NORTHEAST NOW (Assamese)

ক’ভিদ আতংক! চীনসহ পাঁচ এছিয়ান ৰাষ্ট্ৰৰ পৰা অহা যাত্ৰীৰ ক্ষেত্ৰত বাধ্যতামূলক হ’ব ক’ভিদৰ RT-PCR পৰীক্ষা

December 24, 2022 7:57 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 24, 2022 10:26 pm

দেশত পুনৰ বিৰাজ কৰিছে ক’ভিদৰ আতংকই। চীনৰ শেহতীয়া ক’ভিদ পৰিস্থিতিয়ে আন্ত:ৰাষ্ট্ৰীয় উদ্বেগ বৃদ্ধি কৰাৰ সময়তে সম্ভাৱ্য ক’ভিদ সংক্ৰমণ প্ৰতিৰোধৰ বাবে আজি কেন্দ্ৰীয় চৰকাৰে চীনৰ লগতে জাপান, দক্ষিণ কোৰিয়া, হংকং আৰু থাইলেণ্ডৰ পৰা অহা আন্তঃৰাষ্ট্ৰীয় যাত্ৰীসকলৰ বাবে RT-PCR পৰীক্ষা বাধ্যতামূলক হ’ব বুলি ঘোষণা কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মানসুখ মাণ্ডব্যই আজি ৰাজ্যিক মন্ত্ৰীসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ সাম্প্ৰতিক ক’ভিদ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে।

“চীন, জাপান, দক্ষিণ কোৰিয়া, হংকং আৰু থাইলেণ্ডৰ পৰা আন্তঃৰাষ্ট্ৰীয় যাত্ৰীৰ ক্ষেত্ৰত RT-PCR পৰীক্ষা বাধ্যতামূলক হ’ব। ভাৰতত উপস্থিত হোৱাৰ সময়ত যদি এই দেশসমূহৰ কোনো যাত্ৰীৰ ক’ভিদৰ লক্ষণ দেখা যায়, তেতিয়া যাত্ৰীগৰাকীক কোৱাৰাণ্টাইন কৰা হ’ব।”- সংবাদ মাধ্যমৰ সৈতে সাক্ষাতৰ সময়ত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মানসুখ মাণ্ডব্যই এইদৰে কয়।

এই নিৰ্দিষ্ট দেশকেইখনৰ পৰা অহা আন্তঃৰাষ্ট্ৰীয় যাত্ৰীসকলৰ ক্ষেত্ৰত লগতে স্বাস্থ্যৰ অৱস্থা নিশ্চিত কৰিবলৈ ‘এয়াৰ সুবিধা’ প্ৰ-পত্ৰ পূৰণ কৰাটোও বাধ্যতামূলক কৰা হ’ব। উল্লেখ্য যে ‘এয়াৰ সুবিধা’ হৈছে দেশত ক’ভিদ প্ৰতিৰোধৰ ব্যৱস্থা হিচাপে আন্ত:ৰাষ্ট্ৰীয় যাত্ৰীসকলৰ ক্ষেত্ৰত প্ৰৱৰ্তন কৰা এক স্বঘোষনা প্ৰ-পত্ৰ।

কিছুদিন পূৰ্বে দেশত ক’ভিদ পৰিস্থিতি শাম কটাৰ ফলশ্ৰুতিত এই ব্যৱস্থা আঁতৰোৱাৰ ঘোষণা কৰা হৈছিল যদিও শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ‘এয়াৰ সুবিধা’ বাহাল ৰখা হৈছে।

দেশত ক’ভিদৰ সম্ভাৱ্য সংক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰই প্ৰতিৰোধ ব্যৱস্থা তীব্ৰতৰ কৰি তোলাৰ ইংগিত দি আজি বিমানবন্দৰসমূহত আন্তঃৰাষ্ট্ৰীয় যাত্ৰীসকলৰ ক্ষেত্ৰত ক’ভিদ পৰীক্ষা নিশ্চিত কৰাৰ নিৰ্দেশ দিছিল।

Related News