• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

মহাতাৰকাৰ মহাযুগৰ অৱসান: টেনিচক বিদায় জনালে ‘কিংবদন্তী’ ফেডাৰাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2022 9:15 pm
Roger Federer
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ ক্ৰীড়াজগতৰ অগণন ক্ৰীড়াপ্ৰেমীক বিচলিত কৰি আজি টেনিচ বিশ্বৰ মহাতাৰকা ৰজাৰ ফেডাৰেৰে সামৰণি পেলোৱাৰ কথা ঘোষণা কৰিলে নিজৰ বৰ্ণাঢ্য কেৰিয়াৰৰ। যোৱা প্ৰায় ২৫ টা বছৰে ক্ৰীড়া বিশ্বক মোহিত কৰা কিংবদন্তীগৰাকীয়ে আনুষ্ঠানিকভাৱে টেনিচক বিদায় দিয়াৰ কথা ঘোষণা কৰে।

ছুইচ তাৰকাগৰাকীয়ে লণ্ডনত অনুষ্ঠিত হ’বলগীয়া আগন্তুক লেভাৰ কাপৰ পিছতে এৰিব হাতৰ ৰেকেট। বিশ্বৰ ক্ৰীড়া জগতখনৰে এক মহানায়ক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰা ২০ বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়নে ফেডাৰাৰৰ এই সিদ্ধান্তই আবেগিক কৰি তুলিছে ক্ৰীড়া প্ৰেমীসকলক।

Apply Now

৪১ বৰ্ষীয় ফেডাৰাৰে যোৱা বৰ্ষৰ উইম্বলডনৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হোৱাৰ পিছতে আঁতৰি আছিল পেছাদাৰী টেনিচৰ পৰা। শেহতীয়াকৈ আঁঠুৰ আঘাতৰ বাবে কেৰিয়াৰত ব্যাপক বিধি-পথালি দিয়াৰ পিছত অৱশেষত টেনিচৰ পৰা সন্যাস লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয় তাৰকাগৰাকী।

এক ইনষ্টাগ্ৰাম পোষ্ট যোগে অৱসৰৰ কথা ঘোষণা কৰি ফেডাৰাৰে কয়, “আপোনালোক সকলোৱে জানে, যোৱা তিনি বছৰে আঘাত আৰু কেইবাটাও অস্ত্ৰোপচাৰে মোৰ সমুখত যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। মই প্ৰতিযোগিতামূলক যুঁজলৈ ঘূৰি আহিবলৈ কঠোৰ পৰিশ্ৰম কৰিছো। কিন্তু মই মোৰ শৰীৰৰ সামৰ্থ্য আৰু সীমাৰ বিষয়ে জ্ঞাত।”

“মই বিগত ২৪ বছৰত ১,৫০০ তকৈও অধিক মেচ খেলিছো। টেনিছে মোক সকলোখিনি দিছে আৰু এতিয়া মই মোৰ প্ৰতিযোগিতামূলক কেৰিয়াৰ কেতিয়া সমাপ্ত কৰিম, সেই সময় চিনাক্ত কৰিব লাগিব। অহা সপ্তাহত লণ্ডনত অনুষ্ঠিত হ’বলগীয়া লেভাৰ কাপ মোৰ অন্তিম এটিপি ইভেণ্ট হ’ব। মই অৱশ্যে ভৱিষ্যতে অধিক টেনিচ খেলিম, কিন্তু এইয়া গ্ৰেণ্ড শ্লেম বা পেচাদাৰী ভ্ৰমণত নহয়।”- ফেডাৰাৰে লগতে কয়।

উল্লেখ্য যে ফেডাৰাৰে ২০১৮ চনত অষ্ট্ৰেলিয়ান অপেনৰ ৰূপত নিজৰ কেৰিয়াৰৰ অন্তিম গ্ৰেণ্ড শ্লেম খিতাপ জয়ী হৈছিল। ২০১৯ চনত উইম্বলডনৰ ফাইনেলত উপনীত হৈছিল যদিও ছাৰ্বিয়াৰ তাৰকা নোভাক জকোভিচৰ হাতত পৰাজিত হৈছিল তাৰকাগৰাকী।

টেনিচ জগতত ২০ টা গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰা ইতিহাসৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছিল ফেডাৰাৰ। অৱশ্যে পিছত নাডাল আৰু জ’কভিচে ফেডাৰাৰৰ এই ৰেক’ৰ্ড অতিক্ৰম কৰিবলৈ সক্ষম হয়।

‘গ্ৰাছ ক’ৰ্টৰ বাদশাহ’ হিচাপে জনাজাত ফেডাৰাৰে কেৰিয়াৰত অভিলেখ ৮ টা উইম্বলডন খিতাপ অৰ্জন কৰিছিল। সেইদৰে ৬ টা অষ্ট্ৰেলিয়ান অপেন, ৫ টা ইউএছ অপেন আৰু ২০০৯ চনত একমাত্ৰ ফ্ৰেন্স অপেন খিতাপ দখল কৰিছিল তাৰকাগৰাকীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd