NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচনৰ সময়ত শিমলাত পিকনিকত ব্যস্ত আছিল ৰাহুল; আৰ জে ডি নেতাৰ বিস্ফোৰক অভিযোগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 16, 2020 10:47 am
Rahul gandhi

বিহাৰত পুনৰ ৰাজনৈতিক উত্তাপ বৃদ্ধি পাইছে। উপ মুখ্যমন্ত্ৰী পদৰ দৌৰৰ পৰা আঁতৰিল বিজেপিৰ সুশীল মোদী। আনহাতে, আৰজেডিৰ জ্যেষ্ঠ নেতা শিবানন্দ তিৱাৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছক।

আৰজেডি নেতাগৰাকীয়ে অভিযোগ কৰে যে ৰাহুল গান্ধীৰ বিভিন্ন কামৰ বাবে বিজেপিয়ে সুযোগ পাইছে।

শিবানন্দ তিৱাৰীয়ে দাবী কৰে যে মহাজোঁটৰ বাবে ডাঙৰ বাধা হৈ পৰিছে কংগ্ৰেছ। তেওঁ কয় যে ৭০গৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰা কংগ্ৰেছে ৭০টা ৰেলিও নকৰিলে।

তিৱাৰীয়ে কয় যে ৰাহুল গান্ধীয়ে মাত্ৰ তিনিদিনৰ বাবে বিহাৰলৈ আহিছিল। আনহাতে, বিহাৰত সিমান পৰিচিত নহয় বাবে প্ৰিয়ংকা গান্ধী নাহিল।

কিন্তু তিৱাৰীয়ে তেওঁৰ বিস্ফোৰক অভিযোগত কয় যে যেতিয়া নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছিল, সেই সময়ত ৰাহুল গান্ধীয়ে শিমলাত প্ৰিয়ংকাৰ গান্ধীৰ ঘৰত পিকনিক কৰিছিল।

তিৱাৰীয়ে এনেধৰণে দল কেনেকৈ চলিব বুলিও প্ৰশ্ন কৰে। তেওঁ দাবী কৰে যে কংগ্ৰেছ যিধৰণে পৰিচালিত হৈছে তাত বিজেপি লাভান্বিত হৈছে।

আৰজেডি নেতাগৰাকীয়ে লগতে কয় যে কেবল বিহাৰতে নহয়, আন ৰাজ্যতো কংগ্ৰেছে অধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰাত গুৰুত্ব দিয়ে যদিও নিৰ্বাচনত জয়লাভ কৰাত ব্যৰ্থ হয়। কংগ্ৰেছে এই সন্দৰ্ভত চিন্তা কৰা উচিত বুলিও তেওঁ মন্তব্য কৰে।

বিহাৰত কংগ্ৰেছে ৭০খন আসনত যুঁজ দিছিল যদিও মাত্ৰ ১৯খন আসনতহে বিজয়ী হ’বলৈ সক্ষম হয়। দলটোৱে আৰু ১০খন আসন বেছিকৈ লাভ কৰিলেই নিৰ্বাচনী অংক উলটি গ’লহেঁতেন বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে।