NORTHEAST NOW (Assamese)

কাজিৰঙাত বনৰীয়া গাহৰিৰ সৈতে ঢেকীয়াপতীয়া বাঘৰ তয়াময়া যুঁজ : যুঁজত উভয়ৰে মৃত্যু

September 5, 2020 4:00 pm · উত্তম শইকীয়া
Updated: September 5, 2020 4:07 pm
প্ৰতিনিধিত্বমূলক ফ'টো

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ তেতেলিগুৰি বনশিৱিৰ এলেকাত এটা প্ৰকাণ্ড বনৰীয়া গাহৰি আৰু এটা মতা ঢেকীয়াপতীয়া বাঘৰ মাজত হোৱা তয়াময়া ৰণৰ পাচত দুয়োটা প্ৰাণীয়েই ঘটনাস্থলীতে মৃত্যুক সাৱতি লয়৷

আজি পুৱা কৰ্মৰত বনকৰ্মীয়ে ঘটনাস্থলীত মৃত গাহৰি আৰু মৃত বাঘটোৰ মৃতদেহ উদ্ধাৰ কৰে৷

মৃত বাঘটোৰ সমীপতে পৰি থকা গাহৰিটোৰ মৃতদেহ উদ্ধাৰ কৰে বনকৰ্মীয়ে৷

প্ৰায়  ১০ দিনমানৰ আগতে মৃত্যু হোৱা বুলি সন্দেহ কৰা বাঘটোৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিচতেই কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰৰ নেতৃত্বত বন বিভাগৰ পশু চিকিৎসক ডা৹ বিশ্বজিত বৰুৱা, পাণবাৰী বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ পশুচিকিৎসক ডা৹ চামচুল আলি, গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া আৰু বন বিষয়াৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে মৃত ঢেকীয়াপতীয়া বাঘটোৰ মৰণোত্তৰ পৰীক্ষা কৰে৷

মৰণোত্তৰ পৰীক্ষাত আন্তঃপ্ৰজাতিৰ যুঁজত বাঘটোৰ লগতে গাহৰিটোৰো মৃত্যু হোৱা বুলি প্ৰকাশ৷

মৰণোত্তৰ পৰীক্ষাৰ শেষত ৰাষ্ট্ৰীয় বাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ পট’কল মতে ঘটনাস্থলীতে মৃত বাঘটোৰ মৃতদেহ সংবাদ মাধ্যমৰ প্ৰতিনিধি আৰু বন বিষয়াৰ উপস্থিতিত জ্বলাই দিয়া হয়৷

Related News