• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আত্মশুদ্ধি আৰু প্ৰায়শ্চিত্তৰে পুনৰ জনসাধাৰণৰ আশিষ বিচাৰিব অগপই

এন ই নাও নিউজ by এন ই নাও নিউজ
January 12, 2019 9:46 am
5c333dfe210000d409caab66
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি নেতৃত্বাধীন ৰাজ্যচৰকাৰখনৰ লগত মিত্ৰতাৰে অগপই আঢ়ৈটা বছৰ অতিক্ৰম কৰাৰ পাছত মিত্ৰজোঁট তথা চৰকাৰৰ পৰা পদত্যাগ কৰা অগপৰ  সভাপতি অতুল বৰাই ৰাইজৰ আশিষ বিচাৰি শুকুৰবাৰে শিৱসাগৰত উপস্থিত হয়। শিৱসাগৰত উপস্থিত হৈ সভাপতি অতুল বৰাই সংবাদ মাধ্যমৰ আগত কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

শুকুৰবাৰে শিৱসাগৰ নগৰৰ অসম গণ পৰিষদৰ জিলা কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছত সাংবাদিকৰ আগত অগপৰ কেন্দ্ৰীয় সভাপতি অতুল বৰাই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক জাপি দি বিজেপিয়ে অসম চুক্তি নস্যাৎ কৰাৰ লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম-কাজ স্তব্ধ কৰিব বিচাৰিছে। কিন্তু অসমে আৰু কোনো কাৰণতে এজনো বিদেশীৰ বোজা বহন কৰিব নোৱাৰে।

Apply Now

আত্মশুদ্ধি আৰু প্ৰায়শ্চিত্তৰ জৰিয়তে অসমৰ জনসাধাৰণৰ কাষত পুনৰ জাতীয় চেতনা আৰু অস্তিত্বৰ ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হোৱাৰ আশিস বিচাৰিম বুলি উল্লেখ কৰি বৰাই আক্ষেপেৰে কয়, ‘’৮৫৫গৰাকী শ্বহীদৰ ত্যাগৰ বিনিময়ত আঞ্চলিকতাবাদৰ স্বাৰ্থত শ্বহীদৰ তেজেৰে গঢ়া দল অসম গণ পৰিষদ। অগপই সদায় অসম আৰু অসমীয়া জাতিৰ সুৰক্ষাৰ হকে মাত মাতি আহিছে। অসমতে যদি অসমীয়া সুৰক্ষিত হ’ব নোৱাৰে, তেন্তে ক’ত সুৰক্ষিত হ’ব।‘’

তদুপৰি, তেওঁ স্বীকাৰ কৰে যে অগপৰ শাসনকালত অসম চুক্তি ৰূপায়ণ নোহোৱাৰ বাবে ৰাইজৰ যথেষ্ট অসন্তুষ্টি আছে। ‘’আমি সেই সময়ৰ অক্ষমতাৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ।‘’

আনহাতে, বিগত ২০১৪’ৰ লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোদীয়ে বিজেপি ক্ষমতালৈ আহিলে সকলো বিদেশীয়ে টালি-টোপোলা বন্ধাৰ কথা কোৱাৰ বাবে আশ্বস্ত হৈ অগপই বিজেপিৰে মিত্ৰতা কৰা বুলি উল্লেখ কৰি বৰাই কয়,‘’আমি চৰকাৰৰ ভিতৰত থাকিয়েই বিধেয়কখনৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছিলো। কিন্তু বৰ্তমান বিজেপিৰ নেতাসকলৰ মুখা খোল খাইছে আৰু কংগ্ৰেছৰ দৰে তেওঁলোকেও অসমক বিদেশীৰ চৰণীয়া পথাৰত পৰিণত কৰিব বিচাৰে।‘’

বৰাই লগতে কয় যে নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে অগপই অসমৰ ৰাইজৰ সৈতে আত্মশুদ্ধিৰে মৰণপণ যুঁজ দিয়াৰ সংকল্প লৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd