ডিফু কোষাগাৰৰ বিষয়াৰ ড্ৰয়াৰৰ পৰা জব্দ নগদ ৫৫৬১০০ টকা

treasury office money

অভিযানৰ সময়ত শৰ্মাৰ কাৰ্য্যালয়ৰ ড্ৰয়াৰৰ পৰা উদ্ধাৰ হোৱা টকাখিনি। ফাইল ফটো

ডিফু কোষাগাৰৰ বিষয়াৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগৰ তদন্ত চলাই বুধবাৰে আৰক্ষীয়ে কোষাধ্যক্ষ অমৰেন্দ্ৰ শৰ্মাৰ কাৰ্য্যালয়ৰ ড্ৰয়াৰৰ পৰা ৫৫৬১০০ টকা জব্দ কৰে। আৰক্ষীয়ে অসম চৰকাৰ কোষাগাৰৰ সঞ্চালক আৰু আইনক লোতক উপস্থিতিত অভিযান চলাই।

সোমবাৰে কাৰ্বি আংলঙৰ উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই ডিফু কোষাগাৰৰ বিষয়া আৰু ভালেকেইজন কৰ্মচাৰীৰ বিৰুদ্ধে চৰকাৰী কৰ্মচাৰী আৰু ঠিকাদাৰৰ বিৰুদ্ধে উৎকোচ লোৱাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰি ডিফু কোষাগাৰ চীল কৰি দিছিল।

উপায়ুক্তগৰাকীয়ে এজাহাৰৰ জৰিয়তে প্ৰশাসনক কোষাগাৰ বিষয়া শৰ্মাৰ লগতে আন সাতজন কৰ্মচাৰী ক্ৰমে হেমাঞ্জলী সন্দকৈ, উজ্জ্বল কুমাৰ তান্তি, মঙল ৰাম দেওঁ, অভিষেক দাস, ল’নিমা ৰংচেনপি, উৎপল গোস্বামী আৰু বিমল বসুমতাৰীক সীঘ্ৰ গ্ৰেপ্তাৰ কৰাৰ বাবে কৈছিল।

বুধবাৰে অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱা, অতিৰিক্ত উপায়ুক্ত নৰচিং বে আৰু কোষাগাৰ সঞ্চালকৰ ৰমেন চক্ৰৱৰ্তী, শৰৎ টেৰণে ধৰি এটা দলে ৰাতিপুৱাৰে পৰা কাৰ্য্যালয়টোত অভিযান চলাই আৰু কোষাগাৰ বিষয়া শৰ্মাৰ ড্ৰয়াৰৰ পৰা ৫৫৬১০০ টকা উদ্ধাৰ কৰে।

অভিযানৰ অন্তত নৰসিং বে সংবাদ মাধ্যমক সম্বোধন কৰি উপায়ুক্ত মুকুল কুমাৰ শইকীয়াৰ এজাহাৰৰ ভিত্তিত গুৱাহাটীৰ পৰা অহা কোষাগাৰ সঞ্চালকৰ সহযোগত আৰক্ষীয়ে অভিযান চলাই ধনখিনি উদ্ধাৰ কৰে বুলি জানিবলৈ দিয়ে।

তদুপৰি বেই কোষাগাৰ সঞ্চালক বিভাগক ডিফু কোষাগাৰৰ সকলো ধৰণৰ নথি-পত্ৰ পুনৰ পৰীক্ষা কৰাৰ বাবে নিৰ্দেশ দিয়ে।আৰক্ষীয়ে কোষাগাৰ বিষয়া শৰ্মাক এতিয়ালৈ কৰায়ত্ত কৰিব পৰা হোৱা নাই বুলি উল্লেখ কৰি শৰ্মাৰ গুৱাহাটীত থকা বাস ভৱনতো আৰক্ষীয়ে তালাচী চলাইছে বুলি কয়।