• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অলপৰ বাবে শতৰাণৰ পৰা বঞ্চিত হ’লেও অষ্ট্ৰেলিয়াত অনন্য অভিলেখ গঢ়িলে ঋষভ পন্টে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 11, 2021 12:25 pm

2 min read

WhatsApp Image 2021-01-11 at 11.52.15 AM

ঋষভ পন্ট।

458
VIEWS
Share on FacebookShare on Twitter

শৰীৰত আঘাত লৈও অষ্ট্ৰেলিয়াৰ ছিডনী টেষ্টত এক বিস্ফোৰক ইনিংছ খেলিলে ঋষভ পন্টে।  মাত্ৰ ৩ৰাণৰ বাবে শতৰাণৰ পৰা বঞ্চিত হয় পন্ট।

কিন্তু শতৰাণৰ পৰা বঞ্চিত হ’লেও অষ্ট্ৰেলিয়াৰ মাটিত অনন্য অভিলেখ গঢ়িলে এইগৰাকী তৰুণ ভাৰতীয় বেটছমেনে।

উইকেটকীপাৰ বেটছমেন হিচাপে অষ্ট্ৰেলিয়াত টেষ্টত এছিয়ান ক্ৰিকেটাৰসকলৰ ভিতৰত সৰ্বাধিক ৰাণৰ গৰাকী হ’ল পন্ট। এইক্ষেত্ৰত তেওঁ চৈয়দ কিৰমানিৰ অভিলেখ ভংগ কৰে। তাকো প্ৰায় আধা সংখ্যক টেষ্ট মেচ খেলি।

সোমবাৰে ছিডনী টেষ্টৰ পঞ্চম তথা অন্তিম দিনটোত মেচ ৰক্ষা কৰাৰ যুঁজত প্ৰথমতে আঘাত লাগে ভাৰতৰ। হনুমা বিহাৰীৰ পৰিৱৰ্তে পাঁচ নম্বৰ স্থানত স্থান বেটিং কৰিবলৈ আহে ঋষভ পন্ট।

চাপৰ মাজতো ৰক্ষণাত্মক খেলৰ পৰিৱৰ্তে আক্ৰমণা নীতি গ্ৰহণ কৰে পন্টে। ইয়াৰ ফলত দিশহাৰা হৈ পৰে অষ্ট্ৰেলিয়া। শৰীৰত আঘাত লৈও অষ্ট্ৰেলিয়াৰ বলাৰসকলক ৰেহাই নিদিলে পন্টে।

দুৰ্ভাগ্যজনকভাৱে ব্যক্তিগত ৯৭ৰাণত নাথন লিয়নৰ বলত বৃহৎ শ্বট খেলিবলৈ গৈ আউট হয় পন্ট। কিন্তু ইতিমধ্যে অষ্ট্ৰেলিয়াৰ মাটিত অভিলেখ গঢ়ে ঋষভে।

এছিয়ান উইকেটকীপাৰ বেটছমেন হিচাপে অষ্ট্ৰেলিয়াত টেষ্ট মেচত সৰ্বাধিক ৰাণৰ হিচাপত পন্টে চৈয়দ কিৰমানিৰ অভিলেখ ভংগ কৰে।

১৯৭৭চনৰ পৰা ১৯৮৬চনৰ ভিতৰত অষ্ট্ৰেলিয়াত ১১খন টেষ্ট মেচৰ ১৭টা ইনিংছত কিৰমানিয়ে ৪৭১ ৰাণ কৰিছিল। ইয়াত তেওঁৰ সৰ্বোচ্চ ৰাণ আছিল ৫৫ আৰু ৰাণৰ গড় আছিল ২৯.৪৩।

কিৰমানিৰ এই অভিলেখ ভংগ কৰিবলৈ ঋষভে মাত্ৰ ছয়খন টেষ্টৰ ১০টা ইনিংছ খেলিছে। ছিডনীৰ তৃতীয় টেষ্টলৈকে পন্টে ৫১২ৰাণ কৰিছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd