কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ মুকলি কৰা ‘সহযোগ’ (Sahyog) প’ৰ্টেলৰ জৰিয়তে অনলাইন কনটেণ্ট আঁতৰোৱাৰ বাবে জাৰি কৰা নিৰ্দেশনাসমূহ সম্পূৰ্ণ একতৰফীয়া হোৱাৰ লগতে ইয়াত স্বচ্ছতাৰ অভাৱো পৰিলক্ষিত হৈছে। ‘দ্য ৱায়াৰ‘ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, সংবাদ প্ৰতিষ্ঠানটোৰ হাতত পৰা এখন ব্যৱহাৰিক নিৰ্দেশিকাৰ (User Manual) পৰা পোহৰলৈ আহিছে যে চৰকাৰী সংস্থা আৰু ছচিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ মাজত এই নিৰ্দেশনাসমূহ গোপনীয়ভাৱে আদান-প্ৰদান কৰা হয়। আটাইতকৈ চিন্তনীয় বিষয়টো হ’ল, এই সমগ্ৰ প্ৰক্ৰিয়াটোত সাংবাদিক বা কনটেণ্ট ক্ৰিয়েটৰসকলক ‘অংশীদাৰ’ (stakeholder) হিচাপে গণ্য কৰা হোৱা নাই। আনকি, যিকোনো কনটেণ্ট আঁতৰোৱাৰ পূৰ্বে কোনো ধৰণৰ স্বতন্ত্ৰ পৰ্যালোচনাৰ (independent review) ব্যৱস্থাও ইয়াত ৰখা হোৱা নাই।
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় চাইবাৰ ক্ৰাইম ক‘ৰ্ডিনেচন চেণ্টাৰে (I4C) ২০২৪ চনৰ অক্টোবৰ মাহত ‘সহযোগ’ প’ৰ্টেলটো মুকলি কৰিছিল। তথ্য প্ৰযুক্তি আইন, ২০০০ৰ ধাৰা ৭৯(৩)(খ) আৰু মধ্যস্থতাকাৰী নিৰ্দেশাৱলী, ২০২১ৰ নিয়ম ৩(১)(ঘ)ৰ অধীনত মধ্যস্থতাকাৰী সংস্থাসমূহলৈ (intermediaries) কনটেণ্ট আঁতৰোৱাৰ জাননী প্ৰেৰণ কৰা প্ৰক্ৰিয়াটো স্বয়ংক্ৰিয় কৰাই আছিল ইয়াৰ মুখ্য উদ্দেশ্য। অৱশ্যে, তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৬৯(ক) অতিক্ৰম কৰি এই প’ৰ্টেলৰ জৰিয়তে কনটেণ্ট আঁতৰোৱাৰ নিৰ্দেশ দিয়াটোৱে চৰকাৰী চেঞ্চৰশ্বিপৰ পথ প্ৰশস্ত কৰা বুলি ইতিমধ্যে বিভিন্ন মহলত সমালোচনা হৈছে। আনহাতে, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে (MeitY) শেহতীয়াকৈ এক সংশোধনীৰ জৰিয়তে কনটেণ্ট আঁতৰোৱাৰ সময়সীমা ২৪-৩৬ ঘণ্টাৰ পৰা মাত্ৰ ৩ ঘণ্টালৈ হ্ৰাস কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ‘এআই ইণ্ডিয়া ছামিট’ৰ (AI India Summit) অন্ত পৰাৰ পাছদিনা, অৰ্থাৎ যোৱা ২০ ফেব্ৰুৱাৰীৰ পৰা এই নিয়ম কাৰ্যকৰী কৰা হৈছে।
