ভাৰতীয় ক্ৰিকেট জগতৰ বাবে নিঃসন্দেহে ৰিষভ পণ্ট এটা নৱতম চাঞ্চল্য।
২৩ বৰ্ষীয় দিল্লীৰ উইকেটকীপাৰ বেটছমেনজনে শেহতীয়াভাৱে নিজস্ব বেটিং কৌশলেৰে অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।
যোৱা বৰ্ষৰ অষ্ট্ৰেলিয়াৰ মাটিত তেওঁ এজন টেষ্ট ক্ৰিকেটাৰ হিচাপে সুন্দৰ প্ৰদৰ্শন আগবঢ়ায় আৰু দলক ২-১ ব্যৱধানত বিজয়ী কৰাত সহায় কৰে।
বৰ্তমান তেওঁক এজন সঁচা অৰ্থত মেচ-উইনাৰ হিচাপে গণ্য কৰা হৈছে।
শেহতীয়াভাৱে সমাপ্ত হৈ যোৱা ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাত তেওঁ চাঞ্চল্যকৰ প্ৰদৰ্শন আগবঢ়ায়।
তেওঁৰ এই অদমনীয় প্ৰদৰ্শনৰ বাবে মঙলবাৰে আইপিএলৰ ফ্ৰেঞ্চাইজি দিল্লী কেপিটেলছে পণ্টক অধিনায়ক হিচাপে নিযুক্তি দিয়ে।
চলিত বৰ্ষৰ আইপিএলত ১০ এপ্ৰিলত দিল্লী কেপিটেলছে চেন্নাই চুপাৰ কিংছৰ স’তে মুখামুখি হ’ব।
অনুৰাগীসকলে মেচখনৰ বাবে উৎকণ্ঠাৰে সময় পাৰ কৰিছে।
ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা বেটছমেন মহম্মদ আজহাৰুদ্দিনে এইক্ষেত্ৰত এক অনন্য ভাষ্য প্ৰদান কৰিছে।
তেওঁ কৈছে যে পণ্টক ভৱিষ্যতে ভাৰতৰ অধিনায়কৰ পদবী দিলে তেওঁ অলপো আচৰিত নহ’ব।
Rishabh Pant has had such fabulous few months,establishing himself in all formats. It won’t come as a surprise if the selectors see him as a front-runner fr Indian captaincy in near future.His attacking cricket will stand India in good stead in times to come.@RishabhPant17 @BCCI
— Mohammed Azharuddin (@azharflicks) March 31, 2021
বুধবাৰে এটা টুইটযোগে আজহাৰে কয় যে শেহতীয়াকৈ ঋষভ পণ্টক দুৰ্দান্ত ৰূপত দেখা গৈছে আৰু ক্ৰিকেটৰ সকলো ফৰ্মেটতে তেওঁ নিজকে প্ৰতিষ্ঠা কৰিছে।
”তেওঁৰ আক্ৰমণাত্মক ক্ৰিকেটে অনাগত সময়ত ভাৰতক এটা শ্ৰেষ্ঠ অৱস্থালৈ লৈ যাব।”- আজহাৰে টুইটটোত কয়।
আনহাতে, দিল্লী কেপিটেলছৰ অধিনায়কৰ পদবী লাভ কৰি পণ্টে কয় যে তেওঁৰ গৃহভূমি দিল্লীক নেতৃত্ব দিয়াৰ সপোন আছিল।
তেওঁ দলটোৰ স্বত্বাধিকাৰসকলক ইয়াৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।