• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰ টি আইৰ তথ্যই উদঙালে, নগাঁৱত ক’ডিড-১৯ৰ চিকিৎসাৰ নামত সংঘটিত হৈছে দুৰ্নীতি!

মুৰুলী বৰুৱা by মুৰুলী বৰুৱা
December 8, 2020 9:08 pm
IMG_20201208_191224
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাত ক’ভিড-১৯ৰ  বিভিন্ন কাম কাজ ৰূপায়ণৰ নামত বিশেষকৈ সামগ্ৰী যোগানৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। বিভাগীয় নিবিদাৰ জাননী বাতৰি কাকতত প্ৰকাশ নকৰাকৈয়ে একাংশ নিৰ্দিষ্ট ঠিকাদাৰক সামগ্ৰী যোগানৰ ঠিকা আবন্টন দিয়া হৈছিল।

জিলাখনত ক’ভিড-১৯ৰ কাম কাজৰ সন্দৰ্ভত হোৱা অনিয়মৰ কেতবোৰ তথ্য আৰ টি আই তথ্যৰ জৰিয়তে পোহৰলৈ আনিছে আৰ টি আই কৰ্মী ওৱাহিদুদ জামানে।

Apply Now

আৰ টি আই কৰ্মী ওৱাহিদুদ জামানক জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়াই চিঠি নম্বৰ ডি ডি এম এ/এন/২০১/৫৫মৰ্মে  যোৱা ২১ ছেপ্টেম্বৰত যোগান ধৰা তথ্যত প্ৰকাশ পোৱা অনুসৰি, নগাঁও জিলাত ১৬ মাৰ্চ ২০২০ তাৰিখৰ পৰা ক’ভিড-১৯ৰ বিভিন্ন কাম কাজ আৰম্ভ হয়।

চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহ পৰ্যন্ত জিলাখনৰ ৫৬ টা ক’ভিড কেয়াৰ চেন্টাৰত ১৬৬৬২ গৰাকী লোকক ৰখা হৈছিল। জিলাখনত ক’ভিড-১৯ৰ বাবে যোৱা ছেপ্তেম্বৰ মাহ পৰ্যন্ত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা ৬ কোটি ৮০ লাখ ৪৬ হেজাৰ ৫৩৮ টকা খৰচ কৰা হৈছে বুলিও আৰ টি আই তথ্যত প্ৰকাশ।

ক’ভিড চেন্টাৰসমূহত ৰোগীৰ খাদ্যৰ উপৰিও অন্যান্য ৬৮ বিধ বিভিন্ন সামগ্ৰী যোগান ধৰা হৈছিল ঠিকাদাৰৰ জৰিয়তে। কিন্তু পাইকাৰী বজাৰৰ দামতকৈ বহু বেছি দামত বিভিন্ন সামগ্ৰী যোগানৰ ঠিকা আবন্টন দিয়া হৈছিল যদিও ঠিকাদাৰসকলে যোগান ধৰা সামগ্ৰীসমূহৰ মানদণ্ড অতি নিম্নমানৰ আছিল বুলি অভিযোগ উত্থাপিত হৈছে।

পি পি ই কীটৰ পৰা আৰম্ভ কৰি দিয়াচলাইটোলৈকে প্ৰতিটো সামগ্ৰীৰ যোগানৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অৱশ্যে নগাঁও জিলা স্বাস্থ্য বিভাগে এই অভিযোগ খণ্ডন কৰিছে।

আহাৰ যোগানৰ নামত যিমান পৰিমাণৰ ধন ধাৰ্য কৰা হৈছিল তাৰ বিপৰীতে ক’ভিড চেন্টাৰসমূহত ৰোগীসকলক উৎকৃষ্ট মানৰ খাদ্য যোগান ধৰা হোৱা নাছিল।

নিম্ন মানদণ্ডৰ খাদ্য যোগানৰ বাবে আনকি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালকে ধৰি আন একাংশ ক’ভিড হাস্পতালত ৰোগীয়ে বহুবাৰ প্ৰতিবাদো সাব্যস্ত কৰিবলগা হৈছিল।

ইপিনে, ক’ভিড কেয়াৰ চেন্টাৰত ক’ভিড ৰোগীক চৰকাৰী নিৰ্দেশনা অনুসৰি ২২ টকা মূল্যৰ গাধোৱা চাৱোনৰ সলনি ১০ টকীয়া চাৱোন যোগান ধৰা হয় যদিও টয়লেট চপ, হেণ্ড ৱাচ, কেণ্ডেলৰ পেকেট, মেচৰ বাকচ, ম’হ খেদা কয়ল, ১৮ লিটাৰ পানী ভৰাব পৰা এটা বাকেট, এক লিটাৰ জোখৰ এটা মগ, এডাল নাল লগোৱা মজিয়া চাফা কৰা আহিলা, এডাল ঝাৰু যোগান ধৰা হোৱা নাছিল বুলিও একাংশ ৰোগীয়ে অভিযোগ তুলিছে।

অথচ সেই সামগ্ৰী সমূহ যোগানৰ নামত লাখ লাখ টকা খৰচ কৰা হৈছে বুলি জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্যত উল্লেখ কৰা হৈছে।

তাৰোপৰি, ফল্ডিং বেড, আঠুৱা,গাৰু বিছনা চাদৰ, মেট্ৰেচ, গাৰু ক’ভাৰ, আঠুৱা, বিছনা চাদৰ, চিলিং ফেন, জেনেৰেটৰ, চিনটেক্স, ষ্টেণ্ড ফেন, হাত থকা প্লাষ্টিকৰ চকী, হাত-মুখ ধূৱা বেচিন ভাড়াৰ নামতো ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ উঠিছে।

নগাঁও জিলাৰ ক’ভিড কেয়াৰ চেন্টাৰ সমূহত বিভিন্ন সামগ্ৰী যোগানৰ বাবে বিভাগীয় কৰ্তৃপক্ষই যোৱা ছেপ্তেম্বৰ মাহ পৰ্যন্ত মুঠ ৫৫ টা ঠিকাদাৰী প্ৰতিষ্ঠান আৰু ঠিকাদাৰক মুঠ ৬ কোটি ৮০ লাখ ৪৬ হেজাৰ ৫৩৮ টকা আদায় দিয়া হৈছে। ছেপ্তেম্বৰ মাহৰ ১৮ তাৰিখলৈকে আদায় দিবলৈ বাকী আছে ৪৪ লাখ ৩৮ হেজাৰ ৫৬৬ টকা।

নগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি জিলাখনত ছেপ্তেম্বৰ মাহ পৰ্যন্ত ১৬,৬৬২ গৰাকী লোকক ক’ভিড কেয়াৰ চেন্টাৰত ৰখা হৈছিল।

তদুপৰি, জিলাখনৰ বিভিন্ন স্থানত স্থাপন কৰা কডিড কেয়াৰ চেন্টাৰত কেবা সহস্ৰাধিক লোকক ৰখা হৈছিল। এই লোকসকলৰ উপৰিও  কভিড-১৯ পজিটিভ ৰোগীৰ চিকিৎসা আৰু এই ৰোগ প্ৰতিৰোধৰ বাবে বিভিন্ন কাম-কাজ ৰূপায়ণৰ ক্ষেত্ৰত সংঘটিত দুৰ্নীতি-অনিয়মৰ এক তদন্ত কৰিবলৈ সচেতন ৰাইজে দাবী জনাইছে।

Tags: COVID-19
মুৰুলী বৰুৱা

মুৰুলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd