বিগত বৰ্ষত ৬৬৯ শিশুক মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ আৰপিএফৰ
বিগত ২০১৮ বৰ্ষত উত্তৰ পূব সীমান্ত ৰে’লৱেই ৬৬৯গৰাকী ল’ৰা ছোৱালীক মানৱ সৰবৰাহকাৰীৰ হাতোঁৰাৰ পৰা উদ্ধাৰ কৰিছে।
উঃ পূঃ সীমান্ত ৰে’লৱেৰ মুখ্য জন সম্পৰ্কৰক্ষী বিষয়া প্ৰণৱজ্যোতি শৰ্মাই যোৱা কালি জনাইছিল যে উক্ত ল’ৰা ছোৱালী কেইগৰাকীক উঃ পূঃ সীঃ ৰে’লৱেৰ অন্তৰ্গত বিভিন্ন ষ্টেশ্যনৰ পৰা উদ্ধাৰ কৰা হৈছে।
তেওঁ আৰু জনাইছে যে নাবালিকাক ৰে’লেৰে সৰবৰাহ কৰিবলৈ চেষ্টা চলাওঁতে ৰে’ল আৰক্ষীয়ে ৯গৰাকী মানৱ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।
উল্লেখ্য যে আৰপিএফে পলাই যোৱা শিশু বা মানৱ সৰবৰাহকাৰীৰ কব্জাত থকা শিশু নিয়মীয়াকৈ উদ্ধাৰ কৰি আহিছে। লগতে সৰবৰাহকাৰীক গ্ৰেপ্তাৰো কৰি আহিছে।
উদ্ধাৰ কৰা শিশু বা নাবালক নাবালিকাসকলক সাধাৰণতে তেওঁলোকৰ পিতৃ-মাতৃ অথা বিভিন্ন বেচৰকাৰী সংস্থাৰ হাতত গটাই দিয়া হয়।
উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চলত মানৱ সৰবৰাহকাৰী চক্ৰ অতি সক্ৰিয় আৰু এই চক্ৰসমূহে এই অঞ্চলৰ পৰা শিশু আৰু মহিলাক দেশৰ অন্যন্য প্ৰান্তলৈ চালান দি আহিছে।