DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিক্ষা মন্ত্রীৰ বক্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ

নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি চাকৰি নিয়মীয়াকৰণৰ দাবী, অন্যথা পৰিয়ালবৰ্গৰ সৈতে মন্ত্রী, বিধায়ক আৰু সাংসদৰ ঘৰত আশ্রয় গ্রহণ 

এন ই নাও নিউজ by এন ই নাও নিউজ
August 30, 2020 7:47 pm
HBS press meet
474
VIEWS
Share on FacebookShare on Twitter

অসমৰ প্ৰায় বাৰ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে চাকৰি নিয়মীয়াকৰণৰ আশা বৰ্তমানেও বুকুত পুহি ৰাখিছে যদিও শিক্ষা তথা বিত্ত মন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ এটা বক্তব্যই শিক্ষক সমাজ পুনৰ আশাহত কৰা দেখা গৈছে।

সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাই এক বিবৃতিযোগে এই মন্তব্য কৰিছে।

উল্লেখ্য যে দুটা দিনৰ পূর্বে টেট শিক্ষক নিযুক্তি দিয়াৰ পাছত অনুষ্ঠিত এক সংবাদ মেলত শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ১৯৯৩ চনৰ পৰা ২০১১ চনলৈকে শিক্ষক নিযুক্তিৰ ক্ষেত্রত এক ব্যাপক অনিয়ম হৈছিল বুলি ব্যক্ত কৰিছে।

কোনোধৰণৰ সাক্ষাৎকাৰ নোহোৱাকৈ ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে বিশেষকৈ শিৱসাগৰ আৰু লখিমপুৰ জিলাত মেট্রিক উত্তীর্ণ যিকোনো ব্যক্তিয়ে অতি সহজে শিক্ষকৰ নিযুক্তি লাভ কৰিছিল আৰু এই নিযুক্তি প্ৰক্ৰিয়াত সেই সময়ৰ শিক্ষা বিষয়াৰ লগতে ৰাজনৈতিক ব্যক্তি জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে।

এই সন্দৰ্ভত সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত নেওগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্রী গৰাকীৰ বক্তব্য সম্পূর্ণ শুদ্ধ আৰু সত্য নহয় বুলি জানিবলৈ দিছে। কাৰণ  সেই সময়ত শিক্ষক নিযুক্তিৰ বাবে প্ৰাথমিক শিক্ষা বিভাগে সংবাদ মাধ্যমৰ জৰিয়তে বিজ্ঞাপন প্ৰকাশ কৰিছিল আৰু ইয়াৰ উপযুক্ত তথ্য সন্থাৰ ওচৰত মজুত আছে বুলি স্পষ্টকৈ জনাইছে।

তেওঁ লগতে কয় তাৰোপৰি সেই বিজ্ঞাপনৰ ভিত্তিত আয়োজন কৰা সাক্ষাৎকাৰত অৱতীর্ণ হৈ নিযুক্তি লাভ কৰাৰ লগতে পৰৱৰ্তী সময়ত শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি বুনিয়াদী প্ৰশিক্ষণো গ্ৰহণ কৰিছে ৰাজ্যৰ একাংশ শিক্ষকে।

তাৰোপৰি জি.পি. এফ., চাৰ্ভিচ বুক, টাইম স্কেলসহ সম্পূর্ণ সুবিধা লাভ ২০১২ চনলৈকে দৰমহা লাভ কৰিছিল এইসকল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে। উল্লেখ্য যে বিগত কংগ্রেছ চৰকাৰ দিনত অথবা বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত আয়োজন কৰা তদন্তত এই সকলো নথি দাখিল কৰা হৈছে বুলি ব্যক্ত কৰিছে।

শিক্ষা বিভাগৰ চৰম অন্যায় আৰু অৱহেলাৰ বাবে একেধৰণে নিযুক্তি লাভ কৰা একাংশ শিক্ষকে বৰ্তমানেও নিয়মীয়াকৈ বেতন লাভ কৰাৰ বিপৰীতে এইসকল শিক্ষক আজি সম্পূর্ণ উপেক্ষিত আৰু অৱহেলিত বুলি তীব্র অসন্তুষ্টি প্ৰকাশ কৰিছে শিক্ষক সন্থাৰ শিৱসাগৰ জিলা সভাপতি কুশল বুঢ়াগোহাঁয়ে।

উল্লেখ্য যে বিগত কংগ্রেছ চৰকাৰৰ দিনতো আৰু বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনতো অধিকাংশ সময় শিক্ষামন্ত্রীৰ দায়িত্বত থকা ড° হিমন্ত বিশ্ব শৰ্মাদেৱে শিক্ষা জগতৰ অতীত কাহিনী ৰোমন্থন কৰা বিষয়টো অতি তাৎপর্যপূর্ণ, বিবৃতিত প্ৰকাশ।

