• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় পৰিদৰ্শন ভূটান চৰকাৰৰ প্ৰতিনিধি দলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2023 8:03 pm
Girijananda Chowdhury University
680
VIEWS
Share on FacebookShare on Twitter

দুদিনীয়া ভ্ৰমণ সূচীৰে যোৱা ২১ ডিচেম্বৰত গুৱাহাটীস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উপস্থিত হয় ভূটান চৰকাৰৰ শিক্ষা বিভাগৰ এটা প্ৰতিনিধি দল।

ভাৰত আৰু ভূটান এই দুয়োখন প্ৰতিবেশী ৰাষ্ট্ৰৰ মাজত শৈক্ষিক, বৌদ্ধিক আৰু সাংস্কৃতিক সম্পৰ্ক সুদৃঢ় কৰাৰ মানসেৰে ভূটান চৰকাৰৰ এই বিশেষ প্ৰতিনিধিৰ দলটো বিশ্ববিদ্যালয়খনলৈ আহে।

প্ৰতিনিধি দলটোৱে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিবেশৰ বুজ লয় আৰু ইয়াৰ সুন্দৰ আন্ত: গাঠনি,পাঠ্যক্ৰম আদি দেখি সন্তোষ প্ৰকাশ কৰে।

এই প্ৰতিনিধি দলটোত আছিল ভুটানৰ মূখ্য জিলা শিক্ষা বিষয়া মি. ৰিনচেন জ্যালচেন , ভূটানৰ থ্ৰমদে শিক্ষা কাৰ্য্যালয়ৰ শিক্ষা বিষয়া মি. পেমা চেৰিং, আৰু ভূটানৰ এডুলিংক কাউন্সিলৰ কনচালটেঞ্চি আৰু প্লেচমেন্ট ৰ্ফামৰ টাছী য়াংযম।

শিক্ষাক বিশ্বব্যাপি প্ৰসাৰ আৰু প্ৰচাৰ কৰা, যাতে ইয়াক শিক্ষাৰ্থীসকলে সহজলভ্য ভাৱে আহৰণ কৰিব পাৰে সেই সন্দৰ্ভত বিস্তৃত ভাৱে আলোচনা কৰে দলটোৱে।

ভ্ৰমণৰ কালচোৱাত তেখেতসকলে বিশ্ববিদ্যালয়ৰ আইদিয়া লেব, ফাৰ্মাচিউটিকেল লেব, কম্পিউটাৰ লেব, মেকানিকেল ইঞ্জিনিয়াৰিঙ, চিভিল ইঞ্জিনীয়াৰিং আদি অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ সৈতে জড়িত বিভিন্ন লেবৰেটৰী , গ্ৰন্থাগাৰ, মুখ্য কৰ্মশালা আদি পৰিদৰ্শন কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰী সকলৰ লগত প্ৰত্যক্ষ ভাৱে মত বিনিময় কৰে।

বিশ্ববিদ্যালয়খনে প্ৰদান কৰা উন্নত শিক্ষা ব্যৱস্থা আৰু গৱেষণা কাৰ্যৰ সন্তোষজনক স্থিতিয়ে আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰৰ ছাত্ৰ ছাত্ৰীসকলকো শিক্ষা গ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰিব বুলিও দলটোৱে আশা প্ৰকাশ কৰে।

ভূটান চৰকাৰৰ শিক্ষা বিভাগৰ এই প্ৰতিনিধি দলটোৱে পৰিদৰ্শনৰ অন্ততঃ বিশ্ববিদ্যালয়খনক ভূটান চৰকাৰৰ সৈতে সহযোগ হোৱাৰ স্বীকৃতি প্ৰদান কৰাৰ কথা কয়।

দুয়োখন ৰাষ্ট্ৰৰ এই সহযোগিতাই দুয়োখন ৰাষ্ট্ৰৰ শিক্ষা, সংস্কৃতিৰ পাৰস্পাৰিক আদান প্ৰদানৰ দ্বাৰা সামাজিক সাংস্কৃতিক আৰু বৌদ্ধিক বিকাশ সাধনত ছাত্ৰ-ছাত্ৰী সকলক সুবিধা প্ৰদান কৰাৰ লগতে উচ্চ শিক্ষা গ্ৰহণৰ ব্যৱস্থা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।

Recent News

ৰোড শ্ব’ৰ সময়ত খুন্দিয়ালে বাইকে; কামিহাড়ত গুৰুতৰ আঘাত, চিকিৎসালয়ত ভৰ্তি প্ৰশান্ত কিশোৰ

ৰোড শ্ব’ৰ সময়ত খুন্দিয়ালে বাইকে; কামিহাড়ত গুৰুতৰ আঘাত, চিকিৎসালয়ত ভৰ্তি প্ৰশান্ত কিশোৰ

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd