প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১ অক্টোবৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ শতবাৰ্ষিকী উপলক্ষে এক বিশেষ ডাক টিকট আৰু মুদ্ৰা মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই অনুষ্ঠানত আৰএছএছৰ সাধাৰণ সম্পাদক দত্তত্ৰেয় হোছাবালে অংশগ্ৰহণ কৰিব আৰু পৰৱৰ্তী দিনা ২ অক্টোবৰত বিজয়দশমী উপলক্ষে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। ১৯২৫ চনত প্ৰতিষ্ঠিত এই সংগঠনটোৰ উগ্ৰ হিন্দুত্ববাদী আদৰ্শৰ বাবে সমালোচনাৰ সন্মুখীন হৈ আহিছে, যিটো ভাৰতৰ বহুত্ববাদী গণতন্ত্ৰৰ সৈতে সংঘাতপূৰ্ণ বুলি বিৰোধী দলে অভিযোগ কৰি আহিছে।
এই পদক্ষেপক বিৰোধী দলে বিজেপি আৰু আৰএছএছৰ মাজত থকা সম্ভাৱ্য মতানৈক্য দূৰ কৰাৰ কৌশলগত চাল বুলি চিহ্নিত কৰিছে। যদিও আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে সংঘ আৰু বিজেপিৰ মাজত কোনো ‘মতভেদ’ নাই বুলি দাবী কৰিছে, তথাপিও শেহতীয়াকৈ ভাজপাৰ নতুন সভাপতি নিযুক্তিত পলম আৰু ৭৫ বছৰৰ বয়সৰ নিয়মৰ ওপৰত হোৱা বিতৰ্কই দুই পক্ষৰ মাজত সংঘাতৰ ইংগিত বহন কৰিছে।
শেহতীয়া কৈ মোদীয়ে আৰএছএছৰ প্ৰশংসা কৰি থকাৰ মাজতে স্বাধীনতা দিৱসৰ ভাষণত সংঘক বিশ্বৰ সৰ্ববৃহৎ এনজিঅ’ বুলি অভিহিত কৰা আৰু মান কি বাতত ইয়াৰ যাত্ৰাক ‘অভূতপূৰ্ব’ বুলি অভিহিত কৰা—বিৰোধীয়ে আৰএছএছক অম্বেদকৰৰ সংবিধানক স্বীকাৰ নকৰা আৰু ধৰ্মনিৰপেক্ষতা-সমাজবাদৰ বিৰোধী বুলি তীব্ৰ সমালোচনা কৰিছে।