পোহৰলৈ অহা ব্যৱহাৰিক নিৰ্দেশিকাখন অনুসৰি, ‘সহযোগ’ প’ৰ্টেলৰ অংশীদাৰ হিচাপে কেৱল গৃহ মন্ত্ৰালয়, I4C, MeitY, টেলিকম বিভাগ (DoT), কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অনুমোদিত সংস্থাসমূহ আৰু মধ্যস্থতাকাৰী সংস্থাসমূহকহে অন্তৰ্ভুক্ত কৰা হৈছে। যাৰ কনটেণ্ট আঁতৰোৱা হ’ব, সেই মূল পক্ষটোক ইয়াত স্থান দিয়া হোৱা নাই। প’ৰ্টেলটোৰ কাৰ্যপ্ৰণালী অনুসৰি, কেন্দ্ৰ বা ৰাজ্যৰ অনুমোদিত সংস্থাসমূহে বেআইনী বা ক্ষতিকাৰক কনটেণ্ট আঁতৰোৱাৰ বাবে অনুৰোধ জনাব পাৰিব আৰু সেই অনুৰোধ পোনে পোনে ছচিয়েল মিডিয়া প্লেটফৰ্ম বা ইণ্টাৰনেট সেৱা প্ৰদানকাৰী (ISP) সংস্থাসমূহলৈ প্ৰেৰণ কৰা হ’ব। যদিও মধ্যস্থতাকাৰী সংস্থাসমূহে অতিৰিক্ত তথ্য বিচৰা বা নিৰ্দেশনা মানি চলিবলৈ অসমৰ্থ হোৱাৰ কাৰণ দৰ্শাব পাৰে, তথাপিও চূড়ান্ত সিদ্ধান্ত অনুমোদিত বিষয়াগৰাকীৰ হাততেই থাকিব। যদি বিষয়াই তেওঁলোকৰ যুক্তি নাকচ কৰে আৰু সংস্থাই নিৰ্দেশনা পালন কৰিবলৈ অমান্তি হয়, তেন্তে তথ্য প্ৰযুক্তি নিয়ম, ২০২১ৰ ৭ নং নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে।
এই প‘ৰ্টেলৰ জৰিয়তে তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৭৯(৩)(খ)ৰ অধীনত বহল পৰিসৰৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা চৰকাৰক প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত শিশু নিৰ্যাতন, ভুৱা বাতৰি, হাৰাশাস্তি, চাইবাৰ বুলিং, কপিৰাইট উলংঘন আদিৰ দৰে গুৰুতৰ অপৰাধৰ লগতে ‘বেআইনী কাৰ্যকলাপ সংঘটিত কৰিবলৈ ব্যৱহাৰ কৰা যিকোনো তথ্য বা যোগাযোগৰ লিংক’ আঁতৰোৱাৰো ব্যৱস্থা আছে। কিন্তু এই সমগ্ৰ প্ৰক্ৰিয়াটোত কোনো স্বতন্ত্ৰ পৰ্যালোচনাৰ ব্যৱস্থা নথকাটোৱে সংবাদ প্ৰসাৰ আৰু মত প্ৰকাশৰ স্বাধীনতাৰ ক্ষেত্ৰত গুৰুতৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে।
ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি, বিগত এবছৰত এই প’ৰ্টেলৰ জৰিয়তে হোৱাটছএপ, ফেচবুক, ইউটিউবকে ধৰি ১৯টা প্লেটফৰ্মলৈ ২৩০০ৰো অধিক কনটেণ্ট আঁতৰোৱাৰ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে। ‘এক্স’ (X corp) নামৰ প্লেটফৰ্মটোৱে ইয়াৰ বিৰুদ্ধে আইনী যুঁজত অৱতীৰ্ণ হৈছিল যদিও কৰ্ণাটক উচ্চ ন্যায়ালয়ে ‘সহযোগ’ক জনকল্যাণমূলক সঁজুলি হিচাপে অভিহিত কৰি তেওঁলোকৰ আৱেদন খাৰিজ কৰে। ‘ডিজিপাব’ (Digipub) আৰু ‘ইণ্টাৰনেট ফ্ৰীডম ফাউণ্ডেশ্যনে’ও (IFF) এই ব্যৱস্থাই তথ্য জনাৰ অধিকাৰ আৰু মত প্ৰকাশৰ স্বাধীনতা খৰ্ব কৰিব পাৰে বুলি গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।





