পিতৃয়ে কিনি ৰাখিছিল মিঠাই, ফটকা! বিশ্বকাপত সুযোগ নাপাই কাক প্ৰথম ফোন ৰিংকু সিঙৰ?

টী-২০ বিশ্বকাপৰ ভাৰতীয় দলত সুযোগ নাপালে ৰিংকু সিঙে। পুত্ৰই সুযোগ নোপোৱাত হতাশ হৈ পৰিছে কলকাতা নাইট ৰাইডাৰ্ছৰ ক্ৰিকেটাৰৰ পিতৃ খানচন্দ্ৰ সিঙ। তেওঁলোকৰ পৰিয়ালৰ সকলোৱে হতাশ। দলত সুযোগ নোপোৱাৰ পিছত ৰিংকুৱে প্ৰথমে মাকৰ লগত কথা পাতে।

এই মুহূৰ্তত দেশৰ টী-২০ ক্ৰিকেটত অন্যতম শ্ৰেষ্ঠ ফিনিছাৰ হিচাপে পৰিচিত ৰিংকু সিং। দেশৰ জাৰ্চি পিন্ধি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো তেওঁ যথেষ্ট সফল। কে কে আৰ ক্ৰিকেটাৰগৰাকীয়ে অন্তিম অভাৰত যিকোনো বলাৰৰ বল খেলপথাৰৰ বাহিৰলৈ সহজে পঠিয়াব পাৰে।

লগতে পঢ়কঃ কোভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়া কিমান বিপদজনক? বিশেষজ্ঞ পেনেল গঠনৰ আবেদন উচ্চতম ন্যায়ালয়ত

বহুতে তেওঁ বিশ্বকাপৰ দলত সুযোগ নোপোৱাত আচৰিত হৈছে। ৰিংকুৰ পৰিয়ালটোক আচৰিত কৰাৰ লগতে হতাশাইও আৱৰি ধৰিছে। পিতৃ খানচন্দ্ৰই কয়, “আশাটো আছিলেই। সেয়ে, আৰু অধিক হতাশ অনুভৱ কৰিছো। আমি উদযাপন কৰিবলৈ মিঠাই আৰু ফটকাও কিনিলোঁ। আমি আশা কৰিছিলোঁ যে ৰিংকু কেৱল ১৫ জনীয়া দলতেই নহয়, বিশ্বকাপৰ বাবে প্ৰথম একাদশতো থাকিব। কিন্তু দলত স্থান নাপালে। আমাৰ সকলোৰে মন ভাঙি পৰিছে। ৰিংকুও বৰ হতাশ।” খানচন্দ্ৰই কয় যে ঘৰৰ কোনেও আগতে কিনি ৰখা মিঠাই খাব নিবিচাৰে।

দল ঘোষণাৰ পিছত ল’ৰাটোৰ লগত কথা পাতিছেনে? ৰিংকুৰ পিতৃয়ে কয়, “হয়, ৰিংকুৱে মাকক ফোন কৰিছিল।” কৈছিল যে “মোৰ বিশ্বকাপ খেলাৰ কোনো সুযোগ নাই। কাৰণ মোৰ নাম ১১ জনীয়া দলত নাই, আনকি ১৫ জনীয়া দলটোতো নাই। কিন্তু হয়তো আমি দলটোৰ সৈতে আমেৰিকালৈ যাব লাগিব।”

ৰিংকুক ৰিজাৰ্ভ মেম্বাৰ হিচাপে ৰখা হৈছে। ঘোষিত দলৰ যিকোনো বেটছমেনক সলনি কৰিলে কেকেআৰৰ বেটছমেনৰ বাবে বিশ্বকাপৰ দুৱাৰ মুকলি হ’ব পাৰে।

লগতে পঢ়কঃ IPL 2024: গাঁঠি সুলকিল চেন্নাইৰ! পঞ্জাৱৰ হাতত পৰাজিত হৈ প্লে অফৰ দৌৰত চাপত পৰিল ছুপাৰ কিংছ

এই পৰ্যন্ত দেশৰ হৈ ১৫খন টী-২০ মেচ খেলিছে ৰিংকুৱে। ৩৫৬ ৰান সংগ্ৰহ কৰে। তেওঁৰ গড় ৮৯। ষ্ট্ৰাইক ৰেট ১৭৬.২৩। শেষত বেটিং কৰিবলৈ নামিও তেওঁ দুটা অৰ্দ্ধশতক অৰ্জন কৰে। দেশৰ হৈ এদিনীয়া খেলো খেলিছিল। এছিয়ান গেমছত সোণৰ পদক লাভ কৰা দলটোৰ অন্যতম সদস্য আছিল ৰিংকু।