• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাতৃক সাৰথি কৰি কাম-চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠন, যুৱতীক শাৰীৰিকভাৱে অপদস্থ; আৰ এছ এছ নেতা কৌশিক শৰ্মাক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, সৰভোগ by এন ই নাও নিউজ, সৰভোগ
August 22, 2025 11:38 am
179
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰ এছ এছৰ নেতা তথা আৰ এছ এছৰ উত্তৰ অসম প্ৰান্তৰ সহ বৌদ্ধিক প্ৰমুখ কৌশিক শৰ্মাক সৰভোগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। চাকৰিৰ নামত ধন লোৱা আৰু যুৱতী এগৰাকীক শাৰিৰীকভাৱে অপদস্থ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে কৌশিক শৰ্মাক।

গৌৰিপ্ৰিয়া নাথ নামৰ এগৰাকী যুৱতীৰ অভিযোগৰ ভিত্তিত সৰভোগ আৰক্ষীয়ে প্ৰথমতে তেওঁক আটক কৰি পাছত গ্ৰেপ্তাৰ কৰে। আৰ এছ এছৰ নেতা কৌশিক শৰ্মা আৰু তেওঁৰ ভাতৃ সুৰেশ শৰ্মাই চাকৰিৰ প্ৰলোভনেৰে গৌৰীপ্ৰিয়া নাথ নামৰ এগৰাকী যুৱতীৰ পৰা পাঁচ লাখ টকা লোৱা বুলি যুৱতীগৰাকীয়ে অভিযোগ কৰিছিল আৰু সেই ধন উভতাই বিচাৰোতেই আৰ এছ এছৰ নেতা তথা শিক্ষক কৌশিক শৰ্মাই যুৱতীগৰাকীক প্ৰহাৰ কৰিছিল।

Apply Now

যুৱতীগৰাকীক প্ৰহাৰ কৰাৰ ভিডিঅ’ সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত বহুলভাৱে প্ৰচাৰ হোৱাত সৰভোগ আৰক্ষীয়ে কৌশিক শৰ্মাক গোচৰ নম্বৰ ৭৮/২০২৫ ৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে তেওঁক আদালতত হাজিৰ কৰাই ন্যয়িক জিম্মালৈ প্ৰেৰণ কৰাৰ কাৰণে বৰপেটালৈ প্ৰেৰণ কৰে সৰভোগ আৰক্ষীয়ে।

উল্লেখ্য যে অভিযোগ কৰা যুৱতীগৰাকী এৰ এছ এছৰ ভগ্নী সংগঠন ৰাষ্ট্ৰীয় সেৱিকা সংঘৰ দ্বিতীয় বৰ্গৰ ছাত্ৰী। আনজন অভিযুক্ত এৰ এছ এছৰ নেতা কৌশিক শৰ্মাৰ ভাতৃ সুৰেশ শৰ্মা এতিয়াও পলাতক অৱস্থাত আছে।

সৰভোগৰ দক্ষিণ ভেৰভেৰী গাৱঁৰ যুৱক অনিমেষ গোস্বামীৰ পৰাও চাকৰি দিয়াৰ নামত টকা লৈছিল আৰ এছএছৰ নেতা কৌশিক শৰ্মাৰ ভাতৃ অভিযুক্ত সুৰেশ শৰ্মাই।

সেয়াই নহয়, গৌৰিপ্ৰিয়া নাথৰ পিছতে RSSৰ নেতা কৌশিক শৰ্মা আৰু তেওঁৰ ভাতৃ সুৰেশ শৰ্মাৰ বিৰুদ্ধে ২ কৌটি ২৭ লাখ টকাৰ প্ৰৱঞ্চনাৰ অভিযোগ তুলি বৰপেটা বৃন্দাবন হাতীৰ দ্বীপজ্যোতি দাস নামৰ ব্যক্তি এগৰাকীয়ে সৰভোগ থানাত এখন এজাহাৰ দাখিল কৰিছে।

