NORTHEAST NOW (Assamese)

ইউক্ৰেইনৰ বিৰুদ্ধে ৰাসায়নিক আৰু জৈৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে ৰাছিয়াই,হোৱাইট হাউছৰ সতৰ্কবাণী

March 10, 2022 10:25 am · এন ই নাও নিউজ,গুৱাহাটী
Updated: March 10, 2022 10:40 am

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত ৰাছিয়াই যিকোনো মুহূৰ্তত জৈৱিক আৰু ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰেষ মাৰ্কিন ৰাষ্ট্ৰপতি জো বিডেনে এই সতৰ্কবাণী শুনাইছে।

বিদেনে কয় যে ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে ৰাসায়নিক বা জৈৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে।

ইউক্ৰেইনত অবৈধ ৰাসায়নিক অস্ত্ৰ মজুত কৰা হৈছে বুলি ৰাছিয়াই দাবী কৰাৰ পিছত আমেৰিকাই ৰাছিয়াৰ বিৰুদ্ধে এনেদৰে মন্তব্য কৰিছে।

হোৱাইট হাউছৰ এক সূত্ৰই এইবুলি যে এতিয়া ৰাছিয়াই ইউক্ৰেইনত অবৈধ পাৰমাণৱিক অস্ত্ৰ থকা বুলি মিছা প্ৰচাৰ চলাইছে ।চীনে এই প্ৰচাৰক সমৰ্থন কৰিছে।

পেন্টাগনৰ প্ৰেছ সচিব জন কাৰ্বিয়ে বুধবাৰে ৰাছিয়াৰ দাবীক ভুৱা দাবী আখ্যা দিছিল।

ৰাছিয়াই আগতে এলেক্সি নাভালনি আৰু প্ৰাক্তন গুপ্তচৰ ছেৰ্গেই স্ক্ৰিপালৰ দৰে লোকক হত্যা কৰিবলৈ ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰিছিল বুলিও আমেৰিকাই অভিযোগ কৰিছে।

Related News