‘‘ৰাজ্যৰ বিজেপি চৰকাৰৰ শিক্ষা বিভাগে এতিয়া মহম্মদ বিন টোঘলকৰ দৰে সিদ্ধান্ত লৈছে। শিশুৰ অধিকাৰ, মানৱ অধিকাৰ আৰু শিক্ষাৰ অধিকাৰৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক বঞ্চিত কৰা বাবে সিদ্ধাৰ্থ ভট্টাচাৰ্য্যক গ্ৰেপ্তাৰ কৰিব লাগে,’’ মধ্যাহ্ন ভোজন প্ৰসংগত সংবাদমেলত চৰকাৰক কঠোৰ সমালোচনা কৰি ৰিপুন বৰাই এনেদৰে কয়।
‘‘বহু ঠাইত শিশুসকলে খাদ্য খাব পৰা নাই, তিনিচুকীয়া আৰু লখিমপুৰত শুকুৰবাৰে গেলা খাদ্য খাই প্ৰায় ১০০ গৰাকী শিশু অসুস্থ হৈ পৰিছে। শিশুক কেতিয়াও অখাদ্য খুৱাব নালাগে, এনেধৰণৰ কাৰ্য্যই শিশুৰ মানৱাধিকাৰ ভংগ কৰিছে,’’ ৰিপুন বৰাই পুনৰ কয়।
অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি গৰাকীয়ে উচ্চতম ন্যায়ালয়ে এইক্ষেত্ৰত নিজাববীয়াকৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও দাবী জনায়।
নতুন দিল্লী আৰু উত্তৰ প্ৰদেশত ব্লেক লিষ্টেড এন জি অ’ ক্ৰমে ঘনশ্যাম, নৱ প্ৰয়াসক কি কাৰণত মধ্যাহ্ন ভোজনৰ দায়িত্ব দিয়া হৈছে সেই ক্ষেত্ৰত চি বি আই তদন্তৰো দাবী জনাই ৰিপুন বৰাই।
আনহাতে, চৰকাৰে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ এছ পি জি নিৰাপত্তা কৰ্তন কৰাৰ প্ৰসংগতো ৰিপুন বৰাই তীব্ৰ সমালোচনা কৰি ইয়াক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আখ্যা দিয়ে।
গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা এছ পি জি নিৰাপত্তা কৰ্তন কৰা প্ৰসংগত উত্তৰ বিচাৰি ১১ নৱেম্বৰত কংগ্ৰেছে ৰাজ্য জুৰি প্ৰতিবাদ সাব্যস্ত কৰিব সংবাদ মেলত বৰাই ঘোষণা কৰে।
ভি পি সিঙে ৰাজীৱ গান্ধীৰ এছ পি জি নিৰাপত্তা উঠাই লোৱাৰ পাছত ৰাজীৱ গান্ধীক হত্যা আৰু ইন্দিৰা গান্ধীৰ হত্যাৰ সময়তো এছ পি জি ব্যৱস্থা নাছিল বুলি উল্লেখ কৰি ৰিপুন বৰাই ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীক হত্যা কৰিলে কোনে দায়িত্ব ল’ব বুলি প্ৰশ্ন কৰে।