কোকৰাঝাৰ চহৰৰ জেডি ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ গাড়ীত খুন্দা মাৰিলে ক্ৰেটা বাহনে
কোকৰাঝাৰ চহৰৰ জেডি ৰোডত ঘটিছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।কোকৰাঝাৰত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ গাড়ীত খুন্দা মাৰিলে -26-D-8221 নম্বৰৰ ক্ৰেটা বাহনে ।
মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ AS-16 H-6416 নম্বৰৰ ইন’ভা বাহনক খুন্দিয়ালে AS-26-D-8221 নম্বৰৰ ক্ৰেটা বাহনে ।
বডোলেণ্ডৰ মুখ্য সদৰ কোকৰাঝাৰ চহৰৰ দক্ষিণ দিশৰ পৰা অহা AS-26-D-8221 নম্বৰৰ ক্ৰেটা বাহনখনে মহতিয়াই নিয়ে স্কুটিসহ পাঁচখনকৈ বাহনক ।
এই দুৰ্ঘটনাত সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰে বহু পথচাৰীৰ ।
দুৰ্ঘটনা ঘটোৱা কৰা বাহনৰ চালক টিকেন ব্ৰহ্মক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ।
অৱশ্যে দুৰ্ঘটনা ঘটাৰ সময়ত গাড়ীত নাছিল মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ।
মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ ইনভা গাড়ীখন পাৰ্কিং কৰি থোৱা আছিল ।
পাৰ্কিং কৰি থোৱা অৱস্থাতে পিছপিনৰ পৰা বাহন খন মহটিয়াই লৈ যায় দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনে ।
এই ঘটনাত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ ইনভা গাড়ীখনৰ ব্যাপক ক্ষতি ।