বিশ্বৰ বৈচিত্ৰ্যৰ মাজতো একতা সম্ভৱ আৰু সেই একতাৰ আদৰ্শ বিশ্বৰ সন্মুখত তুলি ধৰাই ভাৰতৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব বুলি মন্তব্য কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক মোহন ভাগৱতে। আমেৰিকাৰ নিউয়ৰ্কৰ মাডিছন স্কোৱেৰ গাৰ্ডেনত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত ভাগৱতে কয় যে বৈচিত্ৰ্য আৰু একতা ভাৰতীয় জীৱন-ধাৰণাৰ অন্তৰ্নিহিত অংশ। কেৱল কথাৰে নহয়, নিজৰ আচৰণ আৰু কৰ্মৰ জৰিয়তে এই বাৰ্তা বিশ্ববাসীৰ ওচৰলৈ লৈ যাব লাগিব।
২৯ আগষ্টত ‘AHEAD’ নামৰ সংগঠনে আয়োজন কৰা ‘Universal Oneness Celebration’ অনুষ্ঠানত মুখ্য বক্তা হিচাপে ভাষণ দি ভাগৱতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলৰ সন্মুখত ভাৰতৰ ভূমিকা আৰু দায়িত্বৰ বিষয়ে মত প্ৰকাশ কৰে। অনুষ্ঠানটোত আমেৰিকাৰ ৩৯খন ৰাজ্য আৰু ৮৫০খন চহৰৰ প্ৰতিনিধিৰ লগতে বিশ্বৰ ২৯খন দেশৰ পৰা অহা প্ৰায় ছয় হাজাৰ আমন্ত্ৰিত লোক উপস্থিত আছিল।
ভাগৱতৰ মতে, কোনো এখন ৰাষ্ট্ৰ কেৱল মানচিত্ৰত থকা সীমাৰেখাৰে নিৰ্ধাৰিত নহয়। বিশ্বৰ বৃহৎ ব্যৱস্থাত প্ৰতিখন দেশৰেই একোটা বিশেষ দায়িত্ব আৰু উদ্দেশ্য থাকে। স্বামী বিবেকানন্দৰ বাণীৰ কথা স্মৰণ কৰি তেওঁ কয় যে প্ৰতিখন দেশৰ বিশ্ববাসীক দিয়াৰ বাবে একোটা বিশেষ বাৰ্তা আছে আৰু সেই বাৰ্তাক জীৱন আৰু কৰ্মৰ মাজেৰে প্ৰকাশ কৰাটো দেশবাসীৰ দায়িত্ব।
আমেৰিকাৰ ক্ষেত্ৰত বহুত্ববাদৰ কথা অধিক চৰ্চিত হয় যদিও ভাৰতৰ মূল শক্তি হৈছে বৈচিত্ৰ্যৰ মাজত একতা বুলি তেওঁ উল্লেখ কৰে। তেওঁৰ মতে, ভাৰতীয় সমাজত ভিন্নতা থাকিলেও মানুহৰ মাজৰ অন্তৰ্নিহিত একতা অটুট। এই বৈচিত্ৰ্য কেৱল সহ্য কৰা বা সন্মান কৰাৰ বিষয় নহয়, বৰং তাক আনন্দৰে গ্ৰহণ আৰু উদযাপন কৰাটোও সমানেই প্ৰয়োজনীয়।
প্ৰবাসী ভাৰতীয়সকলৰ দায়িত্বৰ বিষয়েও ভাগৱতে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে যিসকলে আমেৰিকাক নিজৰ কৰ্মভূমি হিচাপে গ্ৰহণ কৰিছে, তেওঁলোকৰ প্ৰথম দায়িত্ব সেই দেশৰ প্ৰতিহে। তাত বাস কৰি, উপাৰ্জন কৰি জীৱন কটোৱা লোকসকলে নিষ্ঠা আৰু দায়িত্ববোধেৰে আমেৰিকাৰ সমাজৰ অংশ হিচাপে কাম কৰিব লাগে।