তেওঁলোকে কয় মন্ত্রী গৰাকীয়ে কোৱাৰ দৰে সেই সময়ত যদি অনিয়মৰ মাজেদি শিক্ষক নিযুক্তি হৈছিল তেন্তে সেই সময়ৰ একাংশ শিক্ষকক বৰ্তমানেও কেনেধৰণে দৰমহা প্ৰদান কৰি আছে।

বিগত বিধানসভা নির্বাচনৰ পূর্বে বছৰ বছৰ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ থকা শিক্ষক সকলৰ চাকৰি বিজেপি দল শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ দুটা মাহৰ ভিতৰতে নিয়মীয়াকৰণ কৰিম বুলি নিৰ্বাচনী সভাত ৰাজহুৱাকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰি এতিয়া মন্ত্রী হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াই এনেধৰণৰ কথা কোৱাৰ কোনো প্ৰাসংগিকতা নাই বুলি শিক্ষক সন্থাৰ কেন্দ্ৰীয় সভানেত্রী হেমাঞ্জলী ভুঞা দত্তই স্পষ্ট মতামত প্ৰকাশ কৰে।

প্ৰকৃততে যদি সঁচাই সেই সময়ত অনিয়মৰ মাজেদি শিক্ষক নিযুক্তি দিয়া হৈছিল তেন্তে সেই সময়ত কাৰ চৰকাৰ আছিল, কোন শিক্ষামন্ত্রী আৰু কোন কোন শিক্ষা বিষয়াৰ কাৰ্যকালত হৈছিল ইয়াৰো নিৰপেক্ষ বিচাৰ হ’ব লাগিব আৰু দৃষ্টান্তমূলক শাস্তি প্রদান কৰিব লাগিব, বিবৃতিত প্ৰকাশ।

“তাৰোপৰি সেই সময়ত নিযুক্তি পোৱা সকলো শিক্ষকৰে চাকৰিৰ বৈধতা বিচাৰ কৰিব লাগিব। একেটা নিয়মৰ মাজেদি নিযুক্তি লাভ কৰা একাংশ শিক্ষকক দৰমহা প্ৰদান কৰিব আনহাতে আন একাংশ শিক্ষকক বছৰ বছৰ ধৰি দৰমহাৰ পৰা বঞ্চিত কৰি ৰখাটো চৰম অন্যায় আৰু অপৰাধ। গতিকে অসম চৰকাৰে নির্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ লগতে শিক্ষক সকলৰ দুখ দুৰ্দশা বিষয়ে অনুধাৱন কৰি অতি সোনকালে বৈধতা থকা অসমৰ সকলো শিক্ষকৰে চাকৰি নিয়মীয়াকৰণ কৰি মানুহ হিচাবে জীয়াই থকাৰ অধিকাৰ প্রদান কৰক,” আহ্বান শিক্ষক সন্থাৰ সম্পাদক বসন্ত নেওগৰ।

শিক্ষকতাৰ লগতে জীৱন আৰু জীৱিকাৰ একমাত্র পথটি সুগম নহ’লে শিক্ষক সকলে পৰিয়াল বৰ্গৰ সৈতে শাসকীয় দলৰ মন্ত্রী, সাংসদ আৰু বিধায়কৰ ঘৰত আশ্রয় গ্রহণ কৰিব বুলি তেওঁ স্পষ্ট কৰে।

ৰাজ্যৰ বেতন বঞ্চিত শিক্ষকসকলৰ সমস্যা সমাধানৰ অগ্রগতি সন্দৰ্ভত আজি শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত নেওগে প্ৰাথমিক শিক্ষা আয়ুক্তৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰিছিল বুলি জানিবলৈ দিছে।

উক্ত বাৰ্তালাপত বিত্ত বিভাগত থকা ফাইলটো বৰ্তমানেও শিক্ষা বিভাগলৈ অহা নাই বুলি জানিবলৈ দিয়ে।

শিক্ষক সকলৰ ফাইলটোৰ সন্দৰ্ভত বিভিন্ন সময়ত একাংশ শিক্ষকে অপপ্ৰচাৰ আৰু বিভ্রান্তি সৃষ্টি কৰি অহা পৰিলক্ষিত হৈছে এনে অপপ্ৰচাৰত ভোল নাযাবৰ বাবে সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাই শিক্ষক সকলক আহ্বান জনাইছে।

Recent News

Siddique Kappan

ন্যায়ালয়ৰ আদেশকো অমান্য! জামিন লাভৰ এমাহ পাছতো কাৰাৰুদ্ধ ছিদ্দিক কাপ্পান

Cancer

কেন্সাৰৰ বিষয়ে জানো আহক

Shanti Bhushan Died

প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী, বিশিষ্ট আইনবিদ শান্তি ভূষণৰ মৃত্যু

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd