ক্ৰিকেট বিশ্বত চমক ৰিয়ান পৰাগৰ! ছেহৱাগৰ অভিলেখ ভংগ কৰি গঢ়িলে বিৰল ইতিহাস

অসমৰ অলৰাউণ্ডাৰ ৰিয়ান পৰাগে টী-২০ ফৰ্মেটত ইতিহাস ৰচিলে। টী-২০ ফৰ্মেটত বেক টু বেক ছয়টা অৰ্দ্ধ শতক অৰ্জন কৰা প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় ৰিয়ান। সাক্ষী হৈ ৰ’ল চৈয়দ মুস্তাক আলী ট্ৰফী  ২০২৩। ঘৰুৱা টী-২০ প্ৰতিযোগিতাত ৰিয়ান যে বিস্ফোৰক ফৰ্মত আছে তাক দোহৰাৰ প্ৰয়োজন নাই। ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰগৰাকীয়ে এই প্ৰতিযোগিতাত সম্পূৰ্ণ দমনীয় প্ৰদৰ্শন দাঙি ধৰিছে।

শুকুৰবাৰে কেৰালাই চৈয়দ মুস্তাক আলী ট্ৰফীত অসমৰ বিৰুদ্ধে খেলিছিল। টছত জয়ী হৈ অসমে মুম্বাইৰ বান্দ্ৰা কুৰলা কমপ্লেক্সত ফিল্ডিং কৰে। প্ৰথমে বেটিং কৰি কেৰালাই ৬ উইকেটত ১২৭ ৰান সংগ্ৰহ কৰে।

ইয়াৰ প্ৰত্যুত্তৰত অসমে দুটা উইকেট হেৰুৱাই মেচখনত জয়লাভ কৰে। সৌজন্যত ৰিয়ান। তেওঁ মাত্ৰ ৩৩টা বলত ৫৭ ৰানৰ অপৰাজিত ইনিংছ খেলি ইতিহাস ৰচনা কৰে।

ইয়াৰ পূৰ্বে বিহাৰ, চাৰ্ভিচেছ, ছিকিম, চণ্ডীগড় আৰু হিমাচল প্ৰদেশৰ বিৰুদ্ধেও অৰ্ধশতক অৰ্জন কৰিছিল ৰিয়ানে। ৰিয়ানে সাতখন মেচৰ ভিতৰত ছখন খেলত ছয়টা অৰ্ধশতক অৰ্জন কৰে। ৰিয়ানৰ মুঠ সংগ্ৰহ ৪৪০ ৰান। বৰ্তমান তেওঁ প্ৰতিযোগিতাখনৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী।

ৰিয়ানে বলিঙতো ভাল প্ৰদৰ্শন দাঙি ধৰিছে। গুৱাহাটীৰ ২১ বছৰীয়া অল ৰাউণ্ডাৰগৰাকীয়ে প্ৰতিযোগিতাখনত ৯টা উইকেট দখল কৰে। তেওঁ নিজ দলৰ হৈ সৰ্বাধিক উইকেট দখল কৰে। ৰিয়ানৰ  ইক’নমি ৰেট ৭.১৪।

ইয়াৰ পূৰ্বে বীৰেন্দ্ৰ ছেহৱাগে একেৰাহে ৫টা অৰ্ধশতক অৰ্জন কৰিছিল। ২০১২ চনৰ আই পি এলত প্ৰাক্তন ভাৰতীয় বিস্ফোৰক অ’পেনাৰগৰাকীয়ে এক দুৰ্দান্ত ধাৰাবাহিকতা দাঙি ধৰিছিল। ৰিয়ানে বীৰুক অতিক্ৰম কৰিলে।

উল্লেখ্য যে দেওধৰ ট্ৰফীতো আক্ৰমণাত্মক ফৰ্মত আছিল ৰিয়ান। পাঁচখন মেচত ৩৫৪ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ উপৰিও তেওঁ প্ৰতিযোগিতাখনৰ সৰ্বাধিক ৰান স্ক’ৰাৰ হিচাপে পৰিগণিত হয়। বেটিঙৰ লগতে বলিঙতো উজলি উঠিছিল ৰিয়ান। তেওঁ দখল কৰিছিল ১১টা উইকেট।

অৱশ্যে যোৱা আই পি এলত ভাল ফৰ্মত নথকা বুলি ছ’চিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল ৰিয়ান।