NORTHEAST NOW (Assamese)

সুৰক্ষিত আৰু স্বাস্থ্যকৰ! কাৰাগাৰৰ পৰা সাময়িক মুক্তি নালাগে ২১জনকৈ কয়দীৰ, ক’ত?

May 30, 2021 8:03 pm · এন ই নাও নিউজ
(প্ৰতিনিধিত্বমূলক ফটো)

কাৰাগাৰৰ বন্ধ কুঠৰিৰ পৰা মুক্ত হ’বলৈ যিকোনো কয়দীয়েই আপ্ৰাণ চেষ্টা কৰে।

আইনী ব্যৱস্থাৰ উপৰিও কাৰাগাৰৰ পৰা পলোৱাৰো নজিৰ অনেক।

কিন্তু উত্তৰ প্ৰদেশৰ ৯খনকৈ কাৰাগাৰত থকা ২১জন কাৰাবন্দী কয়দীয়ে কাৰাগাৰৰ পৰা উলাব বিচৰা নাই।

কাৰাগাৰসমূহৰ কৰ্তৃপক্ষলৈ তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিছে তেওঁলোকক মুক্তি নালাগে।

বৰঞ্চ কাৰাগাৰতে থাকিব।

ইয়াৰ কাৰণটো হৈছে ক’ভিড মহামাৰীৰ সময়ছোৱাত কাৰাগাৰেই তেওঁলোকৰ বাবে ‘সুৰক্ষিত আৰু স্বাস্থ্যকৰ’ বুলি কয়দীকেইজনে অনুভৱ কৰিছে।

প্ৰশাসনৰ তৰফৰ পৰা দেওবাৰে কোৱা হৈছে যে ৰাজ্যখনৰ গাজিয়াবাদ, গৌতম বুদ্ধ নগৰ, মীৰা, মাহাৰগঞ্জ, গোৰখপুৰ আৰু লক্ষ্নৌকে ধৰি ৯খন কাৰাগাৰৰ পৰা কয়দীকেইজনে পত্ৰসমূহ প্ৰেৰণ কৰিছে।

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ ক’ভিড নিৰ্দেশনামতে, কয়দীকেইজনক চৰ্তসাপেক্ষে ৩মাহৰ সাময়িক মুক্তি প্ৰদান কৰাৰ কথা আছিল।

পত্ৰখনত তেওঁলোকে উল্লেখ কৰিছে যে যদিহে তেওঁলোক মুক্ত হয়, তেন্তে কাৰাগাৰত লাভ কৰি অহাৰ খাদ্য আৰু চিকিৎসাৰ সুবিধা লাভ নকৰিব।

যাৰ বাবে তেওঁলোকে কাৰাগাৰতকৈও কষ্টত দিন কটাব লাগিব।

কাৰাগাৰসমূহৰ কৰ্তৃপক্ষই তেওঁলোকৰ অনুৰোধটো গ্ৰহণ কৰিছে।

Related News