অৱসৰ ল’লে ছাইনা নেহৱালে। তেওঁ ভাৰতৰ বাবে বেডমিণ্টনত প্ৰথমটো অলিম্পিক পদক কঢ়িয়াই আনিছিল।
অৱশ্যে যোৱা দুবছৰ ধৰি তেওঁ বাৰে বাৰে আঘাতৰ সন্মুখীন হৈ আহিছে। অৱশেষত তেওঁ বুজি পালে যে তেওঁ আৰু নোৱাৰে। সেয়ে, ছাইনাই প্ৰতিযোগিতামূলক বেডমিণ্টনৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিলে। ২০২৩ চনৰ ছিংগাপুৰ অ’পেনত শেষবাৰৰ বাবে ক’ৰ্টত দেখা গৈছিল ছাইনাক।
বিশ্বৰ এক নম্বৰ বেডমিণ্টন খেলুৱৈগৰাকীয়ে এটা প’ডকাষ্টত অৱসৰৰ কথা ঘোষণা কৰে। ছাইনাই কয়, “যোৱা দুবছৰ ধৰি মই বেডমিণ্টন এৰি দিছো। আচলতে মই এই খেলখন নিজৰ ইচ্ছামতে আৰম্ভ কৰিছিলো, নিজৰ ইচ্ছামতে এৰি দিম। তাৰ বাবে পৃথক অৱসৰ ঘোষণা কৰাৰ প্ৰয়োজন নাই। যদি মই উপলব্ধি কৰো যে মই আৰু খেলিব নোৱাৰো, তেন্তে সেয়াই হ’ব। ইয়াতেই শেষ হ’ব লাগে। সেইটোৱেই আটাইতকৈ ভাল।”
ছাইনাই প’ডকাষ্টটোত কয় যে মূলতঃ আঘাতৰ বাবেই তেওঁ নিজৰ কেৰিয়াৰ শেষ কৰিবলৈ বাধ্য হৈছিল। চিকিৎসাৰ সবিশেষ দাঙি ধৰি তেওঁ কয়, “মোৰ কাৰ্টিলেজ সম্পূৰ্ণৰূপে বেয়া হৈ গৈছে। আৰ্থাৰাইটিছ আছে। মই মোৰ পিতৃ-মাতৃ আৰু প্ৰশিক্ষক সকলোকে জনাই দিছো। মই কৈছো, মই হয়তো আৰু খেলিব নোৱাৰিম। সকলো বৰ কঠিন হৈ পৰিছে। কিন্তু মই হঠাতে অৱসৰৰ কথা ঘোষণা কৰিব বিচৰা নাছিলো। মই মাত্ৰ বুজিলোঁ যে মোৰ আঁঠু দুটাই মোক আগৰ দৰে সমৰ্থন কৰা নাই। বিশ্বৰ শ্ৰেষ্ঠ হ’বলৈ হ’লে অন্ততঃ আঠৰ পৰা ন ঘণ্টা অনুশীলন কৰিব লাগিব। সেইক্ষেত্ৰত মই দুঘণ্টাতে ৰৈ গৈছিলোঁ।”
২০০৫ চনত মাত্ৰ ১৫ বছৰ বয়সতে ছাইনাৰ কেৰিয়াৰ আৰম্ভ হৈছিল। বহুদিন ধৰি ভাৰতীয় বেডমিণ্টনৰ ৰাণীৰ খিতাপ তেওঁৰ শিৰত আছিল। ২০১০ চনত কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰিছিল ছাইনাই। দুবছৰৰ পিছত ২০১২ চনৰ অলিম্পিকত বেডমিণ্টনত ব্ৰঞ্জৰ পদক লাভ কৰে। বেডমিণ্টনত অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়।
ইয়াৰ উপৰিও ছাইনাই বিশ্ব চেম্পিয়নশ্বিপত ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ২০১৮ চনৰ কমনৱেলথ গেমছত সোণৰ পদক আৰু এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। জুনিয়ৰ পৰ্যায়ত বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছিল ছাইনাই।
অৱশ্যে ২০১৬ চনৰ ৰিঅ’ অলিম্পিকৰ পিছৰে পৰা আঁঠুৰ আঘাতৰ বাবে জুৰুলা হৈ পৰিছিল ছাইনা। লাহে লাহে তেওঁৰ ফৰ্ম হেৰাই গৈছিল। এতিয়া ছাইনাই ঘোষণা কৰিলে যে তেওঁ বেডমিণ্টন ক’ৰ্টক চিৰবিদায় দিছে।