এশ গৰু মাৰিলে ,বাঘৰো মৰণ ৷ এই কথাষাৰেই প্ৰযোজ্য হ’ল বিজেপিৰ অভিভাৱক স্বৰূপ আৰএছএছৰ এগৰাকী নেতাৰ ক্ষেত্ৰতো ৷

জানিব পৰা মতে, গৌৰীপ্ৰিয়া নাথ নামৰ আৰএছএছৰ ভগ্নী সংগঠন ৰাষ্ট্ৰ সেৱিকা সমিতিৰ কৰ্মকৰ্তা গৰাকীয়ে সমগ্ৰ ঘটনাক লৈ সৰভোগ আৰক্ষী থানাত তথ্যসহ দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত শৰ্মাক গ্ৰেপ্তাৰ কৰা হয়।‌ কৌশিক শৰ্মাৰ লগতে ভ্ৰাতৃ সুৰেশ শৰ্মাও চাকৰি দিয়াৰ নামত ধন সংগ্ৰহত জড়িত বুলি এজাহাৰখনত অভিযোগ কৰা হৈছে।

অৱশ্যে এজাহাৰ দাখিলৰ পাছত সুৰেশ শৰ্মাই আত্মগোপন কৰে। সুৰেশ শৰ্মাক বিচাৰি অভিযান অব্যাহত ৰখা হৈছে বুলি সৰভোগ আৰক্ষীয়ে জানিবলৈ দিয়ে।

যুৱতী গৰাকীয়ে অভিযোগ কৰা অনুসৰি চাকৰি দিয়াৰ প্ৰলোভনেৰে দুই ভ্ৰাতৃয়ে যোৱা ডিচেম্বৰত প্ৰথমতে ধাৰলৈ বুলি পাঁচ লাখ টকা লৈছিল। পাছত সেই ধন ঘুৰাই নিদি তাৰ বিনিময়ত চৰকাৰী চাকৰি দিব বুলি প্ৰলোভন দিয়ে। কিন্তু চাকৰি নোপোৱাত যুৱতীগৰাকীয়ে যোৱা ১৬ আগষ্টত ধন ঘুৰাই বিচাৰি কৌশিক শৰ্মাৰ ঘৰলৈ যায়। কিন্তু ধন ঘুৰাই দিয়াৰ বিপৰীতে কৌশিক শৰ্মাই যুৱতীগৰাকীক শৰীৰিকভাবে অপদস্থহে কৰে। ইয়াৰ ভিডিঅ’ যুৱতীগৰাকীয়ে আৰক্ষীক প্ৰমাণ হিচাপে দাখিল কৰিছে।

উল্লেখ্য যে শাসনাধিষ্ঠ বিজেপিৰ অভিভাৱক স্বৰূপে আৰএছএছ উত্তৰ পূব প্ৰান্তৰ এগৰাকী শীৰ্ষ নেতা চাকৰিৰ নামত ধন লোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বচ্ছ আৰু নিকা শাসনৰ ফোপজাহি মাৰি আহিলেও তেওঁৰ প্ৰশাসনৰ নাকৰ তলতে আৰ এছ এছ-বিজেপিৰ নেতা-পালিনেতাসকলে এনেদৰে বিয়াগোম কেলেংকাৰী সংঘটিত কৰা ঘটনাই চৰকাৰৰ প্ৰকৃত স্বৰূপ উদঙাই তুলিছে।

এতিয়া অভিযুক্ত কৌশিক শৰ্মা আৰ এছ এছৰ শীৰ্ষ নেতা হোৱাৰ বাবেই আইনৰ সুৰুঙাৰে তেওঁ আৰু লগতে কেলেংকাৰীৰ মূল হোতা ভাতৃ সুৰেশ শৰ্মা সাৰি যাব নেকি তাকলৈও ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ, সৰভোগ

এন ই নাও নিউজ, সৰভোগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd