• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰাজ্যত পুনৰ কা বিৰোধী সংগ্ৰাম কুচকাৱাজৰ সময়তে গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘোষণা দেশত শীঘ্ৰেই বলৱৎ হ’ব ‘কা’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 21, 2020 4:07 pm

2 min read

amit-shah11
227
VIEWS
Share on FacebookShare on Twitter

অসমত পুনৰ কা বিৰোধী আন্দোলনে উকমুকনি দি উঠাৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছে যে অতি শীঘ্ৰেই দেশত নাগৰিকত্ব (সংশোধনী) আইন বলৱৎ কৰা হ’ব।

এই ঘোষণাৰ পিছতে অসমৰ লগতে দেশতো কা বিৰোধী আন্দোলন পুনৰ প্ৰৱল হৈ উঠাৰ সম্ভাৱনাই দেখা দিছে।

উল্লেখ্য যে বিজেপিৰ দলীয় সভাত অংশগ্ৰহণৰ উদ্দেশ্যে দুদিনীয়া কাৰ্যসূচীৰে পশ্চিমবংগ ভ্ৰমণ কৰা গৃহমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে কোভিড১৯ৰ টিকাকৰণ হোৱাৰ পিছতে দেশত ‘কা’ বলৱৎ কৰা হ’ব।

পশ্চিমবংগৰ ব’লপুৰত সংবাদ মেল সম্বোধন কৰি অমিত শ্বাহে কয় “দেশত অব্যাহত থকা ক’ৰ’ণা মহামাৰীৰ বাবে ‘কা’ৰ নীতি তথা নিয়ম এতিয়াও প্ৰস্তুত কৰিব পৰা হোৱা নাই। যেতিয়াই কোভিড১৯ৰ টিকাকৰণ আৰম্ভ হ’ব তথা কোভিড১৯ৰ সংক্ৰমণ বন্ধ হ’ব তেতিয়াই ‘কা’ বলৱৎ কৰা হ’ব।”

ইফালে অসমত কা বিৰোধী সংগঠনসমূহে বিশেষকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিসহ ৭০ জাতি-জনগোষ্ঠীয় সংগঠনে ‘কা’ৰ বিৰুদ্ধে টঙালি বন্ধাৰ কথা সংবাদ মেল যোগে ঘোষণা কৰিছে।

দেওবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে চলিত সপ্তাহটো ‘কা’ বিৰোধী সপ্তাহ পালন কৰা হ’ব বুলিও সংবাদ মেল যোগে সদৰী কৰিছে।

আনহাতে বিগত সপ্তাহটোত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত উজনিৰ শিৱসাগৰত ‘কা’ৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী সমদল উলিওৱা হৈছিল।

সদৌ অসম ছাত্ৰ সন্থাও ‘কা’ বিৰোধী আন্দোলন পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ এই ঘোষণাৰ পিছত ৰাজ্যত ‘কা বিৰোধী আন্দোলনে কেনে ৰূপ লয় তাৰ ওপৰতে নিৰ্ভৰ কৰিব অসমত ‘কা’ কাৰ্যকৰীকৰণে কেনে ৰূপ ল’ব!

Recent News

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd