DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পাঁচদিনে বিকল ৫৬ কোটি টকীয়া ৰ’পৱে প্ৰকল্প : চেষ্টা কৰিও কাৰ্যক্ষম কৰাত বিফল অভিযন্তা

মন্ত্ৰী হিমন্তৰ ভাষাৰে GMDA ৰ "মানস পুত্ৰ" ভূমিষ্ঠ হৈয়ে দুদিনতে ৰোগাক্ৰান্ত; সুস্থ কৰাত বিফল অভিযন্তা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 30, 2020 6:19 pm
index.jpg
251
VIEWS
Share on FacebookShare on Twitter

আৰম্ভ হোৱাৰ দুদিন পাছতেই কাৰিকৰী বিজুতি ঘটিছিল গুৱাহাটীৰ ৰ’পৱেৰ ইঞ্জিনত।

তাৰ পাছৰে পৰা আজি পৰ্যন্ত মুঠ পাঁচদিনে কাৰ্যক্ষম হৈ নুঠিল এই ৰ’পৱে।

বুধবাৰৰ পুৱাৰে পৰা বন্ধ ৰখা হৈছিল ৰ’পৱেৰ চলাচল।

ইঞ্জিনৰ কিছু বিজুতি হোৱাৰ বাবে বিদ্যুতৰ যোগানত ব্যাঘাত জন্মিছিল বুলি এক সুত্ৰত প্ৰকাশ পাইছে।

বিভিন্ন অভিযন্তা আৰু মেকানিকে বৰ্তমানলৈকে মেৰামতিৰ কাম চলাই আছে যদিও বৰ্তমানো কাৰ্যক্ষম হৈ উঠা নাই বুলি এক সূত্ৰই জনাইছে।

উল্লেখযোগ্য ৫৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছিল এই ৰ’পৱে সেৱা।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই এই ৰ’পৱে সেৱা গুৱাহাটীবাসী ৰাইজৰ বাবে মুকলি কৰি দিছিল।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে “এই ৰ’পৱে গুৱাহাটী উন্নয়ন বিভাগৰ মানস পুত্ৰ।”

কিন্তু ভূমিষ্ঠ হৈয়ে দুদিনতে ৰোগত আক্ৰান্ত হৈ যেন বৰ্তমানো সুস্থ হৈ উঠা নাই এই ৰ’পৱে।

গুৱাহাটীবাসীৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱত ৰূপায়িত হৈছিল যদিও এতিয়া ৰ’পৱেত উঠাৰ হেঁপাহ মনতে পুহি পুনৰ উদাস মনৰে উভটিবলগীয়া হৈছে যাত্ৰীসকল।

ইমানখিনি উন্নত কাৰিকৰী কৌশল অৱলম্বন কৰিও আৰম্ভ হোৱাৰ দুদিন পাছতে এনেদৰে চলাচলত বাধা অহা প্ৰসংগটোৱে বা চাৰিদিনে কাৰ্যক্ষম কৰি তুলিব নোৱাৰা প্ৰসংগই পুনৰ এবাৰ প্ৰতিপন্ন কৰিলে GMDAৰ কৰ্মদক্ষতাহীনতাক।

২০০৯ চনত তৰুণ গগৈৰ চৰকাৰৰ দিনতে আধাৰশিলা স্থাপন কৰাৰ সুদীৰ্ঘ ১১ বছৰৰ পাছত সোমবাৰৰ পৰা ৰাইজৰ বাবে মুকলি কৰা হৈছিল এই ৰ’পৱে সেৱা।

১৮২০ মিটাৰ দৈৰ্ঘ্যৰ এই ৰ’পৱেটোৱেই হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী নদীৰ ওপৰত থকা দেশৰ দীৰ্ঘতম ৰ’পৱে।

উল্লেখ্য যে, নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো লকডাউনৰ বাবে ৰ’পৱেটো মুকলি কৰিব পৰা হোৱা নাছিল।

এই ৰ’পৱেৰে এবাৰত ৩২ জন যাত্ৰীয়ে যাত্ৰা কৰিব পাৰে।

ৰ’পৱেৰে কেৱল এবাৰ যাত্ৰা কৰাৰ বাবদ প্ৰতি গৰাকী যাত্ৰীৰ পৰা ৬০ টকাকৈ ভাড়া লোৱা হয় আৰু একোজন যাত্ৰীয়ে অহা-যোৱাৰ বাবদ সমুদায় ১০০ টকা ভৰিব লাগে।

Recent News

Siddique Kappan

ন্যায়ালয়ৰ আদেশকো অমান্য! জামিন লাভৰ এমাহ পাছতো কাৰাৰুদ্ধ ছিদ্দিক কাপ্পান

Cancer

কেন্সাৰৰ বিষয়ে জানো আহক

Shanti Bhushan Died

প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী, বিশিষ্ট আইনবিদ শান্তি ভূষণৰ মৃত্যু

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd