অধিবেশন চলি থকাৰ মাজতে তীব্ৰ হুলস্থুল তথা বাক্ বিতণ্ডাৰ সৃষ্টি হয়। শুকুৰবাৰে ৰাজ্যসভাৰ অধিৱেশন চলি থকাৰ মাজতে দীৰ্ঘসময় ধৰি এই বিতৰ্ক অব্যাহত থাকে। ৰাজ্যসভাৰ সাংসদগৰাকীৰ আসনৰ পৰা টকা উদ্ধাৰৰ ঘটনাৰ পিছতে এই পৰিস্থিতিৰ সূত্ৰপাত ঘটে।
বাতৰি অনুসৰি, ৰাজ্যসভাৰ কংগ্ৰেছ সাংসদ অভিষেক মনু সিংভীৰ বাবে সংৰক্ষিত ২২২ নম্বৰৰ আসনৰ পৰা টকাৰ বাণ্ডিল উদ্ধাৰ হৈছে। উল্লেখযোগ্য যে কংগ্ৰেছ নেতা, অধিবক্তা অভিষেক মনু সিংভী তেলেংগানাৰ পৰা কংগ্ৰেছৰ সাংসদ নিৰ্বাচিত হৈ সংসদলৈ আহিছে।
সূত্ৰ অনুসৰি, বৃহস্পতিবাৰৰ পৰাই আৰম্ভ হৈছে মূল ঘটনাৰ সূত্ৰপাত। ৰাজ্যসভাৰ দিনটোৰ অধিৱেশন শেষ হোৱাৰ পিছত আন দিনৰ দৰে নিয়মীয়াকৈ পৰীক্ষা কৰা হয়। উচ্চ সদনত নিয়মীয়া তালাচীৰ সময়ত কংগ্ৰেছৰ সাংসদগৰাকীৰ নিৰ্দিষ্ট আসনৰ পৰা হঠাতে উদ্ধাৰ হয় টকাৰ বাণ্ডিল।
শুকুৰবাৰে ৰাজ্যসভাত এই কথা জনায় ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে। একে সময়তে তেওঁ অৱগত কৰে যে সমগ্ৰ ঘটনাৰ তদন্ত কৰা হ’ব আৰু ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে।
শুকুৰবাৰে ৰাজ্যসভাৰ অধ্যক্ষই ৰাজহুৱাভাৱে এই কথা কোৱাৰ পিছতে বিতৰ্কৰ সৃষ্টি হয়। এই সমগ্ৰ ঘটনাত অভিষেক নিজেই স্তম্ভিত হৈ পৰে। তেওঁ কয় যে কালি অৰ্থাৎ বৃহস্পতিবাৰে সংসদলৈ যোৱাৰ সময়ত তেওঁৰ লগত ৫০০ টকীয়া নোট আছিল। তেওঁ কেতিয়া সংসদ কক্ষত প্ৰৱেশ কৰে, কেতিয়া ওলাই যায়, কিমান সময় কেণ্টিনত আছিল, সমস্ত বিৱৰণ দাঙি ধৰি জনায় যে গোটেই ঘটনাটোত তেওঁ স্তম্ভিত আৰু বিস্মিত।
তেওঁ কয় যে ইমান বছৰত এনে ঘটনাৰ কথা কেতিয়াও শুনা নাই। উল্লেখযোগ্য যে সিংভীয়ে বৃহস্পতিবাৰে সংসদৰ উচ্চকক্ষত মুঠ ৩ মিনিট আৰু কেণ্টিনত ৩০ মিনিট সময় কটাইছিল বুলি জনায়।
ইতিমধ্যে এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্বচ্ছ তদন্তৰ দাবী জনাইছে কংগ্ৰেছৰ সাংসদসকলে। তদন্তত তেওঁৰ কোনো আপত্তি নাই বুলি স্পষ্ট কৰি দিছে মল্লিকাৰ্জুন খাৰ্গে, কিন্তু তদন্ত চলি থকাৰ সময়ত অধ্যক্ষই সাংসদগৰাকীৰ নাম উল্লেখ কৰা উচিত নাছিল বুলি তেওঁ ব্যক্ত কৰে।