দৰা-কইনাৰ পৰিয়ালে এই বিবাহৰ বাবে সন্মতি দিয়া বুলিও চৰ্চা চলিছে। অহা ডিচেম্বৰ মাহত হ’ব পাৰে শুভমন আৰু ৰিধিমাৰ বিয়া! সেয়ে স্বাভাৱিকতে প্ৰশ্ন উঠিছে, সঁচাই দুই ছাৰাক পাহৰি শুভমনৰ মন জুৰি এতিয়া কেবল ৰিধিমা?

অভিনেত্ৰী ৰিধিমাই অৱশ্যে নিজেই এই গুঞ্জনৰ উত্তৰ দিছে। তেওঁ সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ ক’লে যে, ‘আজি পুৱাৰে পৰা শুভেচ্ছাৰ জোৱাৰ উঠিছে। মোৰ বিয়াৰ বাবে সকলোৱে অভিনন্দন জনাইছে। প্ৰথমে বুজি পোৱা নাছিলো। পিছত এই গুঞ্জনৰ খবৰটো পাই ভাবিলোঁ এতিয়া মুখ খোলা উচিত।’

ৰিধিমা পণ্ডিত আৰু শুভমন গীল। ফটোঃ সংগ্ৰহীত।

ৰিধিমাই ক’লে, ‘মই শুভমনক চিনিয়ে নাপাওঁ। আমি কেতিয়াও লগ হোৱা নাই। এই খবৰটো কেনেকৈ ওলাল মই বুজি পোৱা নাই। মই একেবাৰে ছিংগল। নিশ্চিতভাৱে বিয়া পাতিবলৈ মন যায়। কিন্তু শুভমনৰ লগত নহয়। শুভমনৰ নামৰ সৈতে জড়িত কৰি যি খবৰ ওলাইছে সেয়া ভুৱা।’ আনকি, ৰিধিমাই এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি ইনষ্টাগ্ৰামত এটা দীঘলীয়া পোষ্টো দিছে।

উল্লেখ্য যে ১৯৯০ চনত জন্মগ্ৰহণ কৰা ৰিধিমা শুভমনতকৈ প্ৰায় ৯ বছৰ ডাঙৰ। নাগিনৰ সপ্তম ছিজনৰ পৰাই টিভিত অভিষেক ঘটাইছে। বিগ বছ অ’টিটিৰ প্ৰথম ছিজনতো তেওঁক দেখা গৈছিল। ‘বহু হামাৰী ৰজনীকান্ত’, ‘খটৰা খটৰা খটৰা’ৰ দৰে টেলিভিছন শ্ব’তো তেওঁক দেখা গৈছিল। এই মুহূৰ্তত তেওঁ ধাৰাবাহিকৰ কামত ব্যস্ত। ইফালে শুভমন ব্যস্ত বিশ্বকাপত।