• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোহলীৰ বিৰাট ইনিংছ, হেজলউডৰ দুৰ্দান্ত বলিং! যুঁজ দিও হাৰিল ৰিয়ানৰ ৰাজস্থান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 25, 2025 7:31 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্বাসৰুদ্ধকৰ মেচ। আনকি শেষৰ তিনিটা অভাৰতো কোন জয়ী হ’ব সেয়া স্পষ্ট হোৱা নাছিল। তথাপিও বিৰাট কোহলী আৰু তেওঁৰ দলটোৱে শেষলৈকে শীতল মগজুৰে মেচখনত জয়ী হৈ ওলাই যায়। ফলত ঘৰৰ মাটিত ৰাজস্থানক পৰাস্ত কৰে আৰ চি বিয়ে।

টছত পৰাস্ত হৈ ৰাজস্থানে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। ঘৰুৱা খেলপথাৰত একেৰাহে চাৰিবাৰ টছত পৰাস্ত হৈছে ৰজত পাটিদাৰ। বেটিং কৰিবলৈ নামি ভাল আৰম্ভণি কৰে কোহলীৰ দলে। বিৰাট ছন্দত আছিল কোহলী। লগতে ফিল ছল্টেও এবাৰ কেচ দি পুনৰ আক্ৰমণাত্মক বেটিং আৰম্ভ কৰে।

Apply Now

শেষত অৱশ্যে ছল্ট (২৬) বেছি সময় টিকি নাথাকিল। সপ্তম অভাৰত তেওঁৰ উইকেট পৰাৰ পাছত বিৰাট আৰু পডিক্কালে পৰৱৰ্তী আঠ অভাৰতকৈও অধিক সময়লৈ এক দুৰ্দান্ত পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছিল। তেওঁলোকে ৯৫ ৰান যোগ দিয়ে।

অৱশেষত ৪২টা বলত ৭০ ৰান সংগ্ৰহ কৰি আউট হয় কোহলী। ৮টা বাউণ্ডেৰী আৰু দুটা ছয়ৰ এই ইনিংছত শতকৰ গোন্ধ আছিল। কিন্তু নহ’ল। আনহাতে, প’ৰিকলে ২৭টা বলত (৪x৪, ৩x৬) ৫০ ৰানৰ আক্ৰমণাত্মক ইনিংছ খেলে। শেষত বেংগালুৰু ৫ উইকেটত ২০৫ ৰানত স্তব্ধ হয়। শেষ চাৰি অভাৰত ৩৪ ৰান সংগ্ৰহ হয়। অধিনায়ক ৰজত ১ ৰানেৰে ওভতাৰ বাবে বিৰাট বাহিনীয়ে ২২০ ৰান অতিক্ৰম কৰিব নোৱাৰিলে।

ৰাজস্থানে লক্ষ্য অনুসৰণ কৰি শক্তিশালী আৰম্ভণি কৰিছিল। যশস্বী জয়ছোৱালে  মাত্ৰ ১৯ টা বলত ৪৯ ৰানৰ ইনিংছ খেলে। তেওঁ ৭টা বাউণ্ডেৰী আৰু তিনিটা দৰ্শনীয় ছয় মাৰে। ১৪ বছৰীয়া বৈভৱ দুটা ছয় মাৰি ১২টা বলত ১৬ ৰানৰ ইনিংছ খেলি আউট হয়। যাৰ বাবে ৰিয়ান পৰাগৰ দলটোৱে নৱম অভাৰত শতক অতিক্ৰম কৰে। ৰিয়ানে নিজেই নীতিশ ৰানাৰ সৈতে নতুন পাৰ্টনাৰশ্বিপ গঢ়ি স্ক’ৰ আগুৱাই লৈ গৈছিল। কিন্তু হঠাতে তেওঁ ১০টা বলত ২২ (২x৪, ২x৬) ৰানত আউট হয়।

তাৰ পাছত হঠাৎ ৰানৰ গতিত যতি পৰে। যথেষ্ট কমি অহা আস্কিং ৰেট ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰে। বেটছমেনৰ ওপৰত চাপ বাঢ়িবলৈ ধৰে। লাহে লাহে বিৰাট বাহিনী মেচলৈ উভতি আহিল। স্পিনাৰক পৰাস্ত কৰিব নোৱাৰা ধ্ৰুৱ জুৰেলে ৰান ৰেট একেবাৰে বৃদ্ধি কৰিব পৰা নাছিল। ইফালে নীতিশ (২৮)ও ঘূৰি যায়। ধ্ৰুৱে বুজিলে যে আক্ৰমণ কৰিব নোৱাৰিলে মেচলৈ ঘূৰি আহিব নোৱাৰিব। তাৰ পিছত আস্কিং ৰেট ১২ পালেগৈ।

ধ্ৰুৱে দুটা বিশাল ছয় মাৰি ৰাজস্থানক পুনৰ খেললৈ ওভতাই আনে। হেটমায়াৰ (১১)ক হেৰুৱাইও মেচখনত ৰাজস্থানক মেচখনত বৰ্তাই ৰক্ষাৰ কৃতিত্ব তেওঁলোকৰ উইকেটকীপাৰৰ। শেষৰ ৩ অভাৰত ৪০ ৰান বাকী থকা অৱস্থাত ধ্ৰুৱে এটা অভাৰত দুটা চাৰি আৰু এটা ছয় মাৰে। মুঠতে সেই অভাৰত ২২ ৰান আহিছিল।

ঠিক যেতিয়াই ৰাজস্থানে সহজে জয়ী হ’ব যেন লাগিছে, তেতিয়াই ধ্ৰুৱ (৪৭) আউট! হেজলউডৰ বলত শেষ হয় তিনিটা ছয় আৰু তিনিটা চাৰিৰে সজোৱা ইনিংছটো। পৰৱৰ্তী বলটোত জোফ্ৰা আৰ্চাৰে (০) উভতিল। শেষৰ অভাৰত ১৭ ৰানৰ প্ৰয়োজন হৈছিল। কিন্তু ৰাজস্থানে মাত্ৰ ৫ ৰানহে কৰিলে। মেচখনত আৰ চি বিয়ে ১১ ৰাণত জয়লাভ কৰে।

সংক্ষিপ্ত স্কোৰঃ

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুঃ ২০৫/৫ (কোহলী ৭০, পাৰিকল ৫০, সন্দীপ ৪৫-২)

ৰাজস্থান ৰয়েলছঃ ১৯৪/৯ (যশস্বী ৪৯, ধ্ৰুৱ ৪৭, হেজলউড ৩৩-৪)

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে ১১ ৰানত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd