“ৰাষ্ট্ৰীয়তাবাদৰ আদৰ্শত কট্টৰ বিশ্বাসী আৰ এছ এছে কেতিয়াও আঞ্চলিকতবাদৰ উত্থান পচন্দ নকৰে। আৰ এছ এছে কেৱল ৰাষ্ট্ৰীয় আদৰ্শকহে প্ৰাধান্য দিয়ে।” এই কথা স্পষ্টকৈ প্ৰকাশ কৰিলে প্ৰাক্তন মুখ্য মন্ত্ৰী তথা অগপৰ শীৰ্ষনেতা প্ৰফুল্ল কুমাৰ মহন্তই।
মঙলবাৰে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত অসম গণ পৰিষদৰ পশ্চিম গুৱাহাটী সমষ্টিৰ দলীয় কৰ্মীসভাত ভাষণ প্ৰদান কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কয়, “ভাৰত বৰ্ষত আৰ এছ এছৰ দুটা কেন্দ্ৰ আছে। এটা নাগপুৰত, আনটো আছে পুণেত। এটা দিশত তেওঁলোক আমাৰ লগত মিত্ৰতাত আছে, কিন্তু তেওঁলোকে ৰাষ্ট্ৰীয় দলকহে প্ৰাধান্য দিব বিচাৰে।”
মহন্তৰ কথাৰ পৰা এইটো স্পষ্ট হৈছে যে বিজেপি আৰু অসম গণ পৰিষদৰ মাজৰ ৰাজনৈতিক বন্ধুত্বত আৰ এছ এছৰ দেখাতহে সমৰ্থন আছে। কিন্তু তেওঁলোকে এই মিত্ৰতা আন্তৰিকতাক শাসনত থকাৰ জখলা হিচাপে ব্যৱহাৰ কৰিলৈও ভাল ভাবত দলটোক লোৱা নাই।
প্ৰফুল্ল কুমাৰ মহন্তই লগতে বিজেপিৰ এখন সভাৰ এটা ‘ৰেকৰ্ডিং’ তেওঁ লাভ কৰা বুলি প্ৰকাশ কৰি তাত দলটোৰ এজন প্ৰভাৰীৰ মন্তব্যত আৰ এছ এছৰ কিছুমান ভিতৰুৱা কথা জানিব পৰা বুলি তেওঁ সভাত প্ৰকাশ কৰে।
তেওঁ কয়, “আৰ এছ এছে কংগ্ৰেছ আগবাঢ়ি গ’লেও বেয়া নাপায়, কিন্তু অগপই যদি আগ বাঢ়িব বিচাৰে, অগপ যদি শক্তিশালী হ’ব বিচাৰে তেওঁলোকে কেতিয়াও পচন্দ নকৰে। তেওঁলোকে বিচাৰে অগপই সদায় তেওঁলোকক সমৰ্থন কৰি যাব লাগে।”
এই প্ৰসংগতে মহন্তই কয় যে অসমৰ স্বাৰ্থৰ হকে কাম কৰিলে সমৰ্থন কৰি যাব পাৰে, কিন্তু অসমৰ বিৰোধী সিদ্ধান্ত লৈ থাকিলে অগপই কেতিয়াও সমৰ্থন কৰিব নোৱাৰে।০
মহন্তৰ বক্তব্যৰ অৰ্থ হ’ল যে আৰ এছে এছে ৰাষ্ট্ৰীয়তাবাদ ৰক্ষাৰ নামত দৰকাৰ হ’লে তেওঁলোকৰ বিৰোধীৰেই আধিপত্য বিচাৰিব, তথাপিতো আঞ্চলিক জাতীয়তাবাদৰ উত্থান তেওঁলোকে কেতিয়াও নিবিচাৰে।