নলবাৰীৰ মুকালমুৱাত মেজিকৰ খুন্দাত প্ৰাণ গ’ল এজন কিশোৰৰ

Accident-750x375-1-1

প্রতিনিধিত্বমূলক ছবি

আজি নলবাৰী জিলাৰ মুকালমুৱাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। মুকালমুৱাৰ ঘোগাত সংঘটিত হোৱা দুৰ্ঘটনাটোত এটি কিশোৰে কৰুণ মৃত্যুক আঁকোৱালি লোৱাৰ লগতে চাৰিজনকৈ লোক গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে এখন দ্ৰুতবেগী মেজিক বাহনৰ খুন্দাত কিশোৰজনৰ মৃত্যু হয়। কিশোৰজনে চাইকেল লৈ আহি থকা অৱস্থাত তীব্ৰবেগী মেজিকখনে খুন্দিয়াই যাৰ ফলত ইনজামুল হক নামৰ কিশোৰজনৰ ঘটনাস্থলতে মৃত্যু হয়।

আনহাতে কিশোৰজনক খুন্দিওৱাৰ পাছতে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা দ খাৱৈত বাগৰি পৰে। ফলত মেজিক বাহনখনত থকা চাৰিজনকৈ যাত্ৰী গুৰুতৰভাৱে আহত হয়। আহত লোকজনক চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

ইফালে পথ দুৰ্ঘটনাটোত কিশোৰজনে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হোৱাত স্থানীয় অঞ্চলবাসী ক্ষুব্ধ হৈ পৰে আৰু উত্তেজিত জনতাই হাজো-মুকালমুৱা সংযোগী পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

স্থানীয় লোকসকলৰ ভাষ্য অনুসৰি হাজো-মুকালমুৱা সংযোগী পথৰ দুৰৱস্থা তথা মেজিক, টেম্প’ আদি বাহনৰ চালকৰ দৌৰাত্ম্যৰ বাবেই এনেদৰে উক্ত অঞ্চলত প্ৰায় পথ দুৰ্ঘটনা সংঘটিত হৈ থাকে।