একেদৰে নিজৰ জন্মভূমি ভাৰতৰ বাবেও কাম কৰাৰ ইচ্ছা থাকিলে তাত কোনো বাধা নাই বুলি তেওঁ কয়। অৱশ্যে জন্মভূমিয়ে প্ৰবাসীসকলৰ পৰা মূলত নিজৰ মূল্যবোধক জীৱনত ধাৰণ কৰাৰ আশাই কৰে। দেশৰ পৰা লাভ কৰা সংস্কাৰ, আদৰ্শ আৰু মানৱীয় মূল্যবোধ লৈ যি ঠাইতে থাকক, সৎভাৱে জীৱন যাপন কৰাটোৱেই জন্মভূমিৰ প্ৰতি এক ডাঙৰ সেৱা বুলি ভাগৱতে বুজাই দিয়ে।
মানুহৰ স্বভাৱ আৰু চিন্তাৰ বিষয়ে ব্যাখ্যা কৰিবলৈ গৈ তেওঁ ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ মাজৰ পাৰ্থক্যও দাঙি ধৰে। তেওঁৰ মতে, যিসকলে নিজৰ শর্ত আনৰ ওপৰত জাপি দি কয় যে তেওঁলোকৰ কথা মানিলেহে সহায় বা সুৰক্ষা লাভ কৰিব পাৰিব, সেই মনোভাৱ প্ৰকৃত ৰক্ষকৰ নহয়। এনে চিন্তাধাৰাত আধিপত্য আৰু স্বাৰ্থ লুকাই থাকে, যাক তেওঁ ‘ৰাক্ষস’ প্ৰবৃত্তিৰ সৈতে তুলনা কৰে।
ইয়াৰ বিপৰীতে, যিসকলে নিজৰ লাভ-লোকচান, মতামত বা আনজন কিমান উপযোগী সেই হিচাপ নকৰি সকলো মানুহক লৈ আগবাঢ়িবলৈ চেষ্টা কৰে, আনৰ কল্যাণ আৰু মানৱতাৰ স্বাৰ্থক আগস্থান দিয়ে, তেওঁলোকৰ মনোভাৱ ‘দেৱ’ৰ দৰে বুলি ভাগৱতে কয়। মানুহৰ সৈতে মানুহৰ সম্পৰ্কত সহমৰ্মিতা, ভ্ৰাতৃত্ববোধ আৰু নিঃস্বাৰ্থ দায়িত্বই সমাজক সুস্থভাৱে আগুৱাই নিয়ে বুলি তেওঁ মত প্ৰকাশ কৰে।
ভাগৱতে লগতে কয় যে মানুহৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে চিন্তা কৰাৰ ক্ষমতা। সৎ আৰু সঠিক চিন্তাই মানুহক উচ্চতালৈ নিয়ে যায় আৰু ঈশ্বৰৰ ওচৰলৈ লৈ যায়। আনহাতে, ভুল আৰু স্বাৰ্থপৰ চিন্তাই মানুহক ধীৰে ধীৰে পশুত্বৰ ফালে ঠেলি দিয়ে। বাহ্যিক ৰূপ, ভাষা, জাতি বা সংস্কৃতি ভিন্ন হ’লেও মানুহৰ ভিতৰত থকা মূল সত্তা একে বুলি উপলব্ধি কৰিব পাৰিলেই বৈচিত্ৰ্যৰ মাজত একতা গঢ়ি তোলা সম্ভৱ।
তেওঁৰ মতে, বিশ্বক একেলগে ধৰি ৰখাৰ দায়িত্ব কোনো এখন দেশ বা কোনো এক শ্ৰেণীৰ মানুহৰ নহয়। এই দায়িত্ব সমগ্ৰ মানৱজাতিৰ। সঠিক চিন্তা, মানৱীয়তা আৰু পৰস্পৰৰ প্ৰতি সন্মানৰ ওপৰতেই বিশ্বৰ শান্তি আৰু একতাৰ ভেটি গঢ়ি উঠিব পাৰে।


