NORTHEAST NOW (Assamese)

কাজিৰঙাত গঁড়ৰ আক্ৰমণত নিহত হোৱা বনকৰ্মীৰ পৰিয়ালক তিনি লাখ টকাৰ চেক প্ৰদান

November 13, 2018 2:42 pm · উত্তম শইকীয়া
প্ৰতিনিধিত্বমূলক চিত্ৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ মুৰফুলনি এলেকাত কৰ্মৰত অৱস্থাতে গঁড়ৰ আক্ৰমণত নিহত হোৱা গৌতম বৰুৱা নামৰ বনকৰ্মীগৰাকীৰ পৰিয়ালৰ সদস্যক ‘ডব্লিউ ডব্লিউ এফ’ নামৰ সংগঠনৰ তৰফৰ পৰা তিনি লাখ টকাৰ এক্স গ্ৰেচিয়া প্ৰদান কৰা হয় ৷

বোকাখাতত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ কাৰ্যালয়ত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক আকাশদ্বীপ বৰুৱাই নিহত বন কৰ্মীগৰাকীৰ ভাতৃ পংকজ বৰুৱাৰ হাতত তিনি লাখ টকাৰ চেক প্ৰদান কৰে।

অনুষ্ঠানত  ৰাষ্ট্ৰীয় উদ্যানখনৰ বন সংৰক্ষক জৰ্জেচ আহমেদ আৰু ডব্লিউ ডব্লিউ এফৰ জ্যেষ্ঠ সমন্বয়ক ড০ প্ৰনৱ জ্যোতি বৰাৰ লগতে অন্যান্য কিছু ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে ডব্লিউ ডব্লিউ এফ ইণ্ডিয়া আৰু আই চি আই চি আই  প্ৰভিডেন্সিয়েল নামৰ বিত্তীয় প্ৰতিষ্ঠানৰ এক যৌথ প্ৰচেষ্টাত সমগ্ৰ ভাৰততে দুৰ্ঘটনাগ্ৰস্ত বনকৰ্মীক এনে সাহায্য প্ৰদান কৰি আহিছে।

Related News