অহা ২৮ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া দ্বিপাক্ষিক টি-২০ আৰু এদিনীয়া শৃংখলাৰ বাবে ভাৰত ভ্ৰমণ কৰিব দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলে। টি-২০ শৃংখলাটোৰ দ্বিতীয়খন মেচৰ আয়োজনৰ সুবিধা লাভ কৰিছে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামে।
অহা ২ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া এই মেচখনৰ বাবে সাজু হৈ উঠিছে অসম ক্ৰিকেট সংস্থা। এই মেচখন উপভোগৰ বাবে উৎকণ্ঠিত ক্ৰিকেট প্ৰেমীসকলৰ উদ্দেশ্যে আজি টিকটৰ সবিশেষ ঘোষণা কৰিছে অসম ক্ৰিকেট সংস্থাই।
অসম ক্ৰিকেট সংস্থাই এক বিবৃতি যোগে আজি এই টিকট মূল্যৰ বিষয়ে ঘোষণা কৰাৰ লগতে কাইলৈৰ পৰা বুকমাইশ্ব’ (BookMyShow) ৱেবছাইট আৰু এপৰ জৰিয়তে অনলাইন টিকট বুকিং আৰম্ভ হ’ব বুলি সদৰী কৰিছে।
মেচখন উপভোগ কৰিব বিচৰা দৰ্শকসকলৰ বাবে টিকটৰ নিম্নতম মূল্য হৈছে ৪৭৫ টকা। অৱশ্যে এই টিকট কেৱল শিক্ষাৰ্থী সকলৰ বাবে উপলব্ধ হ’ব। সেইদৰে আন দৰ্শকসকলে ১৫০০, ২০০০, ৩০০০, ৩৫০০, ৪০০০ আৰু ৬০০০ টকা মূল্যত টিকট ক্ৰয় কৰিব লাগিব।
অসম ক্ৰিকেট সংস্থাৰ সচিব দেবজিৎ শইকীয়াই আজি সাংবাদিকৰ আগত উল্লেখ কৰা মতে দৰ্শকসকলৰ বাবে বুকমাই শ্ব’ত দুটা পৰ্যায়ত টিকট বিক্ৰী কৰা হ’ব। প্ৰথম পৰ্যায়ত ১৬ ছেপ্টেম্বৰত পুৱা ১১ বজাৰ পৰা ১৫,০০০ টিকট বিক্ৰীৰ বাবে মুকলি কৰা হ’ব।
আনহাতে দ্বিতীয় পৰ্যায়ত ২৬ ছেপ্টেম্বৰত মুঠ ৫,০০০ টিকট মুকলি কৰা হ’ব বুলি তেওঁ লগতে সাংবাদিকৰ আগত উল্লেখ কৰে।
অসম ক্ৰিকেট সংস্থাই লগতে উল্লেখ কৰা মতে টিকটৰ হাৰ্ডকপি ২৫ ছেপ্টেম্বৰৰ পৰা নেহৰু ষ্টেডিয়ামত উপলব্ধ হ’ব।