শচীন পাইলটৰ অনশন ‘দল বিৰোধী কাৰ্যকলাপ’! গেহলটৰ কাষত থিয় দি কঠোৰ বাৰ্তা কংগ্ৰেছ নেতৃত্বৰ

বিধানসভা নির্বাচনৰ পূর্বে ৰাজস্থানত গেহলট-পাইলট সংঘাত তুংগত উপনীত হৈছে৷ কংগ্ৰেছ নেতা শচীন পাইলটে নিজৰ দলৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। বসুন্ধৰা ৰাজে চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত ১১ এপ্ৰিল অৰ্থাৎ মঙলবাৰৰ পৰা অনশন কাৰ্যসূচীও গ্ৰহণ কৰিছে।

ইপিনে, সোমবাৰে নিশা হাইকমাণ্ডে এক বিবৃতি জাৰি কৰি পাইলটক সকীয়াই দিয়ে। ৰাজস্থান প্ৰদেশ কংগ্ৰেছৰ সভাপতি সুখজিন্দৰ সিং ৰানধাৱাই প্ৰকাশ কৰা বিবৃতিত পাইলটৰ এই কাৰ্যসূচীক দল বিৰোধী কাৰ্যকলাপ হিচাপে গণ্য কৰা হ’ব বুলি উল্লেখ কৰে।

লগতে পঢ়ক: হিজাব পিন্ধি ৰাস্তাত! অহো, এইবাৰ ৰেষ্টুৰেণ্টতো মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰিলে তালিবানে

দেওবাৰে এখন সংবাদমেলত কংগ্ৰেছ নেতা শচীন পাইলটে এদিনীয়া অনশনৰ কথা ঘোষণা কৰিছিল। বৰ্তমানৰ কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে ১১ এপ্ৰিলত অনশন কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি কৈছিল। কিন্তু এই কিয় অনশন?

শচীনে কয় যে পূৰ্বৰ বিজেপিৰ বসুন্ধৰা ৰাজে চৰকাৰৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগৰ তদন্তৰ বাবে অশোক গেহলটৰ ওচৰত আবেদন জনাইছিল যদিও তেওঁ কোনো উত্তৰ নাপালে। শচীনে কয়, ‘বসুন্ধৰা ৰাজেৰ দিনত আমি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ দাখিল কৰিছিলো। …আমি প্ৰতিশোধৰ ৰাজনীতিত বিশ্বাস নকৰো। কিন্তু বিৰোধী দল হিচাপে আমাৰ বিশ্বাসযোগ্যতা আছিল। সেইবাবেই আমি ক্ষমতালৈ আহিলোঁ।”

লগতে পঢ়ক: অৱমাননাকৰ টুইট! অৱশেষত দিল্লী উচ্চ ন্যায়ালয়ত ক্ষমা খুজিলে পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে

প্ৰায় ডেৰ বছৰ পূৰ্বে গেহলটলৈ চিঠি লিখা বুলিও কংগ্ৰেছ নেতাজনে কয়। অৱশ্যে কোনো উত্তৰ নাপালে। এই কাৰণেই অনশনৰ সিদ্ধান্ত লোৱা হ’ল।

ইয়াৰ পিছতে সক্ৰিয় হৈ পৰিল হাইকমাণ্ড। ৰাজস্থান প্ৰদেশ কংগ্ৰেছৰ সভাপতি সুখজিন্দৰ সিং ৰানধাৱাই সোমবাৰে কয় যে পাইলটে সঠিক সময়ত গেহলট বিৰোধী সংবাদমেল অনুষ্ঠিত কৰা নাই। লগতে কয়, “অহা সোমবাৰ বা মঙলবাৰে জয়পুৰলৈ যাম। গেহলট আৰু পাইলটৰ লগত কথা পাতিম।”

তদুপৰি, ৰানধাৱাই কয় যে ৰাজ্যিক সভাপতি হোৱাৰ পাছত পাইলটৰ সৈতে ১০-১৫ বাৰ সাক্ষাৎ কৰিছো। তেওঁ কেতিয়াও এই বিষয়টো উত্থাপন কৰা নাছিল। কিয়? কংগ্ৰেছ নেতাজনক প্ৰশ্ন কৰা হ’ব।”

লগতে পঢ়ক: IPL 2023:চিন্নাস্বামীত শ্বাসৰুদ্ধকৰ যুঁজত বাংগালুৰু বধ লক্ষ্ণৌৰ; নায়ক নিকোলাছ, ষ্ট’ইনিছ

ৰাজস্থান প্ৰদেশ কংগ্ৰেছৰ সভাপতি সুখজিন্দৰ সিং ৰানধাৱাই প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে, মঙলবাৰে শচীন পাইলটৰ দিনজোৰা অনশন  দল বিৰোধী কাৰ্যকলাপ। যদি তেওঁৰ নিজৰ চৰকাৰৰ বিৰুদ্ধে কিবা ক’ব লগা আছিল তেন্তে সংবাদ মাধ্যম আৰু ৰাজহুৱা কৰাৰ পৰিৱৰ্তে দলীয় মঞ্চত আলোচনা কৰা উচিত আছিল।”

ৰানধাৱাই বিবৃতিটোত লগতে কয়, ‘যোৱা পাঁচ মাহ ধৰি মই এআইচিচিৰ দায়িত্বত আছো। পাইলটে মোৰ লগত কেতিয়াও নিজৰ দাবীৰ বিষয়ে আলোচনা কৰা নাছিল। তেওঁৰ লগত মোৰ যোগাযোগ আছে। আলোচনাৰ বাবে আবেদন জনাইছো, কিয়নো তেওঁ কংগ্ৰেছ দলৰ বাবে এক ডাঙৰ সম্পদ।